--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পৰ বিৰোদ্ধে প্ৰতিদ্বন্দীতা আগঢ়াইছে ভাৰতীয় মূলৰ মহিলা কমলা হেৰিছে৷ কমলা হেৰিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ পাছত প্ৰথমটো সাক্ষাৎকাৰ প্ৰদান কৰে৷ সাক্ষাৎকাৰটোত অতীত স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে অমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকী৷ এই সাক্ষাৎকাৰত হেৰিছৰ বিভিন্ন দিশৰ ওপৰতো আলোচনা কৰা হয়, বিশেষকৈ আমেৰিকাৰ অৰ্থনীতিৰ ওপৰত তেওঁৰ দৃষ্টিভংগী সম্পৰ্কে আলোচনা কৰে । 

কি ক’লে তেওঁৰ কলেজীয়া দিনৰ স্মৃতিৰ সন্দৰ্ভত? কি ক’লে  আমেৰিকাৰ অৰ্থনীতিৰ ওপৰত? কি কলে ডোনাল্ড ট্ৰাম্পৰ বিষয়ে?আহকচোন এক চমু আভাস লওঁ!

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীয়ে সাক্ষাৎকাৰটোত মুকলিকৈ ক’লে তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে। তেওঁ কলেজীয়া দিনৰ কথা সোঁৱৰী কয় যে তেওঁ মেকড’নাল্ডছতো কাম কৰিছিল। সেই সময়ত তেওঁ  ছাত্ৰী আছিল আৰু নিজৰ খৰচ নিজে বহন কৰিবলৈ কাম কৰিছিল বুলি উল্লেখ কৰে। তেওঁ কয় আজিও বহু আমেৰিকান লোকে এইদৰে জীৱন সংগ্ৰাম কৰি আহিছে। এইসকল লোকৰ বিষয়ে জনমানসত তুলি ধৰাৰ উদ্দেশ্যে এই মন্তব্য কৰা বুলি কয়৷

কমলা হেৰিছে আমেৰিকাৰ বৰ্তমানৰ অৰ্থনীতি সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে তেওঁ পুঁজিবাদী আৰু মুক্ত তথা ন্যায়সংগত বজাৰৰ ওপৰত বিশ্বাসী। তেওঁ কয়, ‘যেতিয়া মধ্যবিত্তৰ সংখ্যা বৃদ্ধি হ’ব, তেতিয়াহে আমেৰিকাৰ অৰ্থনীতি অধিক শক্তিশালী হ’ব।’ তেওঁ মধ্যবিত্তৰ বাবে টেক্স ক্ৰেডিট আৰু প্ৰথমবাৰ গৃহ ক্ৰেতাসকলৰ বাবে বিভিন্ন অৰ্থনৈতিক পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰে।

হাৰিছে ডোনাল্ড ট্ৰাম্পৰ অৰ্থনৈতিক নীতিৰ সমালোচনা কৰি কয় যে, ট্ৰাম্পৰ ধনী লোকসকলৰ যত্ন লোৱাৰ ইতিহাস আছে। লগতে তেওঁ   ধনী লোকসকলে তেওঁলোকৰ ন্যায্য অংশ পৰিশোধ কৰা উচিত বুলিও উল্লেখ কৰে৷

হাৰিছে প্ৰজনন অধিকাৰৰ ওপৰতো বক্তব্য প্ৰদান কৰি কয় যে, তেওঁ গৰ্ভপাতৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ফিলিবাষ্টাৰক অন্ত কৰিব বিচাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক