--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহৰ মাজত আজি অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক। মিত্ৰদলসমূহৰ মাজত আসন বুজাবুজিৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী আবাসত অনুষ্ঠিত এই বৈঠকত নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে মিত্ৰজোঁটৰ নিৰ্বাচনী সমীকৰণ।

আৰু পঢ়িব পাৰিব : জিএমচিএইচত আজিৰেপৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ক’ভিডৰ টিকাকৰণ

বৈঠকত উপস্থিত হৈছে ‘অসম গণ পৰিষদ’ৰ নেতৃত্ব। বৈঠকত উপস্থিত আছে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক শীৰ্ষ নেতা ফণীন্দ্ৰ শৰ্মা, অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি ইউপিপিএল আৰু জিএছপিৰ নেতৃত্বও। মিত্ৰজোঁটৰ আটাইকেইটা সহযোগী দলৰে আসনৰ ভাগ-বটোৱাৰা সম্পৰ্কত হ'ব আলোচনা।

আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰিয়ংকা গান্ধী, অংশ ল’ব প্ৰতিবাদী কাৰ্যসূচীতো

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত-স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে বৈঠকত। পুৱা ৯:৩০ বজাৰ পৰা চলিছে এই বৈঠক। বিৰোধী মহাজোঁটৰ ব্যাপক নিৰ্বাচনী কুচকাৱাজৰ মাজতে এই বৈঠকতে শাসকীয় মিত্ৰজোঁটৰ কৌশল নিৰ্ধাৰিত হ’ব বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ