--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নক্সাল বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে কালিৰে পৰা লাভ কৰিছে  গুৰুত্বপূৰ্ণ সফলতা। মঙলবাৰে পুৱাৰে পৰা যুটীয়া বাহিনীয়ে ছত্তীশগড়ৰ অৰণ্য ঘেৰাও কৰি মাওবাদীৰ বিৰুদ্ধে  অভিযান চলাই আছে। নিশালৈকে,সংঘৰ্ষত ১০  জন মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছিল। বুধবাৰে  আৰু তিনিজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।ইয়াকেলৈ নিহত মাওবাদীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে। চলিত বছৰত এয়াই  মাওবাদীৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ অভিযান হিচাবে চিহ্নিত হৈছে। উল্লেখ্য মধ্য প্ৰদেশৰ বালাঘাটতো নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত  দুগৰাকী  মাওবাদী নিহত হৈছে।  তেওঁলোকৰ মূৰৰ যুটীয়া মূল্য আছিল ৪৩ লাখ টকা। দুয়োগৰাকীৰ  ভিতৰত আছে ক্ৰান্তি নামৰ এগৰাকী মহিলা মাওবাদী নেত্ৰী। 

তেওঁৰ মূৰৰ মূল্য আছিল ২৯ লাখ টকা। মঙলবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চাৰিজন মাওবাদী নিহত হৈছিল। নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত কালিলৈকে  ১০ জন মাওবাদী নিহত হৈছিল।  মঙলবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান চলায়। পুৱা প্ৰায় ৬ বজাত  নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে লেন্দ্ৰ গাওঁৰ ওচৰত মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰে। দলটোত জিলা ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ'ৰ্চ, চিআৰপিএফ আৰু কোব্ৰাৰ সদস্যসকল অন্তৰ্ভুক্ত আছিল।

মঙলবাৰে পুৱা আৰক্ষীয়ে বিজাপুৰৰ লেন্দ্ৰ গাওঁৰ ওচৰত মাওবাদীৰ উপস্থিতিৰ  বিষয়ে তথ্য লাভ কৰে। এই তথ্য লাভ কৰাৰ পিছতে যুটীয়া বাহিনীয়ে মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত মাওবাদীয়ে  নিৰাপত্তা বাহিনীৰ ওপৰত  ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।  সুৰক্ষা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে।  

 দুয়োপক্ষৰ মাজত কিছু সময়ৰ বাবে সংঘৰ্ষ  অব্যাহত থাকে। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা  ১০ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে এটা মেচিনগান আৰু অন্যান্য অস্ত্ৰসহ কেইবাটাও স্বয়ংক্ৰিয় অস্ত্ৰ উদ্ধাৰ কৰে। আজি নিহতৰ সংখ্যা বৃদ্ধি হৈ ১৩ গৰাকী হৈছে। উল্লেখ্য বিজাপুৰ জিলাৰ বাস্তাৰ লোকসভা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়ত সন্ত্ৰাসৰ যিকোনো পৰিৱেশ প্ৰতিহত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আছে। ২৭ মাৰ্চত বিজাপুৰ জিলাৰ বাচাগুড়া অঞ্চলত এক অভিযানত ছজন মাওবাদী নিহত হৈছিল। মাত্ৰ এসপ্তাহৰ ভিতৰতে এই মাওবাদী অধ্যুষিত অঞ্চলটোত পুনৰ কেইবাজনো মাওবাদী ধৰাশায়ী হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি চলি বছৰত এতিয়ালৈকে কেৱল বাস্তাৰতে ৪৩ জন মাওবাদী নিহত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু