--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৰষুণ, তাৰে মাজতে ভাৰতীয় ফুটবলাৰৰ দুভৰিৰ ৰোমাঞ্চকৰ যাদু। বৰ্ষাসিক্ত যুৱভাৰতী ষ্টেডিয়ামত ধুমুহা তুলিলে ভাৰতীয় ফুটবলাৰ সকলে। ভাৰতীয় দলটোৱে হংকঙক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চমকপ্ৰদ প্ৰদৰ্শন তুলি ধৰে। মেচখনৰ পূৰ্বেই ভাৰতে এ এফ চি এছিয়া কাপৰ মূল প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰাৰ খবৰ বিয়পি পৰিছিল। তত্‍সত্বেও, হংকং বিধ্বস্ত কৰিহে খেলপথাৰ ত্যাগ কৰিলে সুনীল চেত্ৰীৰ ভাৰতে।

মেচখনৰ মাত্ৰ দুই মিনিট বাকী থকা অৱস্থাত আনোৱাৰ আলীয়ে এটা গ’ল দি ভাৰতক আগুৱাই লৈ যায়। ইয়াৰ পিছতে প্ৰথমাৰ্দ্ধৰ একেবাৰে অন্তিম মিনিটত এটা গ’ল দি ভাৰতীয় দলৰ প্ৰত্যাশাক যেন সঞ্জীৱনীহে দিলে সুনীল চেত্ৰীয়ে। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ এয়া ৮৪ সংখ্যক গ’ল। হংকঙৰ বিৰুদ্ধে খেলৰ পূৰ্বে সুনীলে কৈছিল যে, জয়ী হোৱাটোৱে একমাত্ৰ লক্ষ্য।  

ভাৰতীয় প্ৰশিক্ষক ইগ’ৰ ষ্টিমাছে তেওঁক জিৰণি লোৱাৰ সংকেত দিছিল। অৱশ্যে, খেলৰ আৰম্ভণিৰে পৰাই খেলপথাৰত দুৰন্ত ছন্দত দেখিবলৈ পোৱা গৈছিল সুনীল চেত্ৰীক। আৰু খেলপথাৰত নামিয়েই আন এক নজিৰ গঢ়িলে তেওঁ। মেচৰ ৪৫ মিনিটত সুনীল চেত্ৰীৰ দুভৰিৰ পৰা আহে নিৰ্ণায়ক গ’লটো।

এই গ’লটোৰ জৰিয়তে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে কিংবদন্তী হাংগেৰীৰ ফৰৱাৰ্ড ফ্ৰেংক পুস্কাছৰ আন্তঃৰাষ্ট্ৰীয় গ’লৰ অভিলেখ স্পৰ্শ কৰে সুনীল চেত্ৰীয়ে। তেওঁৰ সন্মুখত এতিয়া ক্রিষ্টিয়ানো ৰোনাল্ডো (১১৮ গ’ল), আলী দাই (১০৯ গ’ল), মোকতাৰ ডাহাৰী (৬৯ গ’ল) আৰু লিঅ’নেল মেছী (৬ গ’ল)। সকলো থিকে থাকিলে মেছী, ৰোনাল্ডৰ অভিলেখ স্পৰ্শ কৰিবলৈ বেছি পৰ অপেক্ষা কৰিবলগীয়া নহ’বও পাৰে ক্ৰীড়াপ্ৰেমীয়ে। 

ইফালে, ভাৰতীয় দলটোৱে ৪-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে৷ ইগাৰ ষ্টিমাচৰ অধীনত এয়া ভাৰতৰ সৰ্ববৃহৎ জয়। সেইফালৰ পৰা ভাৰতীয় ফুটবলৰ এক নতুন দিগন্তৰ সাক্ষী হৈ ৰ’ল যুৱভাৰতী ষ্টেডিয়ামে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ