--°C
Loading...
Listen to Article
2 min read
80%

ৰিয়াধ : বিয়া পাতিবলৈও এতিয়াৰ পৰা মানিব লাগিব চৰকাৰী নীতি নিৰ্দেশনা। চৰকাৰী ব্যৱস্থাৰ মাজেৰে আবেদন কৰিব লাগিব, দিব লাগিব ভালেমান নথি-পত্ৰও। যদিহে বিদেশীনীক বিয়া পাতিব বিচাৰে তেতিয়া প্ৰযোজ্য হ’ব এই নতুন নিয়ম। অৱশ্যে এয়া ভাৰতৰ কথা নহয়। ছৌডি আৰৱৰ হে নীতি। ছৌডি আৰৱে দেশখনৰ পুৰুষসকলক চাৰিখন দেশৰ নাৰীক বিয়া কৰোঁৱাৰ পৰা বাৰণ কৰিছে।

আৰু পঢ়িব পাৰিব :তৃতীয়টো যুটীয়া মহাকাশ অভিযানৰ বাবে ভাৰত-ফ্ৰান্সৰ প্ৰস্তুতি

ছৌডি আৰৱৰ লোকসকলে এতিয়াৰ পৰা পাকিস্তান, বাংলাদেশ, ৰিপাব্লিক অব চাদ আৰু ম্যানমাৰৰ যুৱতীৰে বিবাহত বহিব নোৱাৰিব। ছৌডি আৰৱৰ সংবাদ মাধ্যমৰ উদ্ধৃতিৰে পাকিস্তানৰ সংবাদপত্ৰ ‘ডন’-এ এই প্ৰতিবেদন প্ৰকাশ কৰিছে। চৰকাৰী তথ্য অনুসৰি এই চাৰিখন দেশৰ প্ৰায় ৫লাখ মহিলাই ছৌডি আৰৱত বসবাস কৰি আছে। এতিয়াৰে পৰা বিদেশীনীক বিয়া পাতিব খোজা ছৌডি পুৰুষে কঠোৰতৰ নীতিগত বাধাৰ সন্মুখীন হ’ব।

আৰু পঢ়িব পাৰিব :স্বামীৰ মৃত্যুৰ পাছতে হেৰুৱাইছে বাসগৃহঃ কন্যাসহ ৰাজপথত মাতৃ

‘মাক্কাহ’ নামৰ দৈনিক সংবাদপত্ৰখনত আৰক্ষী সঞ্চালক মেজৰ জেনেৰেল আছাফ আল-কুৰেশ্বীৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ পাইছে। ছৌডি আৰৱৰ লোকসকলক বিদেশীনীক বিয়া কৰোঁৱাৰ পৰা বাধা দিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এনে কৰিব বিচৰা লোকসকল ভালেমান নীতিগত প্ৰতিবন্ধকতা আঁতৰাই আগবাঢ়িব লাগিব। যিসকলে বিদেশী মহিলাক বিয়া কৰাব বিচাৰে তেওঁলোকে প্ৰথমে ইয়াৰ বাবে চৰকাৰৰ সন্মতি ল’ব লাগিব আৰু তাৰ পাছত চৰকাৰী ব্যৱস্থাৰ জৰিয়তে বিয়াৰ আৱেদন কৰিব লাগিব। এই কথা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক কুৰেশ্বীয়ে।

আৰু পঢ়িব পাৰিব :ৰাজনৈতিক হেঁচাৰ বাবে অধ্যাপকৰ পদত্যাগ! বিশ্বজুৰি প্ৰতিক্ৰিয়া

তেওঁ লগতে প্ৰকাশ কৰে যে, বিবাহ বিচ্ছেদ ঘটা লোকে ছমাহৰ ভিতৰত আবেদন কৰিব নোৱাৰিব। বিবাহৰ আবেদন জনোৱা লোক ২৫বছৰৰ ঊৰ্ধ্বৰ হ’ব লাগিব আৰু তেওঁ উপযুক্ত পৰিচয়পত্ৰ আবেদনৰ সৈতে সংলগ্ন কৰি দিব লাগিব আৰু ফেমিলী কাৰ্ডৰ প্ৰতিলিপিও সংলগ্ন কৰি দিব লাগিব। তদুপৰি বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, ‘যদিহে আবেদনকৰ্তা বিবাহিত হয় তেন্তে তেওঁ পত্নী অক্ষম, কোনো ক্ৰনিক ৰোগত আক্ৰান্ত বা অথৰ্ব বুলি হাস্পতালে দিয়া প্ৰমাণপত্ৰ গাঠি দিব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ