--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ শেষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলৈ ওলাইছে টি-২০ বিশ্বকাপ। আৰু তাৰ বাবে প্ৰতিটো দলে নিজৰ সম্ভাৱ্য দল নিৰ্বাচনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। ভাৰতীয় দলৰ প্ৰাক্তন অ’পেনাৰ তথা বিশ্বকাপ বিজয়ী সদস্য গৌতম গম্ভীৰে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ টপ অৰ্ডাৰ বাচনি কৰিছে। আশ্চৰ্যজনকভাৱে গৌতম গম্ভীৰৰ টপ অৰ্ডাৰত নাই বিৰাট কোহলীৰ নাম।

আগন্তুক টি-২০ বিশ্বকাপৰ বাবে গৌতম গম্ভীৰৰ অ’পেনিং যুটিত ৰোহিত শৰ্মা আৰু ঈশান কিষাণক অন্তৰ্ভুক্ত কৰা হৈছে। বিৰাটে নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ পাছতো ৰোহিতে তিনিওটা ফৰ্মেটতে জাতীয় দলত নিগাজি স্থান দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ বাবে তেওঁক জিৰণি দিয়া হৈছে। 

আনহাতে, চলিত ছিৰিজত ছন্দত দেখিবলৈ পোৱা গৈছে ঈশান কিষাণক। তদুপৰি গম্ভীৰে বাওঁহতীয়া আৰু সোঁহতীয়া সংমিশ্ৰণৰ বাবে এই দুই খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে। সূৰ্যকুমাৰ যাদৱক তিনি নম্বৰ স্থানত স্থান দিছে প্ৰাক্তন বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে। সেই ক্ষেত্ৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গুৰু গম্ভীৰে সেই দলৰ অধিনায়ক কে এল ৰাহুলক প্ৰথম তিনিটা স্থানত ৰখা নাই। অৱশ্যে আইপিএলত ৰাহুলে দ্বিতীয় সৰ্বাধিক ৰান গেটাৰ হিচাপে পৰিগণিত হৈছে। স্বাভাৱিকতে, গম্ভীৰৰ সম্ভাব্য একাদশৰ প্ৰথম তিনিগৰাকী বেটছমেনৰ বাচনিয়ে অনুৰাগীসকলক কৰি তুলিছে  আচৰিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ