--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৩ বছৰৰ কাৰাদণ্ডৰ অন্তত দোষমুক্ত হ’ল মিছৌৰীৰ এগৰাকী মহিলা। যদিহে মুকলি কৰি দিয়া হয় তেন্তে তেওঁ হ’ব অভিযোগ নোহোৱাকৈ জেলত থকা আটাইতকৈ দীৰ্ঘদিনীয়া মহিলা।

১৯৮০ চনত মিছৌৰীৰ ছেইণ্ট জোচেফত ৩১ বছৰীয়া পেট্ৰিচিয়া জেচকে নামৰ এগৰাকী লাইব্ৰেৰিয়ানক হত্যা কৰা হয়। আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে ছেণ্ড্ৰা হেম নামৰ এগৰাকী যুৱতীক। চেণ্ড্ৰাৰ বয়স আছিল মাত্ৰ ২০ বছৰ। চেণ্ড্ৰাৰ বিৰুদ্ধে মূল প্ৰমাণ আছিল তাইৰ নিজৰ ‘স্বীকাৰোক্তি’। জনা গৈছে যে তেওঁ মানসিক ৰোগত আক্ৰান্ত। আৰক্ষীৰ মতে, ১২ বছৰ বয়সৰ পৰাই তেওঁ বিভিন্ন মানসিক আৰু স্নায়ুজনিত বিকাৰৰ বাবে চিকিৎসাধীন হৈ আহিছে। এই গোচৰত চেণ্ড্ৰাক দোষী সাব্যস্ত কৰা হয়। আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

বছৰ বছৰ পিছত ছেইণ্ট জোচেফৰ মাইকেল হোলমেন নামৰ এজন আৰক্ষীক আন এটা গোচৰত দোষী সাব্যস্ত কৰা হয়। সেই গোচৰত তেওঁক জেলত ভৰোৱা হৈছিল। পেট্ৰিচিয়াক হত্যা কৰাৰ সময়ত হোলমেনৰ বয়স আছিল ২২ বছৰ। পেট্ৰিচিয়াৰ কাণফুলি তাইৰ কাণফুলিৰ লগত মিলি যায়। যদিও হোলমেনক বহুবাৰ ক্ৰছ এক্সাম কৰা হৈছিল, তথাপিও ৰাজহুৱা অভিযুক্তই তেওঁৰ বিৰুদ্ধে কেতিয়াও সঠিক গোচৰ গঢ়ি তুলিব পৰা নাছিল। ২০১৫ চনত কাৰাগাৰত মৃত্যু হয় হোলমেনৰ।

চলিত বৰ্ষৰ জানুৱাৰী মাহত ছেণ্ড্ৰা হেমৰ অধিবক্তাই তেওঁলোকৰ ক্লায়েণ্ট নিৰ্দোষী বুলি দাবী কৰি ১৪৭ পৃষ্ঠাৰ নথি আদালতত দাখিল কৰিছিল। সেই নথি-পত্ৰসমূহ পৰ্যালোচনা কৰি তিনিদিনীয়া শুনানিৰ পিছত শুকুৰবাৰে ন্যায়াধীশ ৰিয়ান হৰ্ছমেনে ছেণ্ড্ৰা নিৰ্দোষী বুলি ৰায় দিয়ে। ৩০ দিনৰ ভিতৰত তেওঁক মুকলি কৰি দিব লাগে। ন্যায়াধীশৰ ভাষাত, "সেই সময়ত তদন্ত যে একপক্ষীয়ভাৱে কৰা হৈছিল সেয়া প্ৰমাণিত হৈছে। যদিও হোলমেনৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ আছিল, তথাপিও তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা হোৱা নাছিল। চেণ্ড্ৰাৰ অসংলগ্ন কথা শুনি আৰক্ষীয়ে ধৰি লৈছিল যে তাইয়েই দোষী।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক