--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে প্ৰেমৰ বাবে সকলো কৰিব পাৰে। বুকুত দুৰ্বাৰ প্ৰেম থাকিলে অসম্ভৱকো সম্ভৱ কৰিবলৈ মন যায়। প্ৰেমৰ বাবে সৃষ্টি হৈছে নানা গান কবিতা, সৃষ্টি হৈছে তাজমহলৰ।

এগৰাকী স্বামীৰ পত্নীৰ প্ৰতি ইমানেই মৰম যে সেই মৰমৰ বৰ্হিপ্ৰকাশে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। ঘটনাটো ডুবাইৰ। পত্নীৰ পিন্ধিবলৈ মন বিকিনি। পত্নীয়ে যাতে মুক্তমনে বিকিনি পিন্ধিব পাৰে তাৰ সুব্যৱস্থা কৰিলে স্বামীয়ে। তাৰবাবে তেওঁ খৰচ কৰিলে ১কোটি, ২কোটি নহয় সৰ্বমুঠ ৪১৮ কোটি টকা। 

পত্নীয়ে সাগৰৰ পাৰত বিকিনি পিন্ধি ঘূৰিব পৰাকৈ ৪১৮ কোটি টকা খৰচ কৰিলে স্বামীয়ে। ডুবাইত বাস কৰা ব্ৰিটিছ মহিলা ছৌদি আল নাডাকে জনোৱা মতে, তেওঁৰ স্বামী জামাল আল নাডাকে তেওঁৰ বাবে ৪১৮ কোটিৰ এটা ব্যক্তিগত আইলেণ্ড ক্ৰয় কৰিছে। তেওঁ এই আইলেণ্ডটো কিনিছিল যাতে পত্নীয়ে আৰামত বিকিনি পিন্ধিব পাৰে আৰু নিৰাপদ অনুভৱ কৰিব পাৰে। অন্য লোকে যাতে পত্নীক বিকিনিৰ সাজত নেদেখে তাৰ বাবেও এই আইলেণ্ডটো ক্ৰয় কৰে জামাল আল নাডাকে।

স্বামীয়ে এটা ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, যিটো এতিয়ালৈকে লাখ লাখ লোকে চাইছে। ভিডিঅ’টোত দুই পতি-পত্নীক আইলেণ্ড এটাৰ কাষত দেখিবলৈ পোৱা গৈছে। তেওঁ কেপশ্যনত লিখিছিল- ‘‘তুমি বিকিনি পিন্ধিব বিচাৰিছিলা, গতিকে তোমাৰ কোটিপতি স্বামীয়ে তোমাৰ বাবে আইলেণ্ডটো কিনিলে।’’ 

নিৰাপত্তা আৰু গোপনীয়তাৰ কাৰণত ছৌদি আল নাডাকে আইলেণ্ডটোৰ সঠিক স্থান প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে৷ তেওঁ কয়, ‘‘গোপনীয়তাৰ কাৰণে আমি সঠিক স্থান শ্বেয়াৰ কৰা নাই, কিন্তু ই এছিয়াত আছে।’’

জামালে ছৌদি আল নাডাকৰ বাবে ইমান টকা খৰছ কৰা এয়াই প্ৰথম নহয়। ছৌদিয়ে প্ৰায়ে নিজৰ ইনষ্টাগ্ৰামত দেখুৱাই যে তেওঁৰ স্বামীয়ে তেওঁৰ বাবে কিমান বৃহৎ ধন খৰচ কৰে। এটা ভিডিঅ’ত তেওঁ কয় যে জামালে ইটালীত তেওঁৰ বাবে কাষ্টমাইজ কৰা ফেৰাৰী গাড়ী এখন লৈছিল আৰু ৮.২২ কোটি টকাৰ হীৰা আঙঠি দিছিল। 

এই দম্পতী ব্যয়বহুল ডিনাৰ ডেটৰ বাবেও পৰিচিত, য’ত তেওঁলোকে এৰাতিতে ১ লাখ বা ​​তাতকৈ অধিক খৰচ কৰে। তিনি বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক