--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছবিগৃহত মুক্তি পালে বলীউড অভিনেতা বিকি কৌশল (Vicky Kaushal)ৰ ছবি 'ছাৱা'। তেওঁৰ এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে বিকি কৌশলৰ ছাৱা ছবিখন। 

ছাৱাৰ প্ৰতি লাভ কৰা প্ৰেমৰ মাজতে বিকি কৌশলে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে। এই ভিডিঅ'টোত বিকি কৌশলৰ ঘৰৰ বনকৰা মহিলাগৰাকীয়ে এক বিশেষ নিয়ম কৰা দেখিবলৈ পোৱা গৈছে। 

এই ভিডিঅ'টো পোষ্ট কৰাৰ সমান্তৰালকৈ বিকি কৌশলে তেওঁৰ আশা টাই (বনকৰা মহিলা)ৰ বাবেও এটা আৱেগিক পোষ্ট লিখিছে। বিকি কৌশলে লিখিছে - "আশা টাইয়ে মোক সৰুৰে পৰা ডাঙৰ হোৱা দেখিছে আৰু জীৱনত আগুৱাই যোৱা দেখিছে। কালি তেওঁ ছাৱা চালে আৰু মোক নজৰৰ পৰা আঁতৰাই ৰাখিবলৈ জোৰ দিলে। এয়া তেওঁৰ মোৰ প্ৰতি মৰম প্ৰকাশ আৰু মোক সুৰক্ষা দিয়াৰ ধৰণ। মই তেওঁক মোৰ জীৱনত পাই অতি সুখী।"


বিকি কৌশলৰ এই ভিডিঅ'টোক লৈ অনুৰাগীসকলে মন্তব্য প্ৰকাশ কৰিছে। অনুৰাগীসকলে কমেণ্ট ছেকচনত লিখিছে যে বিকি কৌশলৰ ওপৰত কাৰো নজৰ লাগিব নালাগে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে- "ছাৰ, আপুনি এই মৰমৰ যোগ্য।" একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – "আমাৰ সিংহক কোনেও নজৰ নলগাব।" তৃতীয় এজন ব্যৱহাৰকাৰীয়ে লিখিছে – "মৰম গ্ৰহণ কৰি যাওক ছাৰ, আৰু বহুত কিবাকিবি পাবলৈ আছে।"

উল্লেখ্য যে বিকি কৌশলে ছবিখনত মাৰাঠা সম্ৰাট ছত্ৰপতি সম্ভাজী মহাৰাজৰ চৰিত্ৰত অভিনয় কৰিছে। ছত্ৰপতি শিৱাজীৰ পুত্ৰ আছিল সম্ভাজী।  এই ছবিখনত অক্ষয় খান্নাই ঔৰংজেবৰ চৰিত্ৰত অভিনয় কৰিছে। বিকি কৌশলৰ ছবিখন চাই অনুৰাগীসকল অতি আৱেগিক হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ