--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে প্ৰেমৰ বাবে সকলো কৰিব পাৰে। বুকুত দুৰ্বাৰ প্ৰেম থাকিলে অসম্ভৱকো সম্ভৱ কৰিবলৈ মন যায়। প্ৰেমৰ বাবে সৃষ্টি হৈছে নানা গান কবিতা, সৃষ্টি হৈছে তাজমহলৰ।

এগৰাকী স্বামীৰ পত্নীৰ প্ৰতি ইমানেই মৰম যে সেই মৰমৰ বৰ্হিপ্ৰকাশে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। ঘটনাটো ডুবাইৰ। পত্নীৰ পিন্ধিবলৈ মন বিকিনি। পত্নীয়ে যাতে মুক্তমনে বিকিনি পিন্ধিব পাৰে তাৰ সুব্যৱস্থা কৰিলে স্বামীয়ে। তাৰবাবে তেওঁ খৰচ কৰিলে ১কোটি, ২কোটি নহয় সৰ্বমুঠ ৪১৮ কোটি টকা। 

পত্নীয়ে সাগৰৰ পাৰত বিকিনি পিন্ধি ঘূৰিব পৰাকৈ ৪১৮ কোটি টকা খৰচ কৰিলে স্বামীয়ে। ডুবাইত বাস কৰা ব্ৰিটিছ মহিলা ছৌদি আল নাডাকে জনোৱা মতে, তেওঁৰ স্বামী জামাল আল নাডাকে তেওঁৰ বাবে ৪১৮ কোটিৰ এটা ব্যক্তিগত আইলেণ্ড ক্ৰয় কৰিছে। তেওঁ এই আইলেণ্ডটো কিনিছিল যাতে পত্নীয়ে আৰামত বিকিনি পিন্ধিব পাৰে আৰু নিৰাপদ অনুভৱ কৰিব পাৰে। অন্য লোকে যাতে পত্নীক বিকিনিৰ সাজত নেদেখে তাৰ বাবেও এই আইলেণ্ডটো ক্ৰয় কৰে জামাল আল নাডাকে।

স্বামীয়ে এটা ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, যিটো এতিয়ালৈকে লাখ লাখ লোকে চাইছে। ভিডিঅ’টোত দুই পতি-পত্নীক আইলেণ্ড এটাৰ কাষত দেখিবলৈ পোৱা গৈছে। তেওঁ কেপশ্যনত লিখিছিল- ‘‘তুমি বিকিনি পিন্ধিব বিচাৰিছিলা, গতিকে তোমাৰ কোটিপতি স্বামীয়ে তোমাৰ বাবে আইলেণ্ডটো কিনিলে।’’ 

নিৰাপত্তা আৰু গোপনীয়তাৰ কাৰণত ছৌদি আল নাডাকে আইলেণ্ডটোৰ সঠিক স্থান প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে৷ তেওঁ কয়, ‘‘গোপনীয়তাৰ কাৰণে আমি সঠিক স্থান শ্বেয়াৰ কৰা নাই, কিন্তু ই এছিয়াত আছে।’’

জামালে ছৌদি আল নাডাকৰ বাবে ইমান টকা খৰছ কৰা এয়াই প্ৰথম নহয়। ছৌদিয়ে প্ৰায়ে নিজৰ ইনষ্টাগ্ৰামত দেখুৱাই যে তেওঁৰ স্বামীয়ে তেওঁৰ বাবে কিমান বৃহৎ ধন খৰচ কৰে। এটা ভিডিঅ’ত তেওঁ কয় যে জামালে ইটালীত তেওঁৰ বাবে কাষ্টমাইজ কৰা ফেৰাৰী গাড়ী এখন লৈছিল আৰু ৮.২২ কোটি টকাৰ হীৰা আঙঠি দিছিল। 

এই দম্পতী ব্যয়বহুল ডিনাৰ ডেটৰ বাবেও পৰিচিত, য’ত তেওঁলোকে এৰাতিতে ১ লাখ বা ​​তাতকৈ অধিক খৰচ কৰে। তিনি বছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ