--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড বৰষুণ, তাৰে মাজতে ভাৰতীয় ফুটবলাৰৰ দুভৰিৰ ৰোমাঞ্চকৰ যাদু। বৰ্ষাসিক্ত যুৱভাৰতী ষ্টেডিয়ামত ধুমুহা তুলিলে ভাৰতীয় ফুটবলাৰ সকলে। ভাৰতীয় দলটোৱে হংকঙক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চমকপ্ৰদ প্ৰদৰ্শন তুলি ধৰে। মেচখনৰ পূৰ্বেই ভাৰতে এ এফ চি এছিয়া কাপৰ মূল প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰাৰ খবৰ বিয়পি পৰিছিল। তত্‍সত্বেও, হংকং বিধ্বস্ত কৰিহে খেলপথাৰ ত্যাগ কৰিলে সুনীল চেত্ৰীৰ ভাৰতে।

মেচখনৰ মাত্ৰ দুই মিনিট বাকী থকা অৱস্থাত আনোৱাৰ আলীয়ে এটা গ’ল দি ভাৰতক আগুৱাই লৈ যায়। ইয়াৰ পিছতে প্ৰথমাৰ্দ্ধৰ একেবাৰে অন্তিম মিনিটত এটা গ’ল দি ভাৰতীয় দলৰ প্ৰত্যাশাক যেন সঞ্জীৱনীহে দিলে সুনীল চেত্ৰীয়ে। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ এয়া ৮৪ সংখ্যক গ’ল। হংকঙৰ বিৰুদ্ধে খেলৰ পূৰ্বে সুনীলে কৈছিল যে, জয়ী হোৱাটোৱে একমাত্ৰ লক্ষ্য।  

ভাৰতীয় প্ৰশিক্ষক ইগ’ৰ ষ্টিমাছে তেওঁক জিৰণি লোৱাৰ সংকেত দিছিল। অৱশ্যে, খেলৰ আৰম্ভণিৰে পৰাই খেলপথাৰত দুৰন্ত ছন্দত দেখিবলৈ পোৱা গৈছিল সুনীল চেত্ৰীক। আৰু খেলপথাৰত নামিয়েই আন এক নজিৰ গঢ়িলে তেওঁ। মেচৰ ৪৫ মিনিটত সুনীল চেত্ৰীৰ দুভৰিৰ পৰা আহে নিৰ্ণায়ক গ’লটো।

এই গ’লটোৰ জৰিয়তে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে কিংবদন্তী হাংগেৰীৰ ফৰৱাৰ্ড ফ্ৰেংক পুস্কাছৰ আন্তঃৰাষ্ট্ৰীয় গ’লৰ অভিলেখ স্পৰ্শ কৰে সুনীল চেত্ৰীয়ে। তেওঁৰ সন্মুখত এতিয়া ক্রিষ্টিয়ানো ৰোনাল্ডো (১১৮ গ’ল), আলী দাই (১০৯ গ’ল), মোকতাৰ ডাহাৰী (৬৯ গ’ল) আৰু লিঅ’নেল মেছী (৬ গ’ল)। সকলো থিকে থাকিলে মেছী, ৰোনাল্ডৰ অভিলেখ স্পৰ্শ কৰিবলৈ বেছি পৰ অপেক্ষা কৰিবলগীয়া নহ’বও পাৰে ক্ৰীড়াপ্ৰেমীয়ে। 

ইফালে, ভাৰতীয় দলটোৱে ৪-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে৷ ইগাৰ ষ্টিমাচৰ অধীনত এয়া ভাৰতৰ সৰ্ববৃহৎ জয়। সেইফালৰ পৰা ভাৰতীয় ফুটবলৰ এক নতুন দিগন্তৰ সাক্ষী হৈ ৰ’ল যুৱভাৰতী ষ্টেডিয়ামে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু