--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট’কিঅ’ অলিম্পিকত স্বৰ্ণপদক অৰ্জন কৰিছিল নীৰজ চোপ্ৰাই। দীৰ্ঘবিৰতিৰ অন্তত পুনৰ ট্ৰেকলৈ ঘূৰি আহিছে নীৰজ চোপ্ৰা। ট্ৰেকলৈ উভতি আহিয়েই নীৰজ চোপ্ৰাই ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। পাভো নুৰ্মী গেমছৰ দ্বিতীয় প্ৰচেষ্টাত যুৱ এথলীটজনে ৮৯.৩ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে নীৰজে টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক লাভ কৰিছিল। এইবাৰ তেওঁ নিজৰ অভিলেখ নিজে ভংগ কৰি ৰচিলে ইতিহাস।

টকিঅ’ অলিম্পিকৰ পিছত নীৰজে বহুদিন ধৰি ট্ৰেক এণ্ড ফিল্ডৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। সেই সময়ত তেওঁক বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম কৰি প্ৰস্তুতি চলাই থকা দেখা গৈছিল। এইবাৰ তেওঁ পুনৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰথম থ্ৰ’ত নীৰাজে ৮৬.৯২ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। দ্বিতীয়টো থ্ৰ’ত তেওঁ গঢ়ি্ লে ৰাষ্ট্ৰীয় অভিলেখ। এই প্ৰতিযোগিতাত ফিনলেণ্ডৰ অলিভাৰ হেলেণ্ডাৰে সোণৰ পদক লাভ কৰে। তেওঁ ৮৯.৮৩ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ