--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা সন্থাই ( তদৰ্থ কমিটী)  গুৱাহাটীৰ হাতীশিলাত অৱস্থিত ডাউন টাউন স্কুলত আয়োজন কৰা ডাউন টাউন স্কুল মুকলি ৰেপিড দবা প্ৰতিযোগিতাত তন্ময় ৰাজবংশীয়ে অবিজিত থাকি ৭ ৰাউণ্ডৰ পৰা ৬.৫ পইণ্ট সংগ্ৰহ কৰি চেম্পিয়নৰ খিতাপ দখল কৰিছে। অভিৰূপ শইকীয়াই ৬ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। নলীনাক্ষ কাশ্যপেও ৬ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে। নিহাদ ইছলাম হাজৰিকাই ৫.৫  পইণ্ট সংগ্ৰহ কৰি  চতুৰ্থ স্থান অধিকাৰ কৰে। হৃদিকা দাস, আনিশ গোস্বামী, কমল ডেকা, অশ্বিন দে আৰু শুভম ভট্টাচাৰ্যয়ো   ৫.৫ পইণ্টকৈ সংগ্ৰহ কৰে  আৰু টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম ঘোষণা কৰা হয়। নিতীশ দাসে ৫ পইণ্ট সংগ্ৰহ কৰি দশম স্থান লাভ কৰে। 

অনুৰ্দ্ধ ৭ বছৰ শাখাত হ্ৰেয়াংশ ডেকাই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। সুৰ্য্যাংশু শইকীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। চাৰ্ভী শ্ৰী বৰ্মনে ২.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 
অনুৰ্দ্ধ ৯ বছৰ শাখাত সাৰস্বত ডেকাই ৪.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। বৰ্ণিল বৈশ্যই সম সংখ্যক পইণ্ট সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। ধান্যতা গোস্বামীয়ে ৪ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।

অনুৰ্দ্ধ ১১ বছৰ শাখাত  টানিস্ক ঠাকুৰীয়াই ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। চায়াঙ্ক তহচিলদাৰ আৰু ঋতিশা মাইৰা ৰাজবংশী উভয়ে ৪.৫ পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 
অনুৰ্দ্ধ ১৩ বছৰ শাখাত অভিনৱ দাস আৰু আফশ্বীন আফছা জামানে ৫ পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে। ভাৰ্ছিতা চহৰীয়াই ৪.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 

অনুৰ্দ্ধ ১৫ বছৰ শাখাত  প্ৰত্যুষ পাঠক, প্ৰিয়ানুজ দাস আৰু তন্ময় সুতে ৪.৫ পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় ।স্থান লাভ কৰে।

প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিত ৭ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  ১৯ জন ফিডে ৰেটেড খেলুৱৈ সহ মুঠ ৯৬ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা খেল খন ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল।  আন্তৰাষ্ট্ৰীয় আৰ্বিটাৰ মণিমালা সিনহা আৰু ৰাস্ত্ৰীয় আৰ্বিটাৰ শঙ্কৰ বৰুৱাই তেওঁক ডেপুটি আৰ্বিটাৰ হিচাপে সহায় কৰিছিল।  প্ৰতিযোগিতা খন  গুৱাহাটী দবা সন্থাই (তদৰ্থ কমিটী)আয়োজন কৰিছিল।  বঁটা বিতৰণী সভাত ডাউন টাউন স্কুলৰ অধ্যক্ষা মায়া ফাৰ্ণাণ্ডেজ, সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ, গুৱাহাটী দবা সন্থাৰ (তদৰ্থ কমিটী) চেয়াৰমেন ড:শিবেন দত্ত,  সম্পাদক অভিষেক চক্ৰবৰ্তী আৰু সদস্য ছুজাউল ইছলাম হাজৰিকা উপস্থিত থাকে আৰু পুৰস্কাৰ সমূহ বিতৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান