--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পি ভি সিন্ধুৱে চীনৰ ৱাং জি য়িক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অ’পেনত জয়লাভ কৰে। অলিম্পিক ডাবলছ পদক বিজয়ী শ্বাটলাৰগৰাকীয়ে চলিত বৰ্ষত তৃতীয়খন প্ৰতিযোগিতাত জয়ী হৈছে। চীনৰ ৱাং জি য়িৰ সৈতে অনুষ্ঠিত খেলখনৰ ফলাফল আছিল ২১-৯,১১-২১,২১-১৫। দেওবৰীয়া এই মেগা ফাইনেলৰ প্ৰথমখন খেলত সিন্ধুৱে কঢ়িয়াই আনিলে আশাৰ ৰেঙনি। ভাৰতীয় তাৰকাগৰাকীয়ে ২১-৯ৰ ব্যৱধানত জয়ী হয়।

অৱশ্যে, দ্বিতীয় ৰাউণ্ডত চীনা শ্বাটলাৰগৰাকীয়ে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়। ৱাং জিয়ে একেৰাহে কেইটামান শক্তিশালী শ্বট দি ১১-২১ ব্যৱধানত জয়লাভ কৰে। কিন্তু অৱশেষত ২১-১৫ৰ ব্যৱধানত জয়লাভ কৰে সিন্ধুৱে।

মন কৰিবলগীয়া যে, শনিবাৰে ছেমি ফাইনেলত জাপানৰ ছাইনা কাৱাকামীক পৰাস্ত কৰিছিল সিন্ধুৱে। দেশৰ অলিম্পিক পদক বিজয়ী যুটিয়ে ষ্ট্ৰেইট খেলত বিজয়ী হৈছিল। ২১-১৫, ২১-৭ ৰ ব্যৱধানত জয়লাভ কৰে সিন্ধুৱে। সিন্ধুৰ পৰাক্ৰমত থমকি ৰৈছিল প্ৰতিপক্ষৰ ৰেকেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ