--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত বহিৰাগতৰ সমস্যা বহু পুৰণি। প্ৰশ্ন হয় কিয় অসমত বহিৰাগতৰ প্ৰতিপত্তি দিনক দিনে বাঢ়ি আহিছে। কোনে দিছে এই সুবিধা? 

শিৱসাগৰৰ পাছত এইবাৰ অনা অসমীয়া আৰু মিঞাৰ বিৰুদ্ধে একত্ৰিত হ'ল ২১ টা সংগঠন। গঠন হ'ল ঊমৈহতীয়া মঞ্চ।আটাছু,কৃষক মুক্তি,ছাত্র মুক্তি,অনুসুচিত জাতি ছাত্র সন্থা,সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,লাচিত সেনা থলগিৰি,আমছু খিলঞ্জীয়াকে ধৰি মুঠ ২১ টা সংগঠনৰ বিষয়ববীয়াৰে মুঠ ২১ জনীয়া সমিতিৰে শনিবাৰে এই ঊমৈহতীয়া মঞ্চখনি গঠন হয়।মঞ্চৰ ৯ দফীয়া দাবীৰে গোলাঘাটৰ অনা অসমীয়া আৰু মিঞাক সকিয়নী।

তেওঁলোকৰ দাবীসমূহ হ’ল :

১)কোনো অসমীয়াই অনা অসমীয়াক মাটি বিক্ৰী কৰিব নোৱাৰিব।অন্যথা অসমীয়া লোকজন সামাজিকভাৱে বৰ্জিত হ'ব।

২/গোলাঘাট পৌৰসভাত খিলঞ্জীয়া লোকে আগস্থান পাব লাগিব।

৩/গোলাঘাটৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ২৪ ঘন্টাৰ ভিতৰত অসমীয়া হৰ্ডিং লগাব লাগিব।লগতে ওপৰত ‘‘জয় আই অসম’’ লিখিব লাগিব।

৪/গোলাঘাটৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ৯০% শতাংশ অসমীয়া লোকক সংস্থাপন দিব লাগিব।

৫/এতিয়াৰ পৰা কোনো অসমীয়া লোকক আক্ৰমণ কৰা অনা-অসমীয়াৰ পক্ষত থিয় দিয়া অসমীয়া লোকক সামাজিকভাৱে এঘৰীয়া কৰা হ'ব।

৬/গোলাঘাটত অসমীয়াৰ বাদে কোনো অনা-অসমীয়া সংগঠন আজিৰ পৰা নিষ্ক্ৰিয় কৰিব লাগিব।

৭/অসমৰ বাহিৰৰ পৰা কোনো ব্যৱসায়ীয়ে পাৱাৰলুমৰ গামোচা অনা বন্ধ কৰি অসমীয়া শিপিনীৰ পৰা গামোচা লৈ বিক্ৰী কৰিব লাগিব।

৮/গোলাঘাটত থকা মিঞাই টালি টুপুলা লৈ গোলাঘাট ত্যাগ কৰিব লাগিব।

৯/খৰালিৰ কালত ইটাৰ ভাঁটা আৰু বাৰিষা কালৰ খেতিত মিঞা আনি কামত খটোৱা অসমীয়া লোকক সকিয়নী‌ ঊমৈহতীয়া মঞ্চৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন