--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অধিক ৰোমাঞ্চকৰ হ’বলৈ ওলাইছে আইপিএল(IPL)। বিচিচিআই(BCCI)ৰ দাবীয়ে পালে মান্যতা। অহা বছৰ আটাইকেইটা ডাঙৰ দলৰ আন্তঃৰাষ্ট্ৰীয় শৃংখলা বন্ধ হোৱাৰ পিছত আঢ়ৈ মাহৰ বাবে অনুষ্ঠিত হ’ব আইপিএল(IPL)ৰ মেগা টুৰ্ণামেণ্ট। আইচিচি(ICC)-এ ব’ৰ্ডৰ প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে। এই দাবী এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ৱেবছাইটৰ। সূত্ৰ অনুসৰি, কেৱল আই পি এলেই নহয়, অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া বিগ বেছ লীগ আৰু অহা বছৰ ইংলেণ্ডৰ ‘দ্য হাণ্ড্ৰেড’ প্ৰতিযোগিতাৰ বাবে আই চি চি(ICC)-এ সুকীয়া সময় প্ৰদান কৰিব।

ক্ৰিকেট ৱেবছাইটটোৰ মতে, মাৰ্চ মাহৰ শেষৰ সপ্তাহৰ পৰা আই পি এলৰ বাবে আঢ়ৈ মাহৰ এখন উইনডো ৰখা হৈছে। সেই সময়ত ডাঙৰ দলৰ কোনো শৃংখলা নাথাকিব। ফলত বিশ্বৰ সকলো শ্ৰেষ্ঠ তাৰকাই আই পি এলত অংশগ্ৰহণ কৰিব পাৰিব। একেদৰে বিগ বেছ চলি থকাৰ সময়ত জানুৱাৰী মাহতো বিশ্বৰ শ্ৰেষ্ঠ দেশসমূহে হোৱাইটবল ছিৰিজ খেলিব নোৱাৰিব। টেষ্ট ছিৰিজ অব্যাহত থাকিব পাৰে। আকৌ ‘দ্য হাণ্ড্ৰেড’ৰ চলাকালীন জুলাই মাহত ৩-৪ সপ্তাহলৈকে কোনো ধৰণৰ হোৱাইট বল টুৰ্ণামেণ্ট অনুষ্ঠিত নহ’ব। আইচিচিৰ ফিউচাৰ ট্যুৰ প্ৰগ্ৰেমত হেনো এনে তথ্যই প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক