--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰাতীয় সংবিধানৰ প্ৰস্তাৱনাতে উল্লেখ আছে যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। আপ্ত শব্দ কেইটাই যেন কেৱল সংবিধানৰ প্ৰস্তাৱনাহে শুৱনি কৰি আছে, দেশত ধৰ্মনিৰপেক্ষতা এতিয়া ফুটুকাৰ ফেন। অনুসূচিত জাতি জনাতিৰ তালিকাতো পৰিলক্ষিত হৈছে ধৰ্মীয় বৈষম্য।

সৰ্বভাৰতীয় পাছমাণ্ডা মুছলিম মহাজে ধৰ্ম নিৰপেক্ষ ভবে অনুসূচিত জাতি তালিকা প্ৰস্তুত কৰি দলিত মুছলমান আৰু খ্ৰীষ্টানসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ শুকুৰবাৰে কেন্দ্ৰীয় আয়োগক আহ্বান জনাইছে। প্ৰাক্তন মুখ্য ন্যায়াধীশ কে.জি বালকৃষ্ণনৰ নেতৃত্বাধীন তিনিজনীয়া আয়োগক সাক্ষাৎ কৰে ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আলী আনোৱাৰ আনছাৰীৰ নেতৃত্বত এআইপিএমএমৰ এটা প্ৰতিনিধি দলে। 

প্ৰতিনিধি দলটোৱে, পাছমাণ্ডা মুছলমানসকলকো অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰিবৰ বাবে তালিকাখন ধৰ্মনিৰপেক্ষ ভাবে প্ৰস্তুত কৰিবলৈ আয়োগক আহ্বান জনাইছে। উল্লেখযোগ্য যে ‘পছমাণ্ডা’ শব্দটো পিছপৰা, দলিত আৰু জনজাতীয় মুছলমানসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ আনছাৰীযে এক বিবৃতিৰ জড়িয়তে প্ৰকাশ কৰিছে যে, ‘আজি আমি প্ৰাক্তন মুখ্য ন্যায়াধীশ কে.জি বালকৃষ্ণনৰ নেতৃত্বাধীন আয়োগৰ ওচৰত কেন্দ্ৰই অনুসূচিত জাতিৰ মৰ্যাদা ধৰ্ম নিৰপেক্ষ ভবে প্ৰদান কৰিব লাগে বুলি আবেদন জনায়। সম্প্ৰদায় হিচাপে জনসংখ্যা অধিক হোৱাৰ পিছতো চাকৰি, বিধায়িনী দল তথা চৰকাৰী সংখ্যালঘু প্ৰতিষ্ঠানৰ লগতে মুছলমান সংগঠনতো পাছমাণ্ডা মুছলমানসকলৰ প্ৰতিনিধিত্ব কম বুলি প্ৰতিনিধি দলটোৱে আয়োগৰ ওচৰত সদৰি কৰিছে।

উল্লেখযোগ্য যে সংবিধান প্ৰণয়ন কৰাৰ পাছত ৰাষ্ট্ৰপতিয়ে ৩৪১(১) অনুচ্ছেদৰ অধীনত সংবিধান (অনুসূচিত জাতি) আদেশ ১৯৫০ জাৰি কৰে, এই অনুচ্ছেদৰ অধীনত অনুসূচিত জাতি, জনজাতিৰ নাম অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ন্যায়াধীশ কে.জি বালকৃষ্ণনৰ নেতৃত্বাধীন আয়োগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন