--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্যান্য ৰাজনৈতিক দলৰ তুলনাত বিজ্ঞাপনত অধিক মনোযোগী ভাৰতীয় জনতা পাৰ্টী৷ ইণ্টাৰনেটৰ ক্ষেত্ৰখনত বিজেপিয়ে দলটোৰ কাৰ্যপন্থাক জনতাৰ মাজলৈ লৈ যাবলৈ সহায় লৈছে বিভিন্ন মাধ্যমৰ বিজ্ঞাপনৰ৷ তাৰ ভিতৰত অন্যকম গুগল বিজ্ঞাপন৷ শেহতীয়াকৈ প্ৰকাশ পোৱা গুগলৰ বিজ্ঞাপন স্বচ্ছতা কেন্দ্ৰৰ তথ্যমতে, দলটোৱে চলিত বৰ্ষৰ প্ৰথম দিনটোৰ পৰা এই চাৰিমাহত গুগলত ৮১,৮৭৪টা ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰিছে৷ আৰু এই বিজ্ঞাপনলানিত দলটোৱে খৰচ কৰিছে ৩৯ কোটিৰো অধিক টকা।

চলিত বৰ্ষটোত দেশত গুগলত ৰাজনৈতিক বিজ্ঞাপনৰ বাবে বিজেপিয়ে ব্যয় কৰা মুঠ ধনৰ ৩২.৮ শতাংশ এই ধন। এই সময়ছোৱাত গুগলত ৭৩৬টা বিজ্ঞাপনৰ বাবে কংগ্ৰেছে ব্যয় কৰিছে ৯ কোটি টকা৷ বিজু জনতা দলে ১ জানুৱাৰীৰ পৰা ১৪৪টা বিজ্ঞাপনৰ বাবে ২.৪ কোটি টকা ব্যয় কৰিছে।

তথ্য অনুসৰি ৰাজনৈতিক কৌশল প্ৰতিষ্ঠান ইণ্ডিয়ান পলিটিকেল একচন কমিটীৰ হোল্ডিং কোম্পানী ইণ্ডিয়ান পিএচি কনছালটিং প্ৰাইভেট লিমিটেডে ৭.২৫ কোটি টকা ব্যয় কৰিছে। ‘ইকনমিক টাইমছ’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ আৰু অন্ধ্ৰ প্ৰদেশৰ ৱাই এছ আৰ কংগ্ৰেছ দলৰ হৈ কাম কৰে।

গুগলৰ বিজ্ঞাপনৰ বিজেপিয়ে ফেব্ৰুৱাৰী-মাৰ্চতে অধিকাংশ ধন ব্যয় কৰিছিল৷ আনহাতে কংগ্ৰেছে এই মাহতহে বিজ্ঞাপনৰ বাবে অধিকাংশ ধন খৰচ কৰিছে। উত্তৰ প্ৰদেশ, ওড়িশা আৰু বিহাৰত বিজেপিয়ে সৰ্বাধিক ধন খৰচ কৰাৰ বিপৰীতে কংগ্ৰেছে অধিকাংশ ধন মহাৰাষ্ট্ৰ, বিহাৰ আৰু মধ্যপ্ৰদেশত ব্যয় কৰিছিল বুলি প্ৰতিবেদনত তথ্য প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement