--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্যান্য ৰাজনৈতিক দলৰ তুলনাত বিজ্ঞাপনত অধিক মনোযোগী ভাৰতীয় জনতা পাৰ্টী৷ ইণ্টাৰনেটৰ ক্ষেত্ৰখনত বিজেপিয়ে দলটোৰ কাৰ্যপন্থাক জনতাৰ মাজলৈ লৈ যাবলৈ সহায় লৈছে বিভিন্ন মাধ্যমৰ বিজ্ঞাপনৰ৷ তাৰ ভিতৰত অন্যকম গুগল বিজ্ঞাপন৷ শেহতীয়াকৈ প্ৰকাশ পোৱা গুগলৰ বিজ্ঞাপন স্বচ্ছতা কেন্দ্ৰৰ তথ্যমতে, দলটোৱে চলিত বৰ্ষৰ প্ৰথম দিনটোৰ পৰা এই চাৰিমাহত গুগলত ৮১,৮৭৪টা ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰিছে৷ আৰু এই বিজ্ঞাপনলানিত দলটোৱে খৰচ কৰিছে ৩৯ কোটিৰো অধিক টকা।

চলিত বৰ্ষটোত দেশত গুগলত ৰাজনৈতিক বিজ্ঞাপনৰ বাবে বিজেপিয়ে ব্যয় কৰা মুঠ ধনৰ ৩২.৮ শতাংশ এই ধন। এই সময়ছোৱাত গুগলত ৭৩৬টা বিজ্ঞাপনৰ বাবে কংগ্ৰেছে ব্যয় কৰিছে ৯ কোটি টকা৷ বিজু জনতা দলে ১ জানুৱাৰীৰ পৰা ১৪৪টা বিজ্ঞাপনৰ বাবে ২.৪ কোটি টকা ব্যয় কৰিছে।

তথ্য অনুসৰি ৰাজনৈতিক কৌশল প্ৰতিষ্ঠান ইণ্ডিয়ান পলিটিকেল একচন কমিটীৰ হোল্ডিং কোম্পানী ইণ্ডিয়ান পিএচি কনছালটিং প্ৰাইভেট লিমিটেডে ৭.২৫ কোটি টকা ব্যয় কৰিছে। ‘ইকনমিক টাইমছ’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ আৰু অন্ধ্ৰ প্ৰদেশৰ ৱাই এছ আৰ কংগ্ৰেছ দলৰ হৈ কাম কৰে।

গুগলৰ বিজ্ঞাপনৰ বিজেপিয়ে ফেব্ৰুৱাৰী-মাৰ্চতে অধিকাংশ ধন ব্যয় কৰিছিল৷ আনহাতে কংগ্ৰেছে এই মাহতহে বিজ্ঞাপনৰ বাবে অধিকাংশ ধন খৰচ কৰিছে। উত্তৰ প্ৰদেশ, ওড়িশা আৰু বিহাৰত বিজেপিয়ে সৰ্বাধিক ধন খৰচ কৰাৰ বিপৰীতে কংগ্ৰেছে অধিকাংশ ধন মহাৰাষ্ট্ৰ, বিহাৰ আৰু মধ্যপ্ৰদেশত ব্যয় কৰিছিল বুলি প্ৰতিবেদনত তথ্য প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু