--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন বছৰৰ প্ৰাকমুহূৰ্তত এটা ডাঙৰ টুইট কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত কৈছে যে, বছৰটোৰ প্ৰথম দিনটো অন্নদাতাসকলৰ বাবে উৎসৰ্গিত কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি কিষাণ সন্মান নিধিৰ দশম কিস্তি মুকলি কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয় যে আজি ১০ কোটিতকৈয়ো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ২০,০০০ কোটিৰো অধিক টকা স্থানান্তৰ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি দুপৰীয়া ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কৃষক আন্দোলনৰ পাছত কৃষি আইন প্ৰত্যাহাৰৰ পিছত কৃষকৰ স্বাৰ্থৰ ওপৰত নিৰন্তৰভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষক পৰিয়াললৈ পুঁজি স্থানান্তৰ কৰা হৈছে। লগতে এতিয়া, দশম কিস্তিটো নতুন বছৰৰ প্ৰথম দিনাই কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক চৰকাৰী বিবৃতি অনুসৰি, চৰকাৰৰ এই আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ সংকল্পৰ সৈতে সামঞ্জস্যপূৰ্ণ। ইয়াৰ ফলত ১০ কোটিতকৈও অধিক হিতাধিকাৰী কৃষক পৰিয়াল উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত অহা সকলো কৃষকে প্ৰতিবছৰে চৰকাৰৰ পৰা 6000 টকা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব, প্ৰতিটো কিস্তিত ২০০০ টকাকৈ লাভ কৰিব কৃষকসকলে৷

এই আঁচনিৰ অধীনত এতিয়ালৈকে কৃষক পৰিয়াললৈ ১.৬ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৫১ খন কৃষক উৎপাদক সংগঠনক ১৪ কোটি টকাৰ অধিক ইকুইটি অনুদান মুকলি কৰিব, যাৰ ফলত ১.২৪ লাখৰো অধিক কৃষক উপকৃত হ’ব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ সময়ত বিভিন্ন কৃষক উৎপাদক সংগঠনৰ সৈতে বাৰ্তালাপ কৰিব আৰু দেশবাসীক সম্বোধন কৰিব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰেও অনুষ্ঠানটোত উপস্থিত থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি