--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ বিজয়পুৰাৰ বিধায়ক বসংগৌদা পাটিল যতনালক দলটোৰ ৰাজ্যিক নেতৃত্বক অহৰহ সমালোচনা কৰাৰ বাবে ব্যাখ্যা বিচাৰি দ্বিতীয়খন জাননী জাৰি কৰিছে। কৰ্ণাটক বিজেপিৰ সভাপতি বাই বিজয়েন্দ্ৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাক লক্ষ্য কৰি যতনালে অব্যাহত ৰখা মন্তব্যৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিয়ে জাৰি কৰে এই জাননী।


হাইকমাণ্ডৰ নিৰ্দেশ অনুসৰি দলটোৰ অনুশাসন সমিতিয়ে যতনালৰ পৰা ৭২ ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিছে। জাননীখনত বিশেষভাৱে কোৱা হৈছে যে পূৰ্বৰ সতৰ্কবাণীৰ পিছত ভাল আচৰণৰ আশ্বাস দিয়াৰ পিছতো যতনালে দলৰ নেতাসকলৰ বিৰুদ্ধে দল বিৰোধী মন্তব্য প্ৰদান কৰি থাকিল।

দেওবাৰে তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে মুখ্যমন্ত্ৰী বা দলৰ সভাপতি পদৰ বাবে তেওঁৰ নাম কিয় বিবেচনা কৰা হোৱা নাই। পৰোক্ষভাৱে দলৰ সতীৰ্থসকলক লক্ষ্য কৰি যতনালে কয়, "যতনাল কিয় দৌৰত নাই? মই মুখ্যমন্ত্ৰী পদ আৰু দলৰ সভাপতি পদৰ দৌৰত আছো। মই কেতিয়াও অন্যৰ ক্ষতি কৰা নাই আৰু অন্যৰ ঘৰ ধ্বংস কৰা নাই । মই কেতিয়াও কোনো দল বিৰোধী কামত জড়িত নাই।"

তেওঁ লগতে দাবী কৰে যে একাংশ নেতাই দলৰ নিজা প্ৰাৰ্থীৰ বিৰুদ্ধে দাৱনাগেৰে আৰু বিদাৰত কাম কৰিছিল আৰু বিজেপি নেতা ভি সোমন্নাৰ পৰাজয়ৰ দিশলৈ আঙুলিয়াই দি আভ্যন্তৰীণ বিধ্বংসী কাৰ্য্যৰ বাবে পৰাজয় হোৱা বুলি অভিযোগ উত্থাপন কৰে।

যোৱা কেইসপ্তাহমানৰ আগতে যতনালে য়েদিয়ুৰাপ্পাক আঘাত কৰি পুত্ৰ বি ৱাই বিজয়েন্দ্ৰৰ প্ৰতি থকা "মোহ" ত্যাগ কৰি পাৰ্টিত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ শেহতীয়া মন্তব্যত বিজয়েন্দ্ৰই কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে। যোৱা মাহত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত যতনালে কৈছিল, “মই হাইকমাণ্ডক মাত্ৰ এটা কথা ক’ব বিচাৰিছো যে কৰ্ণাটকত বিজেপি দলক আগুৱাই নিবলৈ য়েদিয়ুৰাপ্পাক তৎক্ষণাত অপসাৰণ কৰিব লাগিব।”

২ ডিচেম্বৰত তেওঁক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰা হয়, য’ত তেওঁ বিজেপিৰ কেন্দ্ৰীয় অনুশাসন সমিতিৰ সদস্য সম্পাদক ওম পাঠকক ছয় পৃষ্ঠাৰ উত্তৰ দাখিল কৰে। ইয়াত তেওঁ "ৰাজ্যিক পৰ্যায়ৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে চোকা আক্ৰমণ আৰু দলৰ নিৰ্দেশনাক অৱজ্ঞা"ৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

তেওঁ য়েদিয়ুৰাপ্পা পৰিয়ালৰ সমন্বয়ৰ ৰাজনীতিৰ কথাও কয় আৰু কয় যে ৰাজ্যখনৰ বহু নিৰপেক্ষ নেতাই য়েদিয়ুৰাপ্পা পৰিয়ালক লৈ অসন্তুষ্ট, কিন্তু দলীয় অনুশাসনৰ বাবে মুকলিকৈ কথা কোৱাৰ পৰা বিৰত থাকে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ