--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰাতীয় সংবিধানৰ প্ৰস্তাৱনাতে উল্লেখ আছে যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। আপ্ত শব্দ কেইটাই যেন কেৱল সংবিধানৰ প্ৰস্তাৱনাহে শুৱনি কৰি আছে, দেশত ধৰ্মনিৰপেক্ষতা এতিয়া ফুটুকাৰ ফেন। অনুসূচিত জাতি জনাতিৰ তালিকাতো পৰিলক্ষিত হৈছে ধৰ্মীয় বৈষম্য।

সৰ্বভাৰতীয় পাছমাণ্ডা মুছলিম মহাজে ধৰ্ম নিৰপেক্ষ ভবে অনুসূচিত জাতি তালিকা প্ৰস্তুত কৰি দলিত মুছলমান আৰু খ্ৰীষ্টানসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ শুকুৰবাৰে কেন্দ্ৰীয় আয়োগক আহ্বান জনাইছে। প্ৰাক্তন মুখ্য ন্যায়াধীশ কে.জি বালকৃষ্ণনৰ নেতৃত্বাধীন তিনিজনীয়া আয়োগক সাক্ষাৎ কৰে ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আলী আনোৱাৰ আনছাৰীৰ নেতৃত্বত এআইপিএমএমৰ এটা প্ৰতিনিধি দলে। 

প্ৰতিনিধি দলটোৱে, পাছমাণ্ডা মুছলমানসকলকো অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰিবৰ বাবে তালিকাখন ধৰ্মনিৰপেক্ষ ভাবে প্ৰস্তুত কৰিবলৈ আয়োগক আহ্বান জনাইছে। উল্লেখযোগ্য যে ‘পছমাণ্ডা’ শব্দটো পিছপৰা, দলিত আৰু জনজাতীয় মুছলমানসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ আনছাৰীযে এক বিবৃতিৰ জড়িয়তে প্ৰকাশ কৰিছে যে, ‘আজি আমি প্ৰাক্তন মুখ্য ন্যায়াধীশ কে.জি বালকৃষ্ণনৰ নেতৃত্বাধীন আয়োগৰ ওচৰত কেন্দ্ৰই অনুসূচিত জাতিৰ মৰ্যাদা ধৰ্ম নিৰপেক্ষ ভবে প্ৰদান কৰিব লাগে বুলি আবেদন জনায়। সম্প্ৰদায় হিচাপে জনসংখ্যা অধিক হোৱাৰ পিছতো চাকৰি, বিধায়িনী দল তথা চৰকাৰী সংখ্যালঘু প্ৰতিষ্ঠানৰ লগতে মুছলমান সংগঠনতো পাছমাণ্ডা মুছলমানসকলৰ প্ৰতিনিধিত্ব কম বুলি প্ৰতিনিধি দলটোৱে আয়োগৰ ওচৰত সদৰি কৰিছে।

উল্লেখযোগ্য যে সংবিধান প্ৰণয়ন কৰাৰ পাছত ৰাষ্ট্ৰপতিয়ে ৩৪১(১) অনুচ্ছেদৰ অধীনত সংবিধান (অনুসূচিত জাতি) আদেশ ১৯৫০ জাৰি কৰে, এই অনুচ্ছেদৰ অধীনত অনুসূচিত জাতি, জনজাতিৰ নাম অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ন্যায়াধীশ কে.জি বালকৃষ্ণনৰ নেতৃত্বাধীন আয়োগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ