--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন বছৰৰ প্ৰাকমুহূৰ্তত এটা ডাঙৰ টুইট কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত কৈছে যে, বছৰটোৰ প্ৰথম দিনটো অন্নদাতাসকলৰ বাবে উৎসৰ্গিত কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি কিষাণ সন্মান নিধিৰ দশম কিস্তি মুকলি কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয় যে আজি ১০ কোটিতকৈয়ো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ২০,০০০ কোটিৰো অধিক টকা স্থানান্তৰ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি দুপৰীয়া ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কৃষক আন্দোলনৰ পাছত কৃষি আইন প্ৰত্যাহাৰৰ পিছত কৃষকৰ স্বাৰ্থৰ ওপৰত নিৰন্তৰভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষক পৰিয়াললৈ পুঁজি স্থানান্তৰ কৰা হৈছে। লগতে এতিয়া, দশম কিস্তিটো নতুন বছৰৰ প্ৰথম দিনাই কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক চৰকাৰী বিবৃতি অনুসৰি, চৰকাৰৰ এই আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ সংকল্পৰ সৈতে সামঞ্জস্যপূৰ্ণ। ইয়াৰ ফলত ১০ কোটিতকৈও অধিক হিতাধিকাৰী কৃষক পৰিয়াল উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত অহা সকলো কৃষকে প্ৰতিবছৰে চৰকাৰৰ পৰা 6000 টকা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব, প্ৰতিটো কিস্তিত ২০০০ টকাকৈ লাভ কৰিব কৃষকসকলে৷

এই আঁচনিৰ অধীনত এতিয়ালৈকে কৃষক পৰিয়াললৈ ১.৬ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৫১ খন কৃষক উৎপাদক সংগঠনক ১৪ কোটি টকাৰ অধিক ইকুইটি অনুদান মুকলি কৰিব, যাৰ ফলত ১.২৪ লাখৰো অধিক কৃষক উপকৃত হ’ব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ সময়ত বিভিন্ন কৃষক উৎপাদক সংগঠনৰ সৈতে বাৰ্তালাপ কৰিব আৰু দেশবাসীক সম্বোধন কৰিব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰেও অনুষ্ঠানটোত উপস্থিত থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক