--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন। বিধানসভাত প্ৰদান কৰা ভাষণ প্ৰসংগত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে, বিধানসভাত ৭খন বিধায়ক অনা হৈছে। তাৰে এখনত বিধায়কগৰাকীৰ আপত্তি আছে, সেয়া হ’ল ‘গো-সুৰক্ষা বিধিয়েক’। গো-সুৰক্ষা বিধেয়কখনত কোনো সংশোধনী প্ৰস্তাৱ নাথাকিব, সংশোধনী প্ৰস্তাৱ আনিব বিচাৰিলেই সমৰ্থন কৰাটো বুজাব। এই বিধেয়কৰ বাবে মুৰ্গী, ছাগলী মাংসৰ দামো বৃদ্ধি পাব বুলি অখিলে মন্তব্য আগবঢ়ায়।

এজন খেতিয়কৰ বাবে গৰু এটা ব্যৱসায়ো বুলি কয়, এই বিলৰ বাবে গৰু বজাৰ বন্ধ হৈ যাব বুলি উল্লেখ কৰে শিৱসাগৰৰ নৱ-নিৰ্বাচিত বিধায়কগৰাকীয়ে। সকলো খেতিয়কৰ অসুবিধা হ'ব বাবে সম্পূৰ্ণ বিৰোধ কৰা বুলিও বিধায়কগৰাকীয়ে মন্তব্য আগবঢ়ায়। উত্তৰ প্ৰদেশত গো-বিলৰ বাবে বহু উদ্যোগ বন্ধ হৈছে। আজি সদনত বৰপেটাৰ বিধায়কে ম্যানমাৰৰ পৰা চুপাৰী অহাৰ প্ৰসংগত কয় ম্যানমাৰৰ পৰা চুপাৰী অনাৰ কোনো ব্যৱস্থা নাই। আজি সদনতেই ম্যানমাৰৰ পৰা চুপাৰী আহে বুলি কোৱা হৈছে। ফলত চুপাৰী চিণ্ডিকেট, চুপাৰীৰৰ সৈতে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ হয় বুলিও ভাষণ প্ৰসংগত ব্যক্ত কৰে। বৰ্তমানৰ এই ক’ভিডসৃষ্ট পৰিৱেশৰ সময়ত সুৰাৰ সলনি ভেকচিন ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। ‘দৈনিক ৩ লাখ ভেকচিন দিয়াৰ শ্ল’গান ক'ত গ'ল’- বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে। সকলোৱে যে অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে, তাৰ ক্ষতিপূৰণৰ সলনি সুৰাৰ হোম ডেলিভাৰী দি এটা জাতিক ধ্বংস হ'বলৈ আগবঢ়াই দিয়া হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে তেওঁ। বাজেটখন যাতে ব্যক্তিগত হিতাধিকাৰীৰ তালিকা নহয়, অসমৰ সকলো শ্ৰেণীৰ মানুহক ক্ষতিপূৰণ লাভ কৰে তাৰ প্ৰতি আশা ৰাখিছে গগৈয়ে। অন্যথা প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে অখিল গগৈয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ