--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত বহিৰাগতৰ সমস্যা বহু পুৰণি। প্ৰশ্ন হয় কিয় অসমত বহিৰাগতৰ প্ৰতিপত্তি দিনক দিনে বাঢ়ি আহিছে। কোনে দিছে এই সুবিধা? 

শিৱসাগৰৰ পাছত এইবাৰ অনা অসমীয়া আৰু মিঞাৰ বিৰুদ্ধে একত্ৰিত হ'ল ২১ টা সংগঠন। গঠন হ'ল ঊমৈহতীয়া মঞ্চ।আটাছু,কৃষক মুক্তি,ছাত্র মুক্তি,অনুসুচিত জাতি ছাত্র সন্থা,সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,লাচিত সেনা থলগিৰি,আমছু খিলঞ্জীয়াকে ধৰি মুঠ ২১ টা সংগঠনৰ বিষয়ববীয়াৰে মুঠ ২১ জনীয়া সমিতিৰে শনিবাৰে এই ঊমৈহতীয়া মঞ্চখনি গঠন হয়।মঞ্চৰ ৯ দফীয়া দাবীৰে গোলাঘাটৰ অনা অসমীয়া আৰু মিঞাক সকিয়নী।

তেওঁলোকৰ দাবীসমূহ হ’ল :

১)কোনো অসমীয়াই অনা অসমীয়াক মাটি বিক্ৰী কৰিব নোৱাৰিব।অন্যথা অসমীয়া লোকজন সামাজিকভাৱে বৰ্জিত হ'ব।

২/গোলাঘাট পৌৰসভাত খিলঞ্জীয়া লোকে আগস্থান পাব লাগিব।

৩/গোলাঘাটৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ২৪ ঘন্টাৰ ভিতৰত অসমীয়া হৰ্ডিং লগাব লাগিব।লগতে ওপৰত ‘‘জয় আই অসম’’ লিখিব লাগিব।

৪/গোলাঘাটৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ৯০% শতাংশ অসমীয়া লোকক সংস্থাপন দিব লাগিব।

৫/এতিয়াৰ পৰা কোনো অসমীয়া লোকক আক্ৰমণ কৰা অনা-অসমীয়াৰ পক্ষত থিয় দিয়া অসমীয়া লোকক সামাজিকভাৱে এঘৰীয়া কৰা হ'ব।

৬/গোলাঘাটত অসমীয়াৰ বাদে কোনো অনা-অসমীয়া সংগঠন আজিৰ পৰা নিষ্ক্ৰিয় কৰিব লাগিব।

৭/অসমৰ বাহিৰৰ পৰা কোনো ব্যৱসায়ীয়ে পাৱাৰলুমৰ গামোচা অনা বন্ধ কৰি অসমীয়া শিপিনীৰ পৰা গামোচা লৈ বিক্ৰী কৰিব লাগিব।

৮/গোলাঘাটত থকা মিঞাই টালি টুপুলা লৈ গোলাঘাট ত্যাগ কৰিব লাগিব।

৯/খৰালিৰ কালত ইটাৰ ভাঁটা আৰু বাৰিষা কালৰ খেতিত মিঞা আনি কামত খটোৱা অসমীয়া লোকক সকিয়নী‌ ঊমৈহতীয়া মঞ্চৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন