--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে ৪৯ সংখ্যক শতকত অৰ্জনেৰে  চমৎকাৰী সাফল্য লাভ কৰাৰ পিছতে  বিশ্বৰ বহু ক্ৰিকেটাৰ আৰু প্ৰাক্তন খেলুৱৈয়ে কোহলীক অভিনন্দন জনাইছে। অৱশ্যে, শ্ৰীলংকাৰ তাৰকা বেটছমেন আৰু অধিনায়ক কুশল মেণ্ডিছে বিৰাটক লৈ এক অদ্ভুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

যি প্ৰতিক্ৰিয়াৰ বাবে এতিয়া বহুতেই শ্ৰীলংকা দলৰ অধিনায়কগৰাকীক সমালোচনা কৰিছে। বিৰাট কোহলীয়ে দেওবাৰে ইডেন গাৰ্ডেনত এক  বিশেষ কৃতিত্ব অৰ্জন কৰিছে । তেওঁ এদিনীয়া কেৰিয়াৰৰ ৪৯ সংখ্যক শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ ৪৯ টা শতকৰ অভিলেখৰ সমকক্ষ হৈ পৰিছে। বিৰাট কোহলীয়ে ২৭৭ টা ইনিংছত এই স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

ইয়াৰ মাজতে শ্ৰীলংকাৰ তাৰকা বেটছমেন আৰু অধিনায়ক কুশল মেণ্ডিছে বিৰাটক লৈ এক অদ্ভুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।  দিল্লীত বাংলাদেশৰ বিৰুদ্ধে তেওঁৰ দলৰ ক্ৰিকেট বিশ্বকাপৰ খেলৰ পূৰ্বে তেওঁ  সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয়- কিয় অভিনন্দন জনাব লাগে? যেতিয়া এজন সাংবাদিকে মেণ্ডিছক সুধিছিল যে তেওঁ কোহলীক তেওঁৰ ৪৯ সংখ্যক  এদিনীয়া শতকৰ বাবে অভিনন্দন জনাব বিচাৰে নে?  


এই বিষয়ে মেণ্ডিছে উত্তৰ দিছিল, "মই তেওঁক কিয় অভিনন্দন জনাম?"  এনেদৰে উত্তৰদানৰ  ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মেণ্ডিছৰ প্ৰতিক্ৰিয়াক সামাজিক মাধ্যমত সমালোচনা কৰা হৈছে। উল্লেখ্য বিৰাট কোহলীয়ে শ্ৰীলংকাৰ কুমাৰ চাংগাকাৰাক অতিক্ৰম কৰি এদিনীয়া বিশ্বকাপৰ ইতিহাসত তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত কোহলীয়ে ১০ টা চাৰিৰ সহায়ত আৰু ৮৩.৪৭ ৰ ষ্ট্ৰাইক ৰেটত ১২১ টা বলত ১০১ ৰাণ সংগ্ৰহ কৰিছিল।

 বিশ্বকাপৰ ৩৪  খন খেলত  বিৰাটৰ ৫৮.২৫ হাৰত  গড়ে ১৫৭৩  ৰাণ আছে, যাৰ ভিতৰত আছে চাৰিটা শতক আৰু ১০  টা অৰ্ধ-শতক। এই প্ৰতিযোগিতাখনত তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে ১০৭ ৰাণ। ২২৭৮ ৰাণৰ সৈতে, শচীন এতিয়ালৈকে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰান  সংগ্ৰহকাৰী হৈ আছে, আনহাতে চাংগাকাৰাই তেওঁৰ বিশ্বকাপ কেৰিয়াৰত ১৫৩২  ৰাণ সংগ্ৰহ কৰিছে। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement