--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচন সম্পৰ্কত মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই আজি ভালেমান গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে৷ তেওঁ জানিবলৈ দিয়ে যে, নিৰ্বাচনী আচৰণবিধিৰ তদাৰকৰ দায়িত্বত আছে বিনোদ চেচান আৰু প্ৰশিক্ষণৰ দায়িত্বত আছএ দেৱ মিশ্ৰ৷ নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে৷ প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচনী ব্যয়ৰ খতিয়ান জমা দিব লাগিব বুলি তেওঁ সদৰি কৰে৷

আৰু পঢ়িব পাৰিব : কি হৈছিল ‘বিগ বি’ৰ : উৎকণ্ঠিত অনুৰাগীলৈ আহিল খবৰ

নিৰ্বাচনৰ সময়ত সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে নিৰীক্ষণৰ ব্যৱস্থাও ত্বৰান্বিত কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে৷ আয়কৰ বিভাগ, ডি আৰ আইকে ধৰি বিভিন্ন সংস্থাই নগদ ধনৰ অপব্যৱহাৰ নিৰীক্ষণ কৰিব নিৰ্বাচনৰ সময়ছোৱাত৷ একেটা অনুষ্ঠানতে বিনোদ চেচানে কয়, প্ৰতিটো সমষ্টিতে তিনিটাকৈ ফ্লাইং স্কোৱাড গঠন কৰা হৈছে৷ সুৰা, নগদ ধনৰ বিৰুদ্ধে অভিযান চলাব ফ্লাইং স্কোৱাডে৷ RP Act ৰ ১২৭ নং ধাৰা অনুসৰি প্ৰকাশ নকৰা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

আৰু পঢ়িব পাৰিব : বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত ৰণ জয়ৰ মন্ত্ৰণা…!

নিৰ্বাচনৰ সময়ত সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে নিৰীক্ষণৰ ব্যৱস্থাও ত্বৰান্বিত কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে৷ আয়কৰ বিভাগ, ডি আৰ আইকে ধৰি বিভিন্ন সংস্থাই নগদ ধনৰ অপব্যৱহাৰ নিৰীক্ষণ কৰিব নিৰ্বাচনৰ সময়ছোৱাত৷ একেটা অনুষ্ঠানতে বিনোদ চেচানে কয়, প্ৰতিটো সমষ্টিতে তিনিটাকৈ ফ্লাইং স্কোৱাড গঠন কৰা হৈছে৷ সুৰা, নগদ ধনৰ বিৰুদ্ধে অভিযান চলাব ফ্লাইং স্কোৱাডে৷ RP Act ৰ ১২৭ নং ধাৰা অনুসৰি প্ৰকাশ নকৰা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰিয়ংকা গান্ধী, অংশ ল’ব প্ৰতিবাদী কাৰ্যসূচীতো

কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ বাবে থাৰ্মেল স্কেনৰ ব্যৱস্থা কৰাৰ লগতে ঘৰে ঘৰে প্ৰচাৰৰ বাবে পাঁচজনকহে যোৱাৰ অনুমতি দিয়া হৈছে৷ আনহাতে, ছ'ছিয়েল মিডিয়াত কঠোৰ নিৰীক্ষণ চলাব নিৰ্বাচনী আয়োগে৷ আজি প্ৰকাশ কৰা আন ভালেমান নিয়মৰ ভিতৰত আছে, কনভয়ৰ বাহনৰ মাজত থাকিব লাগিব দূৰত্ব৷ প'লিং বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন৷ ইয়াৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ৪ লাখ ভেকচিনৰ৷ প্ৰতিজন প্ৰাৰ্থীয়ে অৱগত কৰিব লাগিব ছ'ছিয়েল মিডিয়াৰ একাউণ্টৰ সবিশেষ৷অপিনিয়ন পোলৰ ক্ষেত্ৰত নাই কোনো বাধ্যবাধকতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক