--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন। বিধানসভাত প্ৰদান কৰা ভাষণ প্ৰসংগত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে, বিধানসভাত ৭খন বিধায়ক অনা হৈছে। তাৰে এখনত বিধায়কগৰাকীৰ আপত্তি আছে, সেয়া হ’ল ‘গো-সুৰক্ষা বিধিয়েক’। গো-সুৰক্ষা বিধেয়কখনত কোনো সংশোধনী প্ৰস্তাৱ নাথাকিব, সংশোধনী প্ৰস্তাৱ আনিব বিচাৰিলেই সমৰ্থন কৰাটো বুজাব। এই বিধেয়কৰ বাবে মুৰ্গী, ছাগলী মাংসৰ দামো বৃদ্ধি পাব বুলি অখিলে মন্তব্য আগবঢ়ায়।

এজন খেতিয়কৰ বাবে গৰু এটা ব্যৱসায়ো বুলি কয়, এই বিলৰ বাবে গৰু বজাৰ বন্ধ হৈ যাব বুলি উল্লেখ কৰে শিৱসাগৰৰ নৱ-নিৰ্বাচিত বিধায়কগৰাকীয়ে। সকলো খেতিয়কৰ অসুবিধা হ'ব বাবে সম্পূৰ্ণ বিৰোধ কৰা বুলিও বিধায়কগৰাকীয়ে মন্তব্য আগবঢ়ায়। উত্তৰ প্ৰদেশত গো-বিলৰ বাবে বহু উদ্যোগ বন্ধ হৈছে। আজি সদনত বৰপেটাৰ বিধায়কে ম্যানমাৰৰ পৰা চুপাৰী অহাৰ প্ৰসংগত কয় ম্যানমাৰৰ পৰা চুপাৰী অনাৰ কোনো ব্যৱস্থা নাই। আজি সদনতেই ম্যানমাৰৰ পৰা চুপাৰী আহে বুলি কোৱা হৈছে। ফলত চুপাৰী চিণ্ডিকেট, চুপাৰীৰৰ সৈতে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ হয় বুলিও ভাষণ প্ৰসংগত ব্যক্ত কৰে। বৰ্তমানৰ এই ক’ভিডসৃষ্ট পৰিৱেশৰ সময়ত সুৰাৰ সলনি ভেকচিন ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। ‘দৈনিক ৩ লাখ ভেকচিন দিয়াৰ শ্ল’গান ক'ত গ'ল’- বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে। সকলোৱে যে অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে, তাৰ ক্ষতিপূৰণৰ সলনি সুৰাৰ হোম ডেলিভাৰী দি এটা জাতিক ধ্বংস হ'বলৈ আগবঢ়াই দিয়া হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে তেওঁ। বাজেটখন যাতে ব্যক্তিগত হিতাধিকাৰীৰ তালিকা নহয়, অসমৰ সকলো শ্ৰেণীৰ মানুহক ক্ষতিপূৰণ লাভ কৰে তাৰ প্ৰতি আশা ৰাখিছে গগৈয়ে। অন্যথা প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে অখিল গগৈয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু