--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ শেষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলৈ ওলাইছে টি-২০ বিশ্বকাপ। আৰু তাৰ বাবে প্ৰতিটো দলে নিজৰ সম্ভাৱ্য দল নিৰ্বাচনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। ভাৰতীয় দলৰ প্ৰাক্তন অ’পেনাৰ তথা বিশ্বকাপ বিজয়ী সদস্য গৌতম গম্ভীৰে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ টপ অৰ্ডাৰ বাচনি কৰিছে। আশ্চৰ্যজনকভাৱে গৌতম গম্ভীৰৰ টপ অৰ্ডাৰত নাই বিৰাট কোহলীৰ নাম।

আগন্তুক টি-২০ বিশ্বকাপৰ বাবে গৌতম গম্ভীৰৰ অ’পেনিং যুটিত ৰোহিত শৰ্মা আৰু ঈশান কিষাণক অন্তৰ্ভুক্ত কৰা হৈছে। বিৰাটে নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ পাছতো ৰোহিতে তিনিওটা ফৰ্মেটতে জাতীয় দলত নিগাজি স্থান দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ বাবে তেওঁক জিৰণি দিয়া হৈছে। 

আনহাতে, চলিত ছিৰিজত ছন্দত দেখিবলৈ পোৱা গৈছে ঈশান কিষাণক। তদুপৰি গম্ভীৰে বাওঁহতীয়া আৰু সোঁহতীয়া সংমিশ্ৰণৰ বাবে এই দুই খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে। সূৰ্যকুমাৰ যাদৱক তিনি নম্বৰ স্থানত স্থান দিছে প্ৰাক্তন বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে। সেই ক্ষেত্ৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গুৰু গম্ভীৰে সেই দলৰ অধিনায়ক কে এল ৰাহুলক প্ৰথম তিনিটা স্থানত ৰখা নাই। অৱশ্যে আইপিএলত ৰাহুলে দ্বিতীয় সৰ্বাধিক ৰান গেটাৰ হিচাপে পৰিগণিত হৈছে। স্বাভাৱিকতে, গম্ভীৰৰ সম্ভাব্য একাদশৰ প্ৰথম তিনিগৰাকী বেটছমেনৰ বাচনিয়ে অনুৰাগীসকলক কৰি তুলিছে  আচৰিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'
জম্মু-কাশ্মীৰৰ ১৫০০ স্থানত তালাচী, পাঁচ শতাধিক লোকক আটক
দুৰ্নীতিগ্ৰস্থ ACS নূপুৰ বৰাৰ নতুন বিপদ ; পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে ACS বিষয়া গৰাকী
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন