--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধীৰ ঐক্যমঞ্চক লৈ অব্যাহত আছে চৰ্চা৷ দেশত বিজেপিবিৰোধী শক্তিৰ ঐক্যক লৈ কুচকাৱাজ অব্যাহত থকাৰ সময়তে বিৰোধী শিবিৰৰ দুই নেতাই মিলিত হয় গুৰুত্বপূৰ্ণ বৈঠক। 

দেওবাৰে নতুন দিল্লীত মিলিত হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱাল। এমাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এনেদৰে মিলিত হ’ল দুয়োগৰাকী মুখ্যমন্ত্ৰী। সমাগত লোকসভা ২০২৪ নিৰ্বাচনৰ পূৰ্বে দুয়োগৰাকী নেতাৰ এই সাক্ষাতক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আজিৰ সাক্ষাতৰ সময়ত নীতিশ কুমাৰক সংগ দিছিল বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা RJDৰ নেতা তেজস্বী যাদৱে। 

ইয়াৰ পূৰ্বে ১২ এপ্ৰিলতো মিলিত হৈছিল নীতিশ কুমাৰ আৰু কেজৰিৱাল। দৰাচলতে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ অধিকাৰ কৰ্তন কৰি মোদী চৰকাৰে জাৰি কৰা অধ্যাদেশৰ বিৰোধিতাৰে কেজৰিৱালক সাক্ষাৎ কৰিছিল বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মোদী চৰকাৰৰ দিল্লীৰ প্ৰশাসনিক বিষয়াৰ সালসলনি সম্পৰ্কীয় অধ্যাদেশক অসংবিধানিক আখ্যা দিয়া নীতিশ কুমাৰে এই সন্দৰ্ভত নিজৰ সমৰ্থন আগবঢ়ায় কেজৰিৱাললৈ। কিন্তু দুই নেতাৰ আজিৰ সাক্ষাৎ এই কাৰণেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

কিয়নো ২০ মে’ত কৰ্ণাটক চৰকাৰৰ শপতগ্ৰহণৰ অনুষ্ঠানলৈ নীতিশ কুমাৰক আমন্ত্ৰণ জনোৱাৰ বিপৰীতে, অৰবিন্দ কেজৰিৱালক আমন্ত্ৰণৰ পৰা বিৰত আছিল কংগ্ৰেছ। আনহাতে বিগত কিছুদিন ধৰি ২০২৪ৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিৰোধী শক্তিক একেখন মঞ্চলৈ অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে নীতিশ কুমাৰে। কৰ্ণাটক চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত একেখন মঞ্চতে উপৱিষ্ট হৈছিল দেশৰ বিৰোধী শক্তি। কিন্তু য’ত উল্লেখনীয়ভাৱে উপস্থিত নাছিল কেজৰিৱাল। যি কথাই বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে নীতিশ কুমাৰৰ পৰিকল্পনা। যি সময়ত নীতিশ কুমাৰে দেশৰ সৰু সৰু আঞ্চলিক দলৰ সৈতেও আলোচনাত মিলিত হৈছে, তেনে সময়ত কেজৰিৱালৰ অনুপস্থিতিক সহজভাৱে ল’ব পৰা নাই বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

২০২৪ত মোদীৰ বিজয় ৰথ ৰুধিবলৈ বিৰোধী ঐক্যৰ খাতিৰতে এই নতুন ৰাজনৈতিক চাল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। মোদী চৰকাৰৰ অধ্যাদেশৰ বিৰোধিতাৰে অৰবিন্দ কেজৰিৱালক সমৰ্থন আগবঢ়াই দেশৰ বিৰোধী শক্তিলৈ এক বিশেষ বাৰ্তা প্ৰেৰণৰ চেষ্টা চলালে নীতিশ কুমাৰে। ইপিনে কৰ্ণাটকত কংগ্ৰেছে প্ৰত্যাখ্যান কৰাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা কেজৰিৱালে অহা ২৩ মে’ত সাক্ষাৎ কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। 

আনহাতে ইয়াৰ পূৰ্বে ২৪ এপ্ৰিলত বংগকন্যা তথা TMC নেত্ৰী মমতা বেনাৰ্জীৰে মিলিত হৈছিল নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ। এই সাক্ষাৎকালত বিহাৰত দেশৰ বিৰোধী শক্তিৰ এক সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিবলৈ নীতিশ কুমাৰক আহ্বান জনাইছিল মমতা বেনাৰ্জীয়ে। 

সাক্ষাৎকালত বিৰোধীৰ মিত্ৰজোঁটৰ সপক্ষে মত প্ৰকাশ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেনেস্থলত, দেশৰ বিৰোধী শক্তিৰ উমৈহতীয়া মঞ্চত কেজৰিৱালৰ স্থিতি কি হ’ব, সেইয়া এই মুহূৰ্তত হৈ পৰিছে এক চৰ্চাৰ বিষয়। কেজৰিৱালক লৈ কংগ্ৰেছ দলৰ দূৰত্ব বজাই চলাৰ ৰাজনীতিয়ে আউল লগাব নেকি দেশৰ মোদী বিৰোধী শক্তিৰ ঐক্যত? এইক্ষেত্ৰত বিৰোধী শক্তিৰ চাণক্যৰূপী নীতিশ কুমাৰৰ গোপন মন্ত্ৰণা কি হ’ব সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ