--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধীৰ ঐক্যমঞ্চক লৈ অব্যাহত আছে চৰ্চা৷ দেশত বিজেপিবিৰোধী শক্তিৰ ঐক্যক লৈ কুচকাৱাজ অব্যাহত থকাৰ সময়তে বিৰোধী শিবিৰৰ দুই নেতাই মিলিত হয় গুৰুত্বপূৰ্ণ বৈঠক। 

দেওবাৰে নতুন দিল্লীত মিলিত হ’ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱাল। এমাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এনেদৰে মিলিত হ’ল দুয়োগৰাকী মুখ্যমন্ত্ৰী। সমাগত লোকসভা ২০২৪ নিৰ্বাচনৰ পূৰ্বে দুয়োগৰাকী নেতাৰ এই সাক্ষাতক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আজিৰ সাক্ষাতৰ সময়ত নীতিশ কুমাৰক সংগ দিছিল বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা RJDৰ নেতা তেজস্বী যাদৱে। 

ইয়াৰ পূৰ্বে ১২ এপ্ৰিলতো মিলিত হৈছিল নীতিশ কুমাৰ আৰু কেজৰিৱাল। দৰাচলতে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ অধিকাৰ কৰ্তন কৰি মোদী চৰকাৰে জাৰি কৰা অধ্যাদেশৰ বিৰোধিতাৰে কেজৰিৱালক সাক্ষাৎ কৰিছিল বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মোদী চৰকাৰৰ দিল্লীৰ প্ৰশাসনিক বিষয়াৰ সালসলনি সম্পৰ্কীয় অধ্যাদেশক অসংবিধানিক আখ্যা দিয়া নীতিশ কুমাৰে এই সন্দৰ্ভত নিজৰ সমৰ্থন আগবঢ়ায় কেজৰিৱাললৈ। কিন্তু দুই নেতাৰ আজিৰ সাক্ষাৎ এই কাৰণেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

কিয়নো ২০ মে’ত কৰ্ণাটক চৰকাৰৰ শপতগ্ৰহণৰ অনুষ্ঠানলৈ নীতিশ কুমাৰক আমন্ত্ৰণ জনোৱাৰ বিপৰীতে, অৰবিন্দ কেজৰিৱালক আমন্ত্ৰণৰ পৰা বিৰত আছিল কংগ্ৰেছ। আনহাতে বিগত কিছুদিন ধৰি ২০২৪ৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিৰোধী শক্তিক একেখন মঞ্চলৈ অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে নীতিশ কুমাৰে। কৰ্ণাটক চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত একেখন মঞ্চতে উপৱিষ্ট হৈছিল দেশৰ বিৰোধী শক্তি। কিন্তু য’ত উল্লেখনীয়ভাৱে উপস্থিত নাছিল কেজৰিৱাল। যি কথাই বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে নীতিশ কুমাৰৰ পৰিকল্পনা। যি সময়ত নীতিশ কুমাৰে দেশৰ সৰু সৰু আঞ্চলিক দলৰ সৈতেও আলোচনাত মিলিত হৈছে, তেনে সময়ত কেজৰিৱালৰ অনুপস্থিতিক সহজভাৱে ল’ব পৰা নাই বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

২০২৪ত মোদীৰ বিজয় ৰথ ৰুধিবলৈ বিৰোধী ঐক্যৰ খাতিৰতে এই নতুন ৰাজনৈতিক চাল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। মোদী চৰকাৰৰ অধ্যাদেশৰ বিৰোধিতাৰে অৰবিন্দ কেজৰিৱালক সমৰ্থন আগবঢ়াই দেশৰ বিৰোধী শক্তিলৈ এক বিশেষ বাৰ্তা প্ৰেৰণৰ চেষ্টা চলালে নীতিশ কুমাৰে। ইপিনে কৰ্ণাটকত কংগ্ৰেছে প্ৰত্যাখ্যান কৰাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা কেজৰিৱালে অহা ২৩ মে’ত সাক্ষাৎ কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। 

আনহাতে ইয়াৰ পূৰ্বে ২৪ এপ্ৰিলত বংগকন্যা তথা TMC নেত্ৰী মমতা বেনাৰ্জীৰে মিলিত হৈছিল নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ। এই সাক্ষাৎকালত বিহাৰত দেশৰ বিৰোধী শক্তিৰ এক সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিবলৈ নীতিশ কুমাৰক আহ্বান জনাইছিল মমতা বেনাৰ্জীয়ে। 

সাক্ষাৎকালত বিৰোধীৰ মিত্ৰজোঁটৰ সপক্ষে মত প্ৰকাশ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেনেস্থলত, দেশৰ বিৰোধী শক্তিৰ উমৈহতীয়া মঞ্চত কেজৰিৱালৰ স্থিতি কি হ’ব, সেইয়া এই মুহূৰ্তত হৈ পৰিছে এক চৰ্চাৰ বিষয়। কেজৰিৱালক লৈ কংগ্ৰেছ দলৰ দূৰত্ব বজাই চলাৰ ৰাজনীতিয়ে আউল লগাব নেকি দেশৰ মোদী বিৰোধী শক্তিৰ ঐক্যত? এইক্ষেত্ৰত বিৰোধী শক্তিৰ চাণক্যৰূপী নীতিশ কুমাৰৰ গোপন মন্ত্ৰণা কি হ’ব সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন