--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভুক্তভোগী পিতৃয়ে কয় যে বিয়াৰ প্ৰস্তুতিত তেওঁ প্ৰায় ২৫ৰ পৰা ৩০ লাখ টকা খৰচ কৰিছিল। ডিজে আৰু ঘোঁৰাৰো ব্যৱস্থা কৰা হৈছিল। বৰযাত্ৰীত প্ৰায় ২০ৰ পৰা ৩০ জন লোকহে উপস্থিত হৈছিল। কিন্তু দৰা উভতি যোৱাৰ পিছত বিয়াৰ অনুষ্ঠানলৈ অহা অতিথিসকলেও আহাৰ গ্ৰহণ নকৰিলে।

ডিজিটেল ডেস্ক: আৰক্ষী কনিষ্টবলৰ নিৰ্ল্লজ কাণ্ড। যৌতুকৰ লোভত আৰক্ষী কনিষ্টবলগৰাকীয়ে সমাজক কৰিলে লজ্জানত। যৌতুকত মন পছন্দৰ গাড়ী নাপাই ৰভাতলীৰ পৰা বৰযাত্ৰীসহ উভতিল আৰক্ষী কনিষ্টবল দৰা। 


এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ সোণীপতত। যৌতুক আৰু গাড়ীৰ দাবীক লৈ বিয়াৰ দিনা এনে এক বিবাদৰ সৃষ্টি হয় যে দৰাই কইনা ঘৰৰ সন্মান মাটিত মিলাই ৰভাতলীৰ পৰা উভতি যায়। অভিযোগ অনুসৰি, কইনাঘৰীয়াই দিয়া ৯.৫ লাখ টকাৰ Aura গাড়ীখন দৰাই পচন্দ নকৰিলে আৰু Brezza গাড়ীৰ দাবী কৰিলে।


ব্ৰেজা গাড়ী নাপাই দৰাই বিয়া কৰাবলৈ অস্বীকাৰ কৰে। আনহাতে, কইনাই বিয়াৰ সাজ পিন্ধি মণ্ডপত বহি দৰালৈ বাট চাই থাকিল। এতিয়া ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী থানাত অভিযোগ দাখিল কৰি ন্যায়ৰ দাবী জনাইছে।


তথ্য অনুসৰি সুভাষ কুমাৰ নামৰ ব্যক্তিগৰাকীয়ে প্ৰায় ৬ মাহ পূৰ্বে নিজ কন্যা হীনাৰ বিয়া গোহানাৰ গান্ধীনগৰ নিবাসী কুলদীপৰ সৈতে ঠিক কৰিছিল। কুলদীপ দিল্লী আৰক্ষী কনিষ্টবল হিচাপে কৰ্মৰত। ২০ নৱেম্বৰত দুয়োৰে বিয়া হোৱাৰ কথা আছিল। ছোৱালীজনীৰ পিতৃৰ অভিযোগ যে সম্পৰ্ক ঠিক হোৱাৰ পিছৰ পৰাই দৰা পক্ষৰ ফালৰ পৰা গাড়ী আৰু গহনাৰ দাবী উত্থাপন হ’বলৈ ধৰিছিল। 


ভুক্তভোগী পিতৃৰ মতে, তেওঁ দৰাৰ বাবে ৯.৫ লাখ টকাৰ এখন গাড়ী বুকিং কৰি থৈছিল। কিন্তু বিয়াৰ এদিন পূৰ্বে মধ্যস্থতাকাৰীৰ জৰিয়তে তেওঁ গম পায় যে কুলদীপে এই গাড়ীখন পচন্দ কৰা নাই; তেওঁক ব্ৰেজা গাড়ী লাগে। ইয়াৰ পিছত পিতৃয়ে আগৰ গাড়ীখনৰ বুকিং বাতিল কৰি ব্ৰেজা গাড়ী বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু বিয়ালৈ কম সময় থকা বাবে গাড়ীখন বুকিং কৰিব নোৱাৰিলে। পিতৃৰ অভিযোগ যে ব্ৰেজা গাড়ীখনৰ মূল্য প্ৰায় ১৩ লাখ টকা আছিল।


কেৱল সিমানেই নহয়, পিতৃয়ে দৰাৰ বাবে দুই তোলা সোণৰ চেইন, দৰাৰ মাকৰ বাবে চাৰি তোলাৰ কাণফুলি আৰু ৰূপৰ নূপুৰ দিয়াৰো প্ৰস্তুতি চলাইছিল। অভিযোগ অনুসৰি, দৰাৰ ককায়েক আৰু বৌয়েকৰ বাবেও গহনাৰ দাবী কৰা হৈছিল। কইনা পক্ষই তেওঁলোকৰ দাবী মানি গহনা বনোৱাৰ অৰ্ডাৰো দিছিল। ইয়াৰ উপৰিও বিয়াত ফাৰ্ণিচাৰ আৰু অন্যান্য সামগ্ৰীৰো যোগাৰ কৰা হৈছিল।


২০ নৱেম্বৰত বিয়াৰ দিনা সোণীপতৰ মামচন্দ বাটিকাত বিয়াৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। কইনাঘৰীয়াই প্ৰায় ১২০০ লোকৰ বাবে ভোজনৰ ব্যৱস্থা কৰিছিল। কিন্তু অভিযোগ অনুসৰি, দৰা কুলদীপে সাধাৰণ সাজ-পোছাকতে বিয়াথলীত উপস্থিত হয়। তালৈ গৈ তেওঁ ব্ৰেজা গাড়ী বিচাৰে। যেতিয়া গাড়ীখন নাপালে, তেতিয়া কইনা পক্ষৰ সৈতে তৰ্ক-বিতৰ্ক আৰম্ভ হয়।


কইনাৰ পিতৃ সুভাষ কুমাৰৰ অভিযোগ যে দৰাই তেওঁলোকৰ পৰিয়ালক অশ্লীল গালি-গালাজ কৰে। কইনাৰ ভাতৃ সাহিলৰ সৈতেও দৰাৰ বিবাদ হয়। এই সময়ছোৱাত কইনা পক্ষৰ লোক আৰু আত্মীয়সকলে হাতযোৰ কৰি দৰা আৰু তেওঁৰ মাতৃক বিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাই থাকে। কিন্তু দৰা পক্ষ মান্তি নহ’ল আৰু শেষত বৰযাত্ৰী লৈ উভতি যায়। আনহাতে, বিয়াৰ সাজ পিন্ধি মণ্ডপত বহি অপেক্ষা কৰি থাকিল কইনাই।


ভুক্তভোগী পিতৃয়ে কয় যে বিয়াৰ প্ৰস্তুতিত তেওঁ প্ৰায় ২৫ৰ পৰা ৩০ লাখ টকা খৰচ কৰিছিল। ডিজে আৰু ঘোঁৰাৰো ব্যৱস্থা কৰা হৈছিল। বৰযাত্ৰীত প্ৰায় ২০ৰ পৰা ৩০ জন লোকহে উপস্থিত হৈছিল। কিন্তু দৰা উভতি যোৱাৰ পিছত বিয়াৰ অনুষ্ঠানলৈ অহা অতিথিসকলেও আহাৰ গ্ৰহণ নকৰিলে। যাৰ ফলত পৰিয়ালটোৱে আৰ্থিক লোকচানৰ লগতে মানসিক আৰু সামাজিক দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হয়।


ভুক্তভোগী পিতৃ সুভাষ কুমাৰে আৰক্ষী থানাত অভিযোগ দাখিল কৰি দৰা কুলদীপ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। পিতৃয়ে কয় যে তেওঁৰ কন্যা এম এ আৰু জে বি টি উত্তীৰ্ণ আনহাতে দৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। তেওঁ নিজৰ সামৰ্থ্য অনুসৰি বিয়াৰ সকলো প্ৰস্তুতি চলাইছিল। এতিয়া তেওঁৰ দাবী যে ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হওক।


বৰ্তমান ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ ওচৰত ন্যায়ৰ দাবী জনাইছে। আৰক্ষীৰ তদন্তত কি তথ্য পোহৰলৈ আহে সেয়া হ'ব লক্ষ্যনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌতুকৰ লোভ! ব্ৰেজা গাড়ী নাপাই বিয়া ভাঙি উভতি গ’ল আৰক্ষীৰ কনিষ্টবল দৰা
১০ বছৰে ঘৰৰ সদস্য হৈ থকা পোহনীয়া ভাটৌ উৰি গুচি গ’ল; সন্ধান দিওঁতাক ১১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা
৬ জানুৱাৰীৰ পৰা ৰাজ্যত দুটা পর্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ