--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদত পৰিছে ড্ৰামা কুইন ৰাখী সাৱন্ত। ৰণবীৰ এলাহাবাদিয়াক সমৰ্থন কৰি নিজলৈ বিপদ মাতি আনিলে ৰাখীয়ে। ইউটিউব শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ সৈতে জড়িত গোচৰৰ তদন্ত চলাই থকা মহাৰাষ্ট্ৰ চাইবাৰ পুলিচে অভিনেত্ৰী ৰাখী সাৱন্তলৈ প্ৰেৰণ কৰিছে চমন। ৰাখীৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ মাতিছে আৰক্ষীয়ে। 

কমেডিয়ান সময় ৰাইনাই আয়োজন কৰা অনুষ্ঠানটোত আপত্তিজনক মন্তব্যৰ অভিযোগত ‘কন্টেন্ট ক্ৰিয়েটৰ’ ৰণবীৰ এলাহাবাদিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ন’ডেল এজেন্সীয়ে। ৰাখী সাৱন্তে  ৰণবীৰ লাহাবদিয়াক সমৰ্থন কৰি কৈছিল, তেওঁক ক্ষমা কৰি দিয়ক বন্ধু। কেতিয়াবা এনেকুৱা ঘটনা ঘটি যাব পাৰে। মই জানো তেওঁ ভুল কৰিলে কিন্তু এতিয়া তেওঁক ক্ষমা কৰি দিয়ক।

অভিনেত্ৰী ৰাখী সাৱন্তক ২৭ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ চাইবাৰ বিষয়াৰ সন্মুখত হাজিৰ হৈ নিজৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ খণ্ডটোত অতিথি হিচাপে উপস্থিত থাকি ৰণবীৰ এলাহাবাদিয়াই অভিভাৱকত্ব আৰু যৌন সম্পৰ্কক লৈ অশ্লীল মন্তব্য কৰিছিল, যাৰ ফলত দেশজুৰি হুলস্থুলৰ সৃষ্টি হৈছিল আৰু দেশজুৰি কেইবাখনো এফআইআৰ দাখিল কৰা হৈছিল।

ইতিমধ্যে মহাৰাষ্ট্ৰ চাইবাৰ আৰক্ষীয়ে ৰাইনাৰ ইউটিউব শ্ব’ত অংশগ্ৰহণ কৰা কমেডিয়ান, কন্টেন্ট ক্ৰিয়েটৰ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীকে ধৰি ৫০ জনৰো অধিক লোকক মাতি আনিছে। বিষয়াগৰাকীয়ে জনোৱা মতে, ইউটিউবত ‘বিয়েৰবাইচেপছ’ চেনেলৰ বাবে জনপ্ৰিয় হোৱা ৰণবীৰ এলাহাবাদিয়ালৈ অহা ২৪ ফেব্ৰুৱাৰীত (সোমবাৰে) তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ সংস্থাটোৱে ফোন কৰিছে।

এই গোচৰৰ সন্দৰ্ভত ইউটিউবাৰ তথা কণ্টেণ্ট ক্ৰিয়েটৰ আশীষ চাঞ্চলানীকো একেদিনাই তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ মতা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত আৰু কিছু লোকক মাতি অনাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়।

মঙলবাৰে গৌহাটী উচ্চ ন্যায়ালয়ে চাঞ্চলনীৰ অগ্ৰিম জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি ১০ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ কয়। ১৮ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্যৰ বাবে এলাহাবাদিয়াক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল। আদালতে তেওঁৰ এই মন্তব্যক ‘অশ্লীল’ বুলি অভিহিত কৰি তেওঁৰ চিন্তাধাৰা ‘লেতেৰা’ বুলি কৈছিল, যিয়ে সমাজক লজ্জানত কৰি তুলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ