--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন। অপৰাধ-অপৰাধীৰ সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অপৰাধ সকলো সমষ্টিতে অব্যাহত আছে। গতিকে অপৰাধৰ তদন্তৰ দায়িত্ব সম্পূৰ্ণভাৱে আৰক্ষীক প্ৰদান কৰিব লাগে। চি আৰ পি চি, আই পি চি ৰ ওপৰত মন্ত্ৰী-বিধায়কে মাত মাতিব নালাগে বুলিও মখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।

বৰ্তমানৰ চৰকাৰে অপৰাধৰ ক্ষেত্ৰত শূন্য সহনশীল গ্ৰহণ কৰা বুলিও কোৱাৰ লগতে আৰক্ষীক কাম কৰিবলৈ দিব লাগে আৰু এইক্ষেত্ৰত বিধায়কে মাত নামাতিব বুলিও ড০ শৰ্মাই দোহাৰে। সকলো অপৰাধীয়েই কয় তেওঁ বা তেওঁৰ পৰিবাৰ নিৰপৰাধী বুলি। সমষ্টিয়ে সমষ্টিয়ে অপৰাধী আছে। জালুকবাৰী সমষ্টিলৈ মহাত্মা গান্ধী অহাৰ পাছতো সমষ্টিতো চোৰ-ডকাইত হৈ আছে। বিধায়কসকলে সমাজৰ দুৰ্বল মানুহৰ লগত থাকিবলৈ শিকিব লাগে বুলিও নীতিশিক্ষা প্ৰদান কৰে। ‘জালুকবাৰীতকৈ ধিং সমষ্টিক বেছি ভাল পাওঁ’- বুলিও ভাষণত সদৰী কৰে শৰ্মাই। গতিকে ধিঙক অপৰাধমুক্ত সমষ্টি হিচাপে গঢ়ি তুলিম বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এতিয়াৰেপৰা ধিঙলৈ এছ পি আনন্দ মিশ্ৰ বেছিকৈ যাব বুলিও মুখ্যমন্ত্ৰী মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু