--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনীৰ দিন চমু চাপি অহাৰ প্ৰাৰ্থিত্বকেন্দ্ৰীক তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দলতো। সোমবাৰে নিশা ৯:৪০ বজাৰ পৰা ১০:৩০ বজালৈকে মুখ্যমন্ত্রীৰ বাসগৃহত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাংসদ দিলীপ শইকীয়া এখন বৈঠকত মিলিত হয়৷ ইয়াৰ পাছতে নিশা ১১ বজাৰ পৰা ২ বজালৈকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত আসন বুজাবুজিক লৈ অনুষ্ঠিত হয় আন এখন গুৰুত্বপূৰ্ণ বৈঠক৷

আৰু পঢ়িব পাৰিব : বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মাৰ বিয়োগ…

বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সাংসদ বিশ্বজিত দৈমাৰী, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ফণীন্দ্ৰ শৰ্মা প্ৰমুখ্যে বিজেপিৰ ভালেসংখ্যক শীৰ্ষ নেতা তথা ভালেমান প্ৰাৰ্থীত্বপ্ৰত্যাশী৷

বৈঠকৰ অন্তত দিলীপ শইকীয়াই কয়, "৬০-১৪ বিচাৰিলে নহ'ব। এৰা ধৰাৰ মাজেৰে বিজেপি মিত্ৰজোঁটে আগবাঢ়িব লাগিব৷ যি সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী জয়লাভ হোৱাৰ সম্ভাৱনা থাকে তাত সেই দলৰ প্ৰাৰ্থী দিয়া হ'ব৷" তদুপৰি কমলপুৰ সমষ্টিত এইবাৰ বৃহত্তৰ স্বাৰ্থত অগপই এৰা-ধৰা কৰিব লাগিব বুলি প্ৰকাশ কৰে৷ বিপিএফ বিৰোধী মহাজোঁটৰ আওটালৈ আহিলেও নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে বুলি তেওঁ উল্লেখ কৰে৷

আৰু পঢ়িব পাৰিব : দ্বিতীয়টো দিনত ক’ত ক’ত প্ৰচাৰ চলাব ছোনিয়াৰ তনয়াই ?

উল্লেখ্য যে, ৪-৫ তাৰিখৰ ভিতৰত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হ' ব আৰু এইবাৰ নিৰ্বাচনত বহুকেইজন নতুন প্ৰাৰ্থীয়ে অগ্রাধিকাৰ পাব বুলি স্পষ্ট কৰে সাধাৰণ সম্পাদকগৰাকীয়ে৷ আনহাতে, বিপিএফৰ দখলত থকা সমষ্টিসমূহত UPPL আৰু BJP ৰ মাজত বুজাবুজিৰে প্ৰাৰ্থী দিয়া হ'ব বুলি বিশ্বজিৎ দৈমাৰীয়ে কয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ