--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পশ্চিমবংগৰ বীৰভূম জিলাৰ বগটুইৰ হিংসাত্মক ঘটনাক লৈ দেশজুকি প্ৰতিক্ৰিয়া অব্যাহত আছে। বিজেপি পৃষ্ঠপোষকতাতে ৰাজ্যৰ এই ঘটনাই এতিয়া ৰাষ্ট্ৰীয় ৰূপ লৈছে আৰু বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জী এতিয় বেকফুটলৈ যোৱা দেখিবলৈ পোৱা গৈছে। আঠজনকৈ লোকৰ ওপৰত নিৰ্যাতন চলাই তেওঁলোকক জীৱন্তে জ্বলাই দিয়াৰ নিৰ্মম ঘটনাত তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মী জড়িত থকাটো স্পষ্ট হৈ পৰাৰ পাছত বিৰোধী দল বিজেপিয়ে তৃণমূলক থকা-সৰকা কৰি তুলিছে সমালোচনাৰে। কেৱল বিজেপিয়েই নহয়, কংগ্ৰেছ দলেও বংগত সাংবিধানিক গাঁঠনি ভাঙি পৰা বুলি অভিযোগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলিছে। বিজেপিয়েও অনুৰূপধৰণে একেই অভিযোগ কৰ আহিছে বিগত সময়ছোৱাত। ইফালে, বৃহস্পতিবাৰে মমতা বেনাৰ্জীয়ে বগটুই ভ্ৰমণ কৰি এই ঘটনাত জড়িত তৃণমূলৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে আৰু তাৰ পাছতে আনাৰুল হোছেনৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, বিজেপিৰ সাংসদ ৰূপা গাংগুলীয়ে কন্দা-কটা কৰি সংসদত এই বিষয়টোক অধিক সংবেদনশীল কৰি তোলে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু পশ্চিমবংগ চৰকাৰ অধিক বেকফুটলৈ থেলি দি কলকাতা উচ্চ ন্যায়ালয়ে এই ঘটনাৰ চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে এই ঘটনাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব পৰা নাই বুলি মন্তব্য কৰি ইয়াৰ তদন্তৰ দায়িত্ব চিবিআইলৈ হস্তান্তৰ কৰে কলকাতা উচ্চ ন্যায়ালয়ে। যাৰ ফলত শাসকীয় তৃণমূল কংগ্ৰেছ অধিক চাপৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, এই ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দোষীক ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ দিছিল। তেওঁ কৈছিল যে, 'পশ্চিম বংগৰ বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাত বলি হোৱা লোকসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছোঁ। এই ঘটনাৰে জড়িতসকলক কৰায়ত্ত কৰিবলৈ যিধৰণৰ সহায়ৰ প্ৰয়োজন হয়, সেয়া কেন্দ্ৰই ৰাজ্যলৈ আগবঢ়াব। মোৰ আশা যে ৰাজ্য চৰকাৰে অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিসকলে এই দুৰ্বৃত্তসকলক উৎসাহিত কৰিছে তথা তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে তেওঁলোককো ৰেহাই দিয়া নহ'ব।" কিন্তু এই ঘটনাৰ চিবিআই তদন্ত ঘোষণাই যেন ৰাজ্য চৰকাৰৰ ব্যৰ্থতাকে প্ৰতিপন্ন কৰিলে। উল্লেখ্য যে, ৰাজনৈতিক হিংসা, হত্যা-প্ৰতিহিংসা আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণ কোনোটোৱেই বীৰভূমৰ বাবে নতুন কথা নহয়। দৰাচলতে, বিভিন্ন সময়ত যি হাৰত বীৰভূমৰ বিভিন্ন অঞ্চলত বোমা আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়, সয়া আজিকালি সহজ সত্যত পৰিণত হৈছে। আৰক্ষী-প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই এনে এক অপৰাধাৰ ৰম্যভূমি গঢ় লৈ উঠাটো এতিয়া স্পষ্ট হৈ পৰিছে। কিন্তু বগটুইৰ ঘটনাই সকলো নৃশংসতা, প্ৰতিহংসাৰ ভয়াৱহতাৰ সীমা চেৰাই গৈছে আৰু তাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাটো শাসকীয় তৃণমূল কংগ্ৰেছৰ এজন নেতাক হত্যা কৰাৰ পৰা আৰম্ভ হৈছিল। এই হত্যাৰ প্ৰতিশোধকল্পেই ব্যাপক হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটোৱা হয় বুলি প্ৰকাশ পাইছে। অঞ্চলটোৰ কেইবাটাও ঘৰত জুই লগাই দিয়াৰ অভিযোগ উঠে। কিছুসংখ্যকে টিভি বিস্ফোৰিত হৈ আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি দাবী কৰিছিল যদিও এই ঘটা সামান্য বুলি প্ৰতিপন্ন কৰিব পৰা বিষয় হৈ থকা নাছিল। বিভিন্নজনে অভিযোগ কৰা অনুসৰি তৃণমূল নেতাৰ হত্যাৰ প্ৰতিশোধ ল'বলৈকে এই নাৰকীয় ঘটচনা সংঘটিত কৰা হয়। এটাৰ পিছত এটা ঘৰত জুই লগাই দিয়া আৰু ভুক্তভোগীক জ্বলাই দিয়াৰ পূৰ্বে ঘপিওা হোৱা বুলিও অভিযোগ উঠিছে। এগৰাকী ভুক্তভোগী মহিলাৰ সন্তানে অভিযোগ কৰিছে যে, তেওঁৰ মাকক জ্বলাই দিয়াৰ পূৰ্বে হত্যাকাৰীয়ে ঘপিয়াইছে। কাৰণ যিয়েই নহওক এই নাৰকীয় ঘটনাক গৰিহনা দিবলৈ ভাষা বিচাৰি পোৱা নাই কোন সংবেদনশীল লোকেই। আটাইতকৈ দুখজনক কথাটো হ'ল যে এই জুইত প্ৰাণ হেৰুওৱাসকলৰ বেছিসংখ্যকেই মহিলা। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য