--°C
Loading...
Listen to Article
2 min read
80%

ডেৰাডুন : দেওবাৰৰ পুৱাটো আছিল ৰৌদ্ৰজ্জ্বল, শান্ত। ৪২ বছৰীয়া মাহাতমী দেৱীয়ে জুগজু গাঁৱৰ নিজৰ ঘৰৰপৰা ওলাই গৈছিল ওচৰৰে ৰাইনী গাঁৱৰ পৰা খৰি আৰু পশুৰ বাবে খাদ্য সংগ্ৰহ কৰাৰ বাবে। সেই সময়ত তেওঁৰ তিনি সন্তানৰ ভিতৰত ১৭ বছৰীয়া অংকিত ঘৰত আছিল। দেওবাৰৰ ঘটনাৰ বৰ্ণনা দি ৰাইনী গাঁৱৰ প্ৰাক্তন গাঁও পঞ্চায়তৰ সদস্য সংগ্ৰাম সিং ৰাৱটে কয়, ‘মই তেওঁক পুৱা ৮বজাৰ আশে-পাশে লগ পাইছিলোঁ। মই আন তিনিজন লোকৰ সৈতে ৰাইনীত এটা পথ মোকলোৱা কামৰ বাবে ওলাই গৈছিলোঁ।

আৰু পঢ়িব পাৰিব : ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে: অসম প্ৰদেশ কংগ্ৰেছ

আমি পাহাৰৰ ওপৰৰ ফালে গৈছিলোঁ আৰু তেওঁ আমাক মাত লগাই নামনিলৈ গৈছিল। তাৰ এঘণ্টাৰ পাছত আমি এটা বিস্ফোৰণৰ দৰে অতিশব্দ শুনা পাইছিলোঁ। মূৰ তুলি চাই দেখিছিলোঁ, নীলা, পৰিষ্কাৰ আকাশ ধূসৰ হৈ পৰিছিল। আৰু তাৰ পাছতে অংকিতে চিঞৰিছিল ‘মোৰ মাক বচাওক’। পানীৰ এটা প্ৰচণ্ড সোঁত পাহাৰৰ ওপৰৰ পৰা নামি আহিছিল আৰু নিমিষতে সকলো উটুৱাই লৈ গৈছিল। মানুহ, গছ-গছনি, পশু। আমি একো কৰিব পৰা নাছিলোঁ।’ তাৰ কেইমিটাৰমান আঁতৰত ৰাইনী চুকছা গাঁৱৰ ৭০বছৰীয়া অনিতা দেৱীয়ে পোহনীয়া পশুক পৰিচৰ্যা কৰি আছিল।

ৰাইনী গাঁৱৰ কুন্দন সিং নামৰ ৪২ বছৰীয়া লোকজনে তেওঁক পানীয়ে নিমিষতে উটুৱাই নিয়া কৰুণ ঘটনাৰ সাক্ষী হৈছিল। তেওঁ ঘটনাৰ বৰ্ণনা দি লিখিছে, ‘তেওঁ নাতি গোলু আৰু বোৱাৰী তনুজাৰ সৈতে কাম কৰি আছিল। পানীৰ বিকট শব্দ শুনি বোৱাৰীয়েক আৰু নিতেয়েকে দৌৰি পলাবলৈ সক্ষম হ’ল যদিও অনিতা দেৱী ৰৈ গ’ল। আম দূৰৈৰ পৰা অসহায় হৈ তেওঁক উটুৱাই নিয়া দেখা পাইছিলোঁ।’ যেতিয়া আন বহুজনে ওখ ঠাইৰ পৰা নিজৰ আপোনজন কোবাল সোঁতৰ কৱলত পৰাৰ আশংকা দেখিছিল সকলোৱে চিঞৰিছিল, ‘পলোৱা’। কিন্তু বেছিসংখ্যকেই এই দুৰ্যোগৰ পৰা আঁতৰি থাকিব পৰা নাছিল। কিয়নো বতাহ আছিল তীব্ৰ আৰু পাতল। যাব বাবে তেওঁলোকে বেগাই দৌৰাটো বাদেই ভালদৰে উশাহো ল’ব পৰা নাছিল। তেওঁলোকে কেৱল আসন্ন মৃত্যুৰ বাবে অপেক্ষা কৰিছিল, সংগ্ৰাম সিঙে কয়।

আৰু পঢ়িব পাৰিব : উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

এই দুৰ্যোগৰ কিছুসময় অতিবাহিত হোৱাৰ পাছতে ৰাইনী গাঁৱৰ লোকসকলে সন্ধানহীন হোৱা লোকসকলক বিচাৰি যোৱাৰ সিদ্ধান্ত লয়। ‘আমি যি দেখিছিলোঁ সেয়া আছিল অতি ভয়াৱহ। যি ঠাইত এঘণ্টাৰ আগতে মানুহে কাম কৰি আছিল, কিছুমানে খৰি কাটিছিল, পশু চৰায় আছিল, তেওঁলোক সকলো পানীৰ ধাৰত উটি গৈছিল। আমাৰ চিনাকি কোনো এজন লোককে আমি দেখা পোৱা নাছিলোঁ।’ সংগ্ৰাম সিঙে সংবাদ মাধ্যমৰ আগত এই দুৰ্যোগৰ ভয়াৱহতাৰ বৰ্ণনা দিয়ে এনেদৰে। কুন্দন নামৰ লোকজনৰ ভতিজাকো এইসকল হেৰাই যোৱা লোকৰ মাজতে আছিল। কুন্দনে এই বিষয়ে কয়, ‘১৫০টা ছাগলী চৰাবলৈ তেওঁ ওলাই গৈছিল আৰু হেৰাই গৈছিল।’ গাঁওখনৰ সৈতে বহিঃজগতৰ সংযোগো এতিয়া বিচ্ছিন্ন হৈ পৰিছে কিয়নো বানে দলং আদিও উটুৱাই নিছে। বহু প্ৰব্ৰজিত শ্ৰমিক আবদ্ধ হৈ পৰিছে গাঁওখনত আৰু তাৰে একাংশক গাঁওবাসীয়ে আশ্ৰয় দিছে।

আৰু পঢ়িব পাৰিব : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

উল্লেখ্য যে, কুন্দন বা সংগ্ৰাম সিঙৰ দৰে লোকে পূৰ্বৰে পৰা জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধ কৰি আহিছিল। ভৌগলিকভালে স্পৰ্শকাতৰ তথা ভংগুৰ এলেকাত স্থাপন কৰা ঋষিগংগা প্ৰকল্পৰ বিৰুদ্ধে তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালতৰো কাষ চাপিছিল। হিমবাহ বিস্ফোৰণ আৰু তাৰ পাছত জলবিদ্যুৎ প্ৰকল্প উটি যোৱাৰ ফলত হোৱা এই দুৰ্যোগক এতিয়া তেওঁলোকে আখ্যা দিছে, মানুহে কৰা ভুলৰ উত্তৰ প্ৰকৃতিয়ে নিজৰ ধৰণে দিবলৈ চেষ্টা কৰা বুলি। উল্লেখ্য যে, এই ভয়ংকৰ দুৰ্যোগত ১৪জন লোকৰ এতিয়ালৈ মৃত্যু হৈছে আৰু সন্ধানহীন ১৭০জনৰ সন্ধানত অভিযান চলি আছে। দুৰ্যোগৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি মৃতৰ সংখ্যা শতাধিক হোৱাৰ আশংকা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ