--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পৰ বিৰোদ্ধে প্ৰতিদ্বন্দীতা আগঢ়াইছে ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে৷ কমলা হেৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ পাছত প্ৰথমটো সাক্ষাৎকাৰ প্ৰদান কৰে৷ সাক্ষাৎকাৰটোত অতীত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে অমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকী৷ এই সাক্ষাৎকাৰত হেৰিছৰ বিভিন্ন দিশৰ ওপৰতো আলোচনা কৰা হয়, বিশেষকৈ আমেৰিকাৰ অৰ্থনীতিৰ ওপৰত তেওঁৰ দৃষ্টিভংগী সম্পৰ্কে আলোচনা কৰে । 

কি ক’লে তেওঁৰ কলেজীয়া দিনৰ স্মৃতিৰ সন্দৰ্ভত? কি ক’লে  আমেৰিকাৰ অৰ্থনীতিৰ ওপৰত? কি কলে ডোনাল্ড ট্ৰাম্পৰ বিষয়ে?আহকচোন এক চমু আভাস লওঁ!

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীয়ে সাক্ষাৎকাৰটোত মুকলিকৈ ক’লে তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে। তেওঁ কলেজীয়া দিনৰ কথা সোঁৱৰী কয় যে তেওঁ মেকড’নাল্ডছতো কাম কৰিছিল। সেই সময়ত তেওঁ  ছাত্ৰী আছিল আৰু নিজৰ খৰচ নিজে বহন কৰিবলৈ কাম কৰিছিল বুলি উল্লেখ কৰে। তেওঁ কয় আজিও বহু আমেৰিকান লোকে এইদৰে জীৱন সংগ্ৰাম কৰি আহিছে। এইসকল লোকৰ বিষয়ে জনমানসত তুলি ধৰাৰ উদ্দেশ্যে এই মন্তব্য কৰা বুলি কয়৷

কমলা হেৰিছে আমেৰিকাৰ বৰ্তমানৰ অৰ্থনীতি সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে তেওঁ পুঁজিবাদী আৰু মুক্ত তথা ন্যায়সংগত বজাৰৰ ওপৰত বিশ্বাসী। তেওঁ কয়, ‘যেতিয়া মধ্যবিত্তৰ সংখ্যা বৃদ্ধি হ’ব, তেতিয়াহে আমেৰিকাৰ অৰ্থনীতি অধিক শক্তিশালী হ’ব।’ তেওঁ মধ্যবিত্তৰ বাবে টেক্স ক্ৰেডিট আৰু প্ৰথমবাৰ গৃহ ক্ৰেতাসকলৰ বাবে বিভিন্ন অৰ্থনৈতিক পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰে।

হাৰিছে ডোনাল্ড ট্ৰাম্পৰ অৰ্থনৈতিক নীতিৰ সমালোচনা কৰি কয় যে, ট্ৰাম্পৰ ধনী লোকসকলৰ যত্ন লোৱাৰ ইতিহাস আছে। লগতে তেওঁ   ধনী লোকসকলে তেওঁলোকৰ ন্যায্য অংশ পৰিশোধ কৰা উচিত বুলিও উল্লেখ কৰে৷

হাৰিছে প্ৰজনন অধিকাৰৰ ওপৰতো বক্তব্য প্ৰদান কৰি কয় যে, তেওঁ গৰ্ভপাতৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ফিলিবাষ্টাৰক অন্ত কৰিব বিচাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ