--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত মুঠ ১৫খন জিলাক সামৰি লোৱা হ'ব। ইয়াৰ ভিতৰত বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, নগাঁও, দক্ষিণ শালমাৰা মানকাচৰ, শ্রীভূমি, তামুলপুৰ আৰু ওদালগুৰি জিলা আছে।

ডিজিটেল ডেস্ক: ৰাজ্যৰ শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে শিক্ষা বিভাগে প্রতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। শিক্ষা বিভাগে আগন্তুক বৰ্ষত হ'বলগীয়া গুণোৎসৱৰ সময়সূচী পুনৰ ঘোষণা কৰিছে। অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। এইবাৰৰ গুণোৎসৱ ২০২৭ৰ (সপ্তম ৰাউণ্ড) দুটা পর্যায়ত অনুষ্ঠিত হ'ব। 


নতুন সূচী অনুসৰি ৬ জানুৱাৰীত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন হ'ব। ৭, ৮ আৰু ৯ জানুৱাৰীত প্রথম পৰ্যায়ৰ বহিঃমূল্যায়ন অনুষ্ঠিত হ'ব। এইবাৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত ২০খন জিলাক সামৰি লোৱা হ'ব। প্রথম পৰ্যায়ত বৰপেটা, বজালী, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ (ম), লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লোৱা হ'ব। আনহাতে ১৯ জানুৱাৰীত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। সূচী অনুসৰি ১৯ জানুৱাৰীত ২য় পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়ন হ'ব।


২০, ২১ আৰু ২২ জানুৱাৰীত হ'ব বহিঃমূল্যায়ন। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত মুঠ ১৫খন জিলাক সামৰি লোৱা হ'ব। ইয়াৰ ভিতৰত বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, নগাঁও, দক্ষিণ শালমাৰা মানকাচৰ, শ্রীভূমি, তামুলপুৰ আৰু ওদালগুৰি জিলা আছে। 


লক্ষণীয়ভাৱে এইবাৰ বজালী আৰু তামুলপুৰ জিলাৰ গুণোৎসৱ ক্ৰমে বজালী আৰু বাক্সা জিলাই অনুষ্ঠিত কৰিব। প্রণিধানযোগ্য যে শিক্ষা বিভাগে পূর্বে এই গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰি যোৱা ১৯ ছেপ্টেম্বৰত জাননীও জাৰি কৰিছিল। পূৰ্বৰ জাননী অনুসৰি ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা আছিল। সেই অনুসৰি অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ, ১৯ জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ আৰু ২ ফেব্ৰুৱাৰীৰ পৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ হোৱাৰ কথা আছিল। আনহাতে পূৰ্বৰ সিদ্ধান্ত অনুসৰি প্ৰথম পৰ্যায়ত ১৩ খন, দ্বিতীয় পৰ্যায়ত ১২ খন আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱত ১০ খন জিলাক সামৰি লোৱাৰ কথা আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬ জানুৱাৰীৰ পৰা ৰাজ্যত দুটা পর্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ