--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদত পৰিছে ড্ৰামা কুইন ৰাখী সাৱন্ত। ৰণবীৰ এলাহাবাদিয়াক সমৰ্থন কৰি নিজলৈ বিপদ মাতি আনিলে ৰাখীয়ে। ইউটিউব শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ সৈতে জড়িত গোচৰৰ তদন্ত চলাই থকা মহাৰাষ্ট্ৰ চাইবাৰ পুলিচে অভিনেত্ৰী ৰাখী সাৱন্তলৈ প্ৰেৰণ কৰিছে চমন। ৰাখীৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ মাতিছে আৰক্ষীয়ে। 

কমেডিয়ান সময় ৰাইনাই আয়োজন কৰা অনুষ্ঠানটোত আপত্তিজনক মন্তব্যৰ অভিযোগত ‘কন্টেন্ট ক্ৰিয়েটৰ’ ৰণবীৰ এলাহাবাদিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ন’ডেল এজেন্সীয়ে। ৰাখী সাৱন্তে  ৰণবীৰ এলাহাবদিয়াক সমৰ্থন কৰি কৈছিল, তেওঁক ক্ষমা কৰি দিয়ক বন্ধু। কেতিয়াবা এনেকুৱা ঘটনা ঘটি যাব পাৰে। মই জানো তেওঁ ভুল কৰিলে কিন্তু এতিয়া তেওঁক ক্ষমা কৰি দিয়ক।

অভিনেত্ৰী ৰাখী সাৱন্তক ২৭ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ চাইবাৰ বিষয়াৰ সন্মুখত হাজিৰ হৈ নিজৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ খণ্ডটোত অতিথি হিচাপে উপস্থিত থাকি ৰণবীৰ এলাহাবাদিয়াই অভিভাৱকত্ব আৰু যৌন সম্পৰ্কক লৈ অশ্লীল মন্তব্য কৰিছিল, যাৰ ফলত দেশজুৰি হুলস্থুলৰ সৃষ্টি হৈছিল আৰু দেশজুৰি কেইবাখনো এফআইআৰ দাখিল কৰা হৈছিল।

ইতিমধ্যে মহাৰাষ্ট্ৰ চাইবাৰ আৰক্ষীয়ে ৰাইনাৰ ইউটিউব শ্ব’ত অংশগ্ৰহণ কৰা কমেডিয়ান, কন্টেন্ট ক্ৰিয়েটৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীকে ধৰি ৫০ জনৰো অধিক লোকক মাতি আনিছে। বিষয়াগৰাকীয়ে জনোৱা মতে, ইউটিউবত ‘বিয়েৰবাইচেপছ’ চেনেলৰ বাবে জনপ্ৰিয় হোৱা ৰণবীৰ এলাহাবাদিয়ালৈ অহা ২৪ ফেব্ৰুৱাৰীত (সোমবাৰে) তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ সংস্থাটোৱে ফোন কৰিছে।

এই গোচৰৰ সন্দৰ্ভত ইউটিউবাৰ তথা কণ্টেণ্ট ক্ৰিয়েটৰ আশীষ চাঞ্চলানীকো একেদিনাই তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ মতা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত আৰু কিছু লোকক মাতি অনাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়।

মঙলবাৰে গৌহাটী উচ্চ ন্যায়ালয়ে চাঞ্চলনীৰ অগ্ৰিম জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি ১০ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ কয়। ১৮ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্যৰ বাবে এলাহাবাদিয়াক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল। আদালতে তেওঁৰ এই মন্তব্যক ‘অশ্লীল’ বুলি অভিহিত কৰি তেওঁৰ চিন্তাধাৰা ‘লেতেৰা’ বুলি কৈছিল, যিয়ে সমাজক লজ্জানত কৰি তুলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু