--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ১৫ বছৰীয়া যুগ্ম জীৱনৰ ইতিৰেখা টানিবলৈ সাজু হৈছে ছবিজগতৰ দুই মহা তাৰকাই। কোনো সংঘাত অবিহনেই দুয়োৰে সম্পৰ্কক অন্য এক গতি দিয়াৰ বাবে উমৈহতীয়াভাৱে এই সিদ্ধান্তত উপনীত হৈছে দুয়ো। এই দুই তাৰকা আন কোনো নহয়, বৰং আমিৰ খান আৰু কিৰণ ৰাও। দুয়ো বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক ঘোষণা কৰিছে। শনিবাৰে পুৱা আনুষ্ঠানিকভাৱে এটা বিজ্ঞপ্তি প্ৰকাশ কৰি আমিৰ খান আৰু কিৰণ ৰাৱে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ কৰিছে। আজি কিছুদিনৰ পৰা দুয়ো পৃথকে পৃথকে আছিল বুলিও সদৰী কৰিছে। ১৫বছৰৰ বৈবাহিক জীৱনৰ সুদীৰ্ঘ সম্পৰ্কক আগুৱাই নিব বিচৰা নাই দুই তাৰকাই।


তেওঁলোকে প্ৰকাশ কৰিছে যে, ‘সুদীৰ্ঘ ১৫বছৰে একেলগে আমি জীৱনৰ অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভগাই লৈছোঁ। বিশ্বাস আৰু শ্ৰদ্ধাৰে পৰিপূৰ্ণ আমাৰ সম্পৰ্কই ভালপোৱা বৃদ্ধি কৰিছে।এতিয়া আমি আমাৰ জীৱনৰ নতুন অধ্যায়ৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। স্বামী-স্ত্ৰী হিচাপে নহয়, ইজনে-সিজনৰ সহ-অভিভাৱক আৰু পৰিয়াল হিচাপে থাকিম। কিছুদিনৰ আগায়ে আমি পৰকল্পিত বিচ্ছেদৰ কথা ভাবিছিলোঁ আৰু এতিয়া আমি আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছোঁ। আমাৰ একমাত্ৰ সন্তান আজাদৰ প্ৰতিপালনৰ দ্বায়িত্ব আমি একেলগে পালন কৰিম। আনকি, আমি চলচ্চিত্ৰ, পানী ফাউণ্ডেছন বা অন্যান্য প্ৰকল্পসমূহৰ কাম-কাজসমূহো একেলগে আগবঢ়াই লৈ যাম।’
তেওঁলোকৰ এই সম্পৰ্কৰ বিৱৰ্তনক সমৰ্থন কৰা তথা বুজি পোৱা বাবে পৰিয়াল আৰু বন্ধুবৰ্গক ধন্যবাদ জ্ঞাপন কৰে আমিৰ-কিৰণে। তেওঁলোকৰ সমৰ্থন অবিহনে এই কঠিন সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলেহেতেঁন বুলিও সদৰী কৰিছে দুয়ো।


বিবাহ-বিচ্ছেদৰ এই সিদ্ধান্তক শুভাকাংক্ষীসকলে যাতে নেতিবাচক হিচাপে বিবেচনা নকৰে তাৰ বাবে দুয়ো অনুৰোধ জনাই কয়, ‘ আমি আমাৰ শুভাকাংক্ষীসকলৰ শুভেচ্ছা বিচাৰিছোঁ, আমি আশা কৰোঁ-আমাৰ দৰে আপোনালোকেও এই বিবাহ-বিচ্ছেদক শেষ হিচাপে বিচাৰ নকৰি, নতুন যাত্ৰাৰ সূচনা হিচাপে গণ্য কৰিব।’
উল্লেখ্য যে, আমিৰ-কিৰণে ২০০৫ চনত বিৱাহপাশত আৱদ্ধ হৈছিল। ২০১১চনত একমাত্ৰ সন্তান আজাদৰ জন্ম হয়। জনপ্ৰিয় ছবি ‘লগান’ৰ ছেটত প্ৰথমবাৰলৈ তেওঁলোকৰ সাক্ষাৎ হৈছিল। কিৰণ ৰাও ছবিখনৰ সহ-পৰিচালক আছিল


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু