--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে আই পি এলত পঞ্জাব কিংছৰ বিৰুদ্ধে মেচ বিজয়ী ৪৯ বলত ৭৭ ৰান খেলাৰ পাছত কোহলীয়ে কয় যে যোৱা দুমাহে তেওঁৰ জীৱন সলনি কৰি পেলাইছে। কাৰণ পুত্ৰ অকাই জন্ম হৈছিল। দ্বিতীয় সন্তান জন্ম হোৱাৰ সময়ত তেওঁ দেশত নাছিল। সকলোবোৰ পূৰ্ব পৰিকল্পিত আছিল। পত্নী অনুষ্কা শৰ্মাৰ সৈতে লণ্ডনলৈ গুচি যায়। আকায়ৰ জন্ম তাতেই হৈছিল। 

সোমবাৰে কোহলীয়ে কয় - ''মই এনেকুৱা ঠাইলৈ যাব বিচাৰিছিলো য’ত আমাক কোনেও চিনি নাপাব। মাত্ৰ দুমাহৰ বাবে মই নিজৰ মতে থাকিব বিচাৰিছিলো। স্বাভাৱিক জীৱন যাপন কৰিব বিচাৰিছিলো। এই অভিজ্ঞতা অসাধাৰণ।’’

দ্বিতীয় সন্তান জন্মৰ পিছতেই সলনি হৈছে কোহলীৰ জীৱন। তেওঁ ক'লে, "মই এতিয়া দুটা সন্তানৰ পিতৃ। মোৰ পাৰিবাৰিক জীৱন সলনি হৈছে। আমি বহুত সময় একেলগে কটালোঁ। ছোৱালীজনীৰ লগত সময় কটাব পাৰিলোঁ। মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে মই মোৰ পৰিয়ালৰ সৈতে ইমান সময় কটাবলৈ সুযোগ পাইছো। যোৱা দুমাহত মোৰ আন এটা দিশ আছে বুলি মই উপলব্ধি কৰিছো। এই ধাৰণাটো অসাধাৰণ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ