--°C
Loading...
Listen to Article
2 min read
80%

য়াংগন : ১ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ সময়ৰে পৰা ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত চলিছে সামৰিক সন্ত্ৰাস। প্ৰায় প্ৰতিদিনেই সামৰিক বাহিনীৰ গুলীত নিহত হৈছে গণতন্ত্ৰৰ সমৰ্থনত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা নিৰস্ত্ৰ প্ৰতিবাদকাৰী। শুকুৰবাৰৰ দিনটোতো সেনাৰ গুলীত ৮জনকৈ প্ৰতিবাদকাৰী নিহত হোৱা বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : ‘যি কৈছোঁ, কৰি দেখুৱাম…’ চাবুৱাত ৰাহুল গান্ধীয়ে দিলে কি প্ৰতিশ্ৰুতি?

মৃতকৰ সৎকাৰ কৰা এটা সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। ইফালে, চুবুৰীয়া দেশ ইণ্ডোনেছিয়াই হিংসা বন্ধ কৰা আৰু গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ আহ্বান জনাইছে। ১ ফেব্ৰুৱাৰীত আং ছাং ছ্যুকীকে ধৰি গণতান্ত্ৰিক নেতাবৰ্গক বন্দী কৰি সেনাই শাসনভাৰ নিজৰ দখললৈ নিয়াৰ পাছত অস্থিৰতা অব্যাহত আছে দেশখনত।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰত অভিনেতা যতীন বৰা!মহাজোঁটক সমালোচনা

সামৰিক বাহিনীৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই অহা নাগৰিকৰ ওপৰত সেনাই নৃশংস আৰু হিংসাত্মক আক্ৰমণ চলাইছে। সেনাৰ আক্ৰমণত নিহত প্ৰতিবাদকাৰীৰ সংখ্যা এতিয়া শতকৰ কাষ চাপিছে বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দেশখনৰ প্ৰশাসনে বিবিচিৰ এগৰাকীকে ধৰি দুগৰাকী সাংবাদিককো গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে