--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ছবিজগতৰ সমান্তৰালকৈ এইবাৰ হলীউডৰ ছবিটো দেখিবলৈ পোৱা যাব ছুপাৰষ্টাৰ ছলমান খানক। প্ৰায় ৪০ বছৰ বলীউডত অভিনয়ৰ যাদুৰে সকলোৰে মন মোহিত কৰাৰ পাছত এতিয়া হলীউডৰ ছবিতো দৰ্শকে দেখিবলৈ পাব অভিনেতাগৰাকীক। হলীউডৰ ছিকন্দৰ নামৰ ছবিখনত দেখিবলৈ পোৱা যাব অভিনেতাগৰাকীক।

হলীউডত অভিনয় কৰিবলৈ লোৱা ছবিখনত ছলমান খানক খুব কম সময়ৰ বাবে দেখিবলৈ পোৱা যাব এজন গাড়ীচালকৰ চৰিত্ৰত। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই ছবিখনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত, ছলমান খানক খাকী চালকৰ ইউনিফৰ্ম পৰিধান কৰা দেখা গৈছে।তেওঁক এখন অটো-ৰিক্সাৰ কাষত থিয় হৈ থকা দেখা গৈছে। 

আনহাতে এই ছবিখনত ছলমানৰ লগতে অভিনয় কৰিছে সঞ্জয় দত্তয়ো।উল্লেখযোগ্য যে এ আৰ মুৰুগাডছৰ দ্বাৰা পৰিচালনা কৰা এই ছবিখনত ছলমান খান আৰু সঞ্জয় দত্তৰ লগতে দেখিবলৈ পোৱা যাব ৰশ্মিকা মান্দন্না, প্ৰতীক বব্বৰ, সত্যৰাজ আৰু শৰমন যোশীকো। ইফালে ছবিখনত ছলমানৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি বহু প্ৰশ্ন উত্থাপিত হৈছে। 

অগণন অনুৰাগীয়ে গাড়ীচালকৰ চৰিত্ৰত ছলমানে অভিনয় কৰাৰ বাবে আচৰিত হৈ পৰিছে। ইতিমধ্যে ছৌডি আৰবত এই ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ