--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ঐকমত্যত উপনীত হ’ব পৰা নাই নৱগঠিত দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্ব। বিজেপিৰ বিৰুদ্ধে একত্ৰিত ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলোৱা দুয়োটা দলৰ শীৰ্ষ নেতাৰ মন্তব্যত দেখা গৈছে মতবিৰোধ। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কীয় সিদ্ধান্ত বিপৰীত মেৰুত অৱস্থান কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে বুজা-পৰা কৰিব বিচৰাৰ পৰিৱৰ্তে আজাপ-এ নিবিচাৰে কংগ্ৰেছৰে মিত্ৰতা।

আৰু পঢ়িব পাৰিব : ‘নোখোৱাকৈ কাম কৰিব নোৱাৰোঁ, আমাক খৰি দিয়ক, ৰেচন দিয়ক’

অখিল গগৈয়ে বিৰোধী দলসমূহলৈ প্ৰেৰণ কৰিছিল এখন মুকলি চিঠি, যত তেওঁ বিজেপিক ৰোধৰ বাবে এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছকে ধৰি সকলোকে একত্ৰিত হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনাইছিল। কিন্তু অখিল গগৈৰ এই আহ্বান নসাৎ কৰিলে স্বয়ং ৰাইজৰ দলৰ সহযোগী অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

আজি নাহৰকটীয়াত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত নেতাগৰাকীয়ে কয়, তেওঁৰ দলে কেতিয়াও বিজেপি আৰু কংগ্ৰেছৰ সৈতে একেলগ নহয় বুলি নিশ্চিত কৰে। সাংবাদিকে অখিল গগৈৰ আহ্বানৰ প্ৰসংগ উত্থাপন কৰি প্ৰশ্ন কৰাত তেওঁ সেয়া ৰাইজৰ দলৰ নিজা মত বুলি মন্তব্য কৰি কংগ্ৰেছৰ সৈতে অজাপৰ কেতিয়াও মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে।

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ আহিব মোদী ! বিজেপিৰ প্ৰস্তুতি আৰম্ভ

তেওঁ বিজেপি আৰু কংগ্ৰেছক অতিমানৱ বুলি কটাক্ষও কৰে। বিজেপি-কংগ্ৰেছৰ আদৰ্শগত পাৰ্থক্য নাই বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছৰে মিত্ৰতাৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে নস্যাৎ কৰে। একেদিনাই দুটাকৈ সহযোগী দলৰ দুজন শীৰ্ষ নেতাৰ এনে পৰস্পৰ বিৰোধী মন্তব্য ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ