--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ মুম্বাইত পুনৰ সংঘটিত হৈছে ভয়ংকৰ অঘটন। প্ৰবল বৃষ্টিপাতে মু্ম্বাইৰ একাধিক এলেকাত সংহাৰৰ সৃষ্টি কৰিছে। মুম্বাইৰ চেম্বুৰ আৰু বিকৰোলী এলেকাত প্ৰবল বৃষ্টিপাতৰ ফলত কমেও ১৫জন লোকৰ মৃত্যু হৈছে। ঘৰৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ পৰাৰ ফলতে এইসকল লোকৰ মৃত্যু হয়। কালি নিশাৰে পৰা হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত মুম্বাইৰ বহু অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বহু ঘৰ ধ্বংস হৈছে বানৰ কৱলত পৰি। প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু সৰ্বসাধাৰণক সাৱধানতা অৱলনম্বন কৰিবলৈ আহ্বান জনাইছে। বিকৰোলী এলেকাৰ এটা দুমহলীয়া ভৱন আজি পুৱাৰ ভাগত ভাঙি পৰে। ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ তথ্য বিএমমচি-এ প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত আন কেইবাটাও অঞ্চলত উদ্ধাৰ অভিযান চলাই থকা হৈছে। মৃতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক ব্যক্ত কৰে। মৃত লোকসকলৰ পৰিয়াললৈ ২লাখকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। আহতসকলৰ চিকিতসাৰ বাবে ৫০হাজাৰকৈ টকা আগবঢ়োৱাৰ কথা টুইটযোগে তেওঁ ঘোষণা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ