--°C
Loading...
Listen to Article
2 min read
80%

ডেৰাডুন : দেওবাৰৰ পুৱাটো আছিল ৰৌদ্ৰজ্জ্বল, শান্ত। ৪২ বছৰীয়া মাহাতমী দেৱীয়ে জুগজু গাঁৱৰ নিজৰ ঘৰৰপৰা ওলাই গৈছিল ওচৰৰে ৰাইনী গাঁৱৰ পৰা খৰি আৰু পশুৰ বাবে খাদ্য সংগ্ৰহ কৰাৰ বাবে। সেই সময়ত তেওঁৰ তিনি সন্তানৰ ভিতৰত ১৭ বছৰীয়া অংকিত ঘৰত আছিল। দেওবাৰৰ ঘটনাৰ বৰ্ণনা দি ৰাইনী গাঁৱৰ প্ৰাক্তন গাঁও পঞ্চায়তৰ সদস্য সংগ্ৰাম সিং ৰাৱটে কয়, ‘মই তেওঁক পুৱা ৮বজাৰ আশে-পাশে লগ পাইছিলোঁ। মই আন তিনিজন লোকৰ সৈতে ৰাইনীত এটা পথ মোকলোৱা কামৰ বাবে ওলাই গৈছিলোঁ।

আৰু পঢ়িব পাৰিব : ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে: অসম প্ৰদেশ কংগ্ৰেছ

আমি পাহাৰৰ ওপৰৰ ফালে গৈছিলোঁ আৰু তেওঁ আমাক মাত লগাই নামনিলৈ গৈছিল। তাৰ এঘণ্টাৰ পাছত আমি এটা বিস্ফোৰণৰ দৰে অতিশব্দ শুনা পাইছিলোঁ। মূৰ তুলি চাই দেখিছিলোঁ, নীলা, পৰিষ্কাৰ আকাশ ধূসৰ হৈ পৰিছিল। আৰু তাৰ পাছতে অংকিতে চিঞৰিছিল ‘মোৰ মাক বচাওক’। পানীৰ এটা প্ৰচণ্ড সোঁত পাহাৰৰ ওপৰৰ পৰা নামি আহিছিল আৰু নিমিষতে সকলো উটুৱাই লৈ গৈছিল। মানুহ, গছ-গছনি, পশু। আমি একো কৰিব পৰা নাছিলোঁ।’ তাৰ কেইমিটাৰমান আঁতৰত ৰাইনী চুকছা গাঁৱৰ ৭০বছৰীয়া অনিতা দেৱীয়ে পোহনীয়া পশুক পৰিচৰ্যা কৰি আছিল।

ৰাইনী গাঁৱৰ কুন্দন সিং নামৰ ৪২ বছৰীয়া লোকজনে তেওঁক পানীয়ে নিমিষতে উটুৱাই নিয়া কৰুণ ঘটনাৰ সাক্ষী হৈছিল। তেওঁ ঘটনাৰ বৰ্ণনা দি লিখিছে, ‘তেওঁ নাতি গোলু আৰু বোৱাৰী তনুজাৰ সৈতে কাম কৰি আছিল। পানীৰ বিকট শব্দ শুনি বোৱাৰীয়েক আৰু নিতেয়েকে দৌৰি পলাবলৈ সক্ষম হ’ল যদিও অনিতা দেৱী ৰৈ গ’ল। আম দূৰৈৰ পৰা অসহায় হৈ তেওঁক উটুৱাই নিয়া দেখা পাইছিলোঁ।’ যেতিয়া আন বহুজনে ওখ ঠাইৰ পৰা নিজৰ আপোনজন কোবাল সোঁতৰ কৱলত পৰাৰ আশংকা দেখিছিল সকলোৱে চিঞৰিছিল, ‘পলোৱা’। কিন্তু বেছিসংখ্যকেই এই দুৰ্যোগৰ পৰা আঁতৰি থাকিব পৰা নাছিল। কিয়নো বতাহ আছিল তীব্ৰ আৰু পাতল। যাব বাবে তেওঁলোকে বেগাই দৌৰাটো বাদেই ভালদৰে উশাহো ল’ব পৰা নাছিল। তেওঁলোকে কেৱল আসন্ন মৃত্যুৰ বাবে অপেক্ষা কৰিছিল, সংগ্ৰাম সিঙে কয়।

আৰু পঢ়িব পাৰিব : উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

এই দুৰ্যোগৰ কিছুসময় অতিবাহিত হোৱাৰ পাছতে ৰাইনী গাঁৱৰ লোকসকলে সন্ধানহীন হোৱা লোকসকলক বিচাৰি যোৱাৰ সিদ্ধান্ত লয়। ‘আমি যি দেখিছিলোঁ সেয়া আছিল অতি ভয়াৱহ। যি ঠাইত এঘণ্টাৰ আগতে মানুহে কাম কৰি আছিল, কিছুমানে খৰি কাটিছিল, পশু চৰায় আছিল, তেওঁলোক সকলো পানীৰ ধাৰত উটি গৈছিল। আমাৰ চিনাকি কোনো এজন লোককে আমি দেখা পোৱা নাছিলোঁ।’ সংগ্ৰাম সিঙে সংবাদ মাধ্যমৰ আগত এই দুৰ্যোগৰ ভয়াৱহতাৰ বৰ্ণনা দিয়ে এনেদৰে। কুন্দন নামৰ লোকজনৰ ভতিজাকো এইসকল হেৰাই যোৱা লোকৰ মাজতে আছিল। কুন্দনে এই বিষয়ে কয়, ‘১৫০টা ছাগলী চৰাবলৈ তেওঁ ওলাই গৈছিল আৰু হেৰাই গৈছিল।’ গাঁওখনৰ সৈতে বহিঃজগতৰ সংযোগো এতিয়া বিচ্ছিন্ন হৈ পৰিছে কিয়নো বানে দলং আদিও উটুৱাই নিছে। বহু প্ৰব্ৰজিত শ্ৰমিক আবদ্ধ হৈ পৰিছে গাঁওখনত আৰু তাৰে একাংশক গাঁওবাসীয়ে আশ্ৰয় দিছে।

আৰু পঢ়িব পাৰিব : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

উল্লেখ্য যে, কুন্দন বা সংগ্ৰাম সিঙৰ দৰে লোকে পূৰ্বৰে পৰা জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধ কৰি আহিছিল। ভৌগলিকভালে স্পৰ্শকাতৰ তথা ভংগুৰ এলেকাত স্থাপন কৰা ঋষিগংগা প্ৰকল্পৰ বিৰুদ্ধে তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালতৰো কাষ চাপিছিল। হিমবাহ বিস্ফোৰণ আৰু তাৰ পাছত জলবিদ্যুৎ প্ৰকল্প উটি যোৱাৰ ফলত হোৱা এই দুৰ্যোগক এতিয়া তেওঁলোকে আখ্যা দিছে, মানুহে কৰা ভুলৰ উত্তৰ প্ৰকৃতিয়ে নিজৰ ধৰণে দিবলৈ চেষ্টা কৰা বুলি। উল্লেখ্য যে, এই ভয়ংকৰ দুৰ্যোগত ১৪জন লোকৰ এতিয়ালৈ মৃত্যু হৈছে আৰু সন্ধানহীন ১৭০জনৰ সন্ধানত অভিযান চলি আছে। দুৰ্যোগৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি মৃতৰ সংখ্যা শতাধিক হোৱাৰ আশংকা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু