--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : মুখ্যমন্ত্ৰীৰ পদ এৰিব আৰু এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই। দলৰ ভিতৰতে হোৱা বিদ্ৰোহৰে মোকাবিলা কৰিব নোৱাৰি মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি ল’ব বিচাৰিছে নেতাগৰাকীয়ে। তেওঁ হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়ুৰাপ্পা। দলৰ কেইবাগৰাকীও নেতাই তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পাছত তেওঁ স্বাস্থ্যজনিত কাৰণৰ দোহাই দি মুখ্যমন্ত্ৰীৰ পদ এৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। শুকুৰবাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সময়তে তেওঁ নিজৰ পদত্যাগপত্ৰ দাখিল কৰা বুলি এটা সূত্ৰই দাবী কৰিছে। সূত্ৰটোৱে দাবী কৰা মতে এতিয়া বিজেপিৰ হাইকমাণ্ডে তেওঁ পদত্যাগ গ্ৰহণ কৰা বা নকৰা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিব।

সূত্ৰটোৱে আৰু দাবী কৰিছে যে, য়েডিয়ুৰাপ্পাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় নেতৃত্বই। য়েডিয়ুৰাপ্পাৰ এইটো কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তিত অৰ্থাৎ ২৬জুলাইতে নেতৃত্ব পৰিৱৰ্তনৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। য়েডিয়ুৰাপ্পাই তেওঁৰ পুত্ৰক ৰাজ্যিক বিজেপিত ভাল স্থান প্ৰদানৰ চৰ্তৰে পদত্যাগ পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁ দিনজোৰা কাৰ্যসূচীৰ সময়ত সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে। পুত্ৰক লগত লৈ চাৰ্টাৰ্ড বিমানেৰে দিল্লীক উপস্থিত হোৱা বিজেপি জ্যেষ্ঠ নেতাগৰাকীয়ে অৱশ্যে নেতৃত্ব পৰিৱৰ্তন সম্পৰ্কীয় প্ৰশ্ন উত্তৰ দিয়াৰ পৰা বিৰত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ