ডিজিটেল ডেস্ক: মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমৰ নদীকাষৰীয়া ওখ ঘাঁহনি বা তৃণভূমিৰ এক অন্যতম আকর্ষণ তথা জৈৱ-বৈচিত্র্যৰ গুৰুত্বপূৰ্ণ অংগ হৈছে উলুম'ৰা (Bengal Florican)। যাৰ বৈজ্ঞানিক নাম Houbaropsis bengalensis। উৰণ ক্ষমতা থকা বিশ্বৰ আটাইতকৈ গধুৰ চৰাইৰ প্রজাতিসমূহৰ ভিতৰত অন্যতম এই চৰাইবিধ বৰ্তমান চৰম অস্তিত্বৰ সংকটত ভুগিছে।
উলুম'ৰা এবিধ অত্যন্ত লাজকুৰীয়া স্বভাৱৰ চৰাই। মতা উলুম'ৰাৰ মূৰ, ডিঙি আৰু পেটৰ অংশ ক'লা ৰঙৰ হয়, আনহাতে, পিঠি অংশত ক'লা দাগযুক্ত বাদামী বৰণ আৰু ডেউকাত বগা দাগ থাকে। মাইকী উলুম'ৰা মতা চৰাইতকৈ আকাৰত কিছু ডাঙৰ আৰু গাৰ বৰণ পাতল বাদামী হয়। প্রজননৰ সময়ত মতা উলুম'ৰাই মাইকী চৰাইক আকৰ্ষণ কৰিবলৈ আকাশলৈ ৩-৪ মিটাৰ ওপৰলৈ জঁপিয়াই এক মনোমোহা নৃত্য প্রদর্শন কৰে, যিটো এক বিৰল দৃশ্য। উলুম'ৰাই মূলতঃ উলুখেৰ, ইকৰা আদিৰে ভৰা ওখ আৰু মুকলি তৃণভূমিত বাস কৰে। এসময়ত বাংলাদেশ আৰু ভূটানতো এই চৰাইবিধ পোৱা গৈছিল যদিও এতিয়া বাংলাদেশৰ পৰা ই সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে। বর্তমান বিশ্বত কেৱল ভাৰতীয় উপমহাদেশ (ভাৰত আৰু নেপাল) আৰু দক্ষিণ-পূব এছিয়াৰ কম্বোডিয়া তথা ভিয়েটনামৰ কিছু অঞ্চলতহে ইহঁত সীমাবদ্ধ হৈ আছে।
ভাৰতৰ ভিতৰত অসমৰ কাজিৰঙা, মানাহ, ওৰাং, ডিব্ৰু-ছৈখোৱা, সোণাই-ৰূপাই আৰু বুঢ়াচাপৰি আদি বনাঞ্চলসমূহ উলুম'ৰাৰ প্ৰধান আশ্রয়স্থল। আন্তঃৰাষ্ট্ৰীয় প্রকৃতি সংৰক্ষণ সংঘ বা IUCN-ৰ ৰঙা তালিকাত উলুম'ৰা চৰাইক 'ঘোৰ সংকটজনক' (Critically En-dangered) শ্রেণীত অন্তর্ভুক্ত কৰা হৈছে। ২০০৭-২০০৮ চনত ইহঁতৰ সংখ্যা দ্রুতগতিত হ্রাস পোৱাৰ বাবে 'সংকটাপন্ন' বা Endangered স্তৰৰ পৰা এই অতি স্পৰ্শকাতৰ স্তৰলৈ উন্নীত কৰা হৈছিল। শেহতীয়া সমীক্ষা অনুসৰি, সমগ্ৰ বিশ্বত প্রাপ্তবয়স্ক উলুম'ৰাৰ সংখ্যা মাত্র ২৫০ৰ পৰা ৯৯৯টাৰ ভিতৰত বৰ্তি থকা বুলি ধাৰণা কৰা হয়। ভাৰতত ইয়াৰ সংখ্যা মাত্র ২৫০-৩৫০টামানহে বুলি অনুমান কৰা হৈছে। ভাৰতীয় বন্যপ্রাণী সংৰক্ষণ আইন ১৯৭২-ৰ প্ৰথম অনুসূচীৰ অধীনত ইয়াক সর্বোচ্চ সুৰক্ষা বর্ধিত জনসংখ্যাৰ হেঁচাত তৃণভূমিসমূহ কৃষিভূমিলৈ ৰূপান্তৰিত হোৱা, প্রাকৃতিক পৰিৱৰ্তন : বানপানী, গৰাখহনীয়া আৰু ঘাঁহনি অঞ্চলত গছ-গছনি বা জোপোহা গজি উঠা, তৃণভূমিত অত্যাধিক গৰু-ম'হ চৰোৱা আৰু চোৰাং চিকাৰীৰ দৌৰাত্ম্যৰ বাবেই অসম গৌৰৱ এই চৰাইবিধ বিলুপ্তিৰ দিশলৈ গতি কৰিছে।
অসমৰ পৰিস্থিতিতন্ত্ৰৰ বাবে উলুম'ৰা এক অপৰিহাৰ্য প্রজাতি। কেৱল আইন প্রণয়ন কৰিয়েই এই চৰাইবিধক ৰক্ষা কৰা সম্ভৱ নহয়। ইয়াৰ বাবে তৃণভূমিসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণ, স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু চৰকাৰী-বেচৰকাৰী সংস্থাসমূহৰ যৌথ প্রচেষ্টাৰ অত্যন্ত প্রয়োজন হৈ পৰিছে। অন্যথা অদূৰ ভৱিষ্যতে অসমৰ বননিৰ পৰা চিৰদিনৰ বাবে হেৰাই যাব উলুম'ৰাৰ সেই মনোমোহা নৃত্য।
উৎস: দৈনিক জনমভূমি