--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : সমাগত নিৰ্বাচনক লৈ উঠি-পৰি লাগিছে বিজেপি মিত্ৰজোঁট৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীত্বক লৈ অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখনকৈ বৈঠক৷ আজি অতুল বৰাৰ দিছপুৰৰ বাসগৃহত অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে পুনৰ বৈঠকত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ আহিব মোদী ! বিজেপিৰ প্ৰস্তুতি আৰম্ভ

হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত উপস্থিত আছে মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, উৎপল দত্ত তথা অগপৰ আন শীৰ্ষ নেতৃত্ব৷ অগপ-ইউপিপিএলৰ সৈতে আসন বুজাবুজি সম্পৰ্কীয় আলোচনা ৯৯% সফল হোৱা বুলি জানিব পৰা গৈছে৷ আজি সন্ধিয়া ৫ বজাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে মিত্ৰদলৰে আসন বুজাবুজি সম্পৰ্কীয় চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব।

আৰু পঢ়িব পাৰিব : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

আনহাতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে সন্ধিয়া ৭ বজাত নিৰ্বাচনী কৌশল সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব৷ আজি দিনৰ ১ বজাত দিল্লীলৈ ৰাওনা হ'ব বিজেপি আৰু অগপৰ নেতৃত্ব৷ বিজেপিৰ হৈ দিল্লীলৈ যাব মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, মন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, ফণী শৰ্মা, দিলীপ শইকীয়া আৰু অজয় জামাল৷ এইবাৰ নিৰ্বাচনত মহিলা প্ৰার্থীক অগ্রাধিকাৰ দিয়া হ'ব বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ