--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ১৫ বছৰীয়া যুগ্ম জীৱনৰ ইতিৰেখা টানিবলৈ সাজু হৈছে ছবিজগতৰ দুই মহা তাৰকাই। কোনো সংঘাত অবিহনেই দুয়োৰে সম্পৰ্কক অন্য এক গতি দিয়াৰ বাবে উমৈহতীয়াভাৱে এই সিদ্ধান্তত উপনীত হৈছে দুয়ো। এই দুই তাৰকা আন কোনো নহয়, বৰং আমিৰ খান আৰু কিৰণ ৰাও। দুয়ো বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক ঘোষণা কৰিছে। শনিবাৰে পুৱা আনুষ্ঠানিকভাৱে এটা বিজ্ঞপ্তি প্ৰকাশ কৰি আমিৰ খান আৰু কিৰণ ৰাৱে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ কৰিছে। আজি কিছুদিনৰ পৰা দুয়ো পৃথকে পৃথকে আছিল বুলিও সদৰী কৰিছে। ১৫বছৰৰ বৈবাহিক জীৱনৰ সুদীৰ্ঘ সম্পৰ্কক আগুৱাই নিব বিচৰা নাই দুই তাৰকাই।


তেওঁলোকে প্ৰকাশ কৰিছে যে, ‘সুদীৰ্ঘ ১৫বছৰে একেলগে আমি জীৱনৰ অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভগাই লৈছোঁ। বিশ্বাস আৰু শ্ৰদ্ধাৰে পৰিপূৰ্ণ আমাৰ সম্পৰ্কই ভালপোৱা বৃদ্ধি কৰিছে।এতিয়া আমি আমাৰ জীৱনৰ নতুন অধ্যায়ৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। স্বামী-স্ত্ৰী হিচাপে নহয়, ইজনে-সিজনৰ সহ-অভিভাৱক আৰু পৰিয়াল হিচাপে থাকিম। কিছুদিনৰ আগায়ে আমি পৰকল্পিত বিচ্ছেদৰ কথা ভাবিছিলোঁ আৰু এতিয়া আমি আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছোঁ। আমাৰ একমাত্ৰ সন্তান আজাদৰ প্ৰতিপালনৰ দ্বায়িত্ব আমি একেলগে পালন কৰিম। আনকি, আমি চলচ্চিত্ৰ, পানী ফাউণ্ডেছন বা অন্যান্য প্ৰকল্পসমূহৰ কাম-কাজসমূহো একেলগে আগবঢ়াই লৈ যাম।’
তেওঁলোকৰ এই সম্পৰ্কৰ বিৱৰ্তনক সমৰ্থন কৰা তথা বুজি পোৱা বাবে পৰিয়াল আৰু বন্ধুবৰ্গক ধন্যবাদ জ্ঞাপন কৰে আমিৰ-কিৰণে। তেওঁলোকৰ সমৰ্থন অবিহনে এই কঠিন সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলেহেতেঁন বুলিও সদৰী কৰিছে দুয়ো।


বিবাহ-বিচ্ছেদৰ এই সিদ্ধান্তক শুভাকাংক্ষীসকলে যাতে নেতিবাচক হিচাপে বিবেচনা নকৰে তাৰ বাবে দুয়ো অনুৰোধ জনাই কয়, ‘ আমি আমাৰ শুভাকাংক্ষীসকলৰ শুভেচ্ছা বিচাৰিছোঁ, আমি আশা কৰোঁ-আমাৰ দৰে আপোনালোকেও এই বিবাহ-বিচ্ছেদক শেষ হিচাপে বিচাৰ নকৰি, নতুন যাত্ৰাৰ সূচনা হিচাপে গণ্য কৰিব।’
উল্লেখ্য যে, আমিৰ-কিৰণে ২০০৫ চনত বিৱাহপাশত আৱদ্ধ হৈছিল। ২০১১চনত একমাত্ৰ সন্তান আজাদৰ জন্ম হয়। জনপ্ৰিয় ছবি ‘লগান’ৰ ছেটত প্ৰথমবাৰলৈ তেওঁলোকৰ সাক্ষাৎ হৈছিল। কিৰণ ৰাও ছবিখনৰ সহ-পৰিচালক আছিল


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement