--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

য়াংগন : ১ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ সময়ৰে পৰা ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত চলিছে সামৰিক সন্ত্ৰাস। প্ৰায় প্ৰতিদিনেই সামৰিক বাহিনীৰ গুলীত নিহত হৈছে গণতন্ত্ৰৰ সমৰ্থনত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা নিৰস্ত্ৰ প্ৰতিবাদকাৰী। শুকুৰবাৰৰ দিনটোতো সেনাৰ গুলীত ৮জনকৈ প্ৰতিবাদকাৰী নিহত হোৱা বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : ‘যি কৈছোঁ, কৰি দেখুৱাম…’ চাবুৱাত ৰাহুল গান্ধীয়ে দিলে কি প্ৰতিশ্ৰুতি?

মৃতকৰ সৎকাৰ কৰা এটা সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। ইফালে, চুবুৰীয়া দেশ ইণ্ডোনেছিয়াই হিংসা বন্ধ কৰা আৰু গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ আহ্বান জনাইছে। ১ ফেব্ৰুৱাৰীত আং ছাং ছ্যুকীকে ধৰি গণতান্ত্ৰিক নেতাবৰ্গক বন্দী কৰি সেনাই শাসনভাৰ নিজৰ দখললৈ নিয়াৰ পাছত অস্থিৰতা অব্যাহত আছে দেশখনত।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰত অভিনেতা যতীন বৰা!মহাজোঁটক সমালোচনা

সামৰিক বাহিনীৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই অহা নাগৰিকৰ ওপৰত সেনাই নৃশংস আৰু হিংসাত্মক আক্ৰমণ চলাইছে। সেনাৰ আক্ৰমণত নিহত প্ৰতিবাদকাৰীৰ সংখ্যা এতিয়া শতকৰ কাষ চাপিছে বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দেশখনৰ প্ৰশাসনে বিবিচিৰ এগৰাকীকে ধৰি দুগৰাকী সাংবাদিককো গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement