--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এখন বিশেষ ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতি গঠন কৰে। এই মিডিয়া সমিতিখনে আগন্তুক ৫খন ৰাজ্যৰ নিৰ্বাচনত মিডিয়াৰ সৈতে সমন্বয় ৰক্ষা আৰু পৰিকল্পনা প্ৰস্তুত কৰাত বিশেষ ভূমিকা পালন কৰিব। এই ৰাষ্ট্ৰীয় সমিতিখনত অসমৰ পৰা নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্ত কৰা হয়।

উল্লেখ্য যে ২০ জনীয়া এই বিশেষ সমিতিখনত জয়ন্ত মল্ল বৰুৱাৰ সৈতে থকা আন সদস্যসকল হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভূ, ৰাজ্যসভাৰ সাংসদ ব্ৰীজ লাল, ৰাষ্ট্ৰীয় সদস্য বিনয় সহস্ৰবুদ্ধি, ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি মাণিক সাহা, ৰাষ্ট্ৰীয় মুখপাত্ৰ ড০ সুধাংশু ত্ৰিৱেদী, ৰাজ্যৱৰ্ধন সিং ৰাঠোড়, ৰাষ্ট্ৰীয় আই টি আহ্বায়ক অমিত মালব্য, সাংসদ অনুৰাগ শৰ্মা, যুগল কিশোৰ শৰ্মা, মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী এ এল হেক, ভাৰতীয় জনতা যুৱ-মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ড০ অভিনৱ প্ৰকাশ আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি