--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এখন বিশেষ ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতি গঠন কৰে। এই মিডিয়া সমিতিখনে আগন্তুক ৫খন ৰাজ্যৰ নিৰ্বাচনত মিডিয়াৰ সৈতে সমন্বয় ৰক্ষা আৰু পৰিকল্পনা প্ৰস্তুত কৰাত বিশেষ ভূমিকা পালন কৰিব। এই ৰাষ্ট্ৰীয় সমিতিখনত অসমৰ পৰা নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্ত কৰা হয়।

উল্লেখ্য যে ২০ জনীয়া এই বিশেষ সমিতিখনত জয়ন্ত মল্ল বৰুৱাৰ সৈতে থকা আন সদস্যসকল হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভূ, ৰাজ্যসভাৰ সাংসদ ব্ৰীজ লাল, ৰাষ্ট্ৰীয় সদস্য বিনয় সহস্ৰবুদ্ধি, ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি মাণিক সাহা, ৰাষ্ট্ৰীয় মুখপাত্ৰ ড০ সুধাংশু ত্ৰিৱেদী, ৰাজ্যৱৰ্ধন সিং ৰাঠোড়, ৰাষ্ট্ৰীয় আই টি আহ্বায়ক অমিত মালব্য, সাংসদ অনুৰাগ শৰ্মা, যুগল কিশোৰ শৰ্মা, মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী এ এল হেক, ভাৰতীয় জনতা যুৱ-মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ড০ অভিনৱ প্ৰকাশ আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক