--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৩ বছৰৰ কাৰাদণ্ডৰ অন্তত দোষমুক্ত হ’ল মিছৌৰীৰ এগৰাকী মহিলা। যদিহে মুকলি কৰি দিয়া হয় তেন্তে তেওঁ হ’ব অভিযোগ নোহোৱাকৈ জেলত থকা আটাইতকৈ দীৰ্ঘদিনীয়া মহিলা।

১৯৮০ চনত মিছৌৰীৰ ছেইণ্ট জোচেফত ৩১ বছৰীয়া পেট্ৰিচিয়া জেচকে নামৰ এগৰাকী লাইব্ৰেৰিয়ানক হত্যা কৰা হয়। আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰে ছেণ্ড্ৰা হেম নামৰ এগৰাকী যুৱতীক। চেণ্ড্ৰাৰ বয়স আছিল মাত্ৰ ২০ বছৰ। চেণ্ড্ৰাৰ বিৰুদ্ধে মূল প্ৰমাণ আছিল তাইৰ নিজৰ ‘স্বীকাৰোক্তি’। জনা গৈছে যে তেওঁ মানসিক ৰোগত আক্ৰান্ত। আৰক্ষীৰ মতে, ১২ বছৰ বয়সৰ পৰাই তেওঁ বিভিন্ন মানসিক আৰু স্নায়ুজনিত বিকাৰৰ বাবে চিকিৎসাধীন হৈ আহিছে। এই গোচৰত চেণ্ড্ৰাক দোষী সাব্যস্ত কৰা হয়। আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

বছৰ বছৰ পিছত ছেইণ্ট জোচেফৰ মাইকেল হোলমেন নামৰ এজন আৰক্ষীক আন এটা গোচৰত দোষী সাব্যস্ত কৰা হয়। সেই গোচৰত তেওঁক জেলত ভৰোৱা হৈছিল। পেট্ৰিচিয়াক হত্যা কৰাৰ সময়ত হোলমেনৰ বয়স আছিল ২২ বছৰ। পেট্ৰিচিয়াৰ কাণফুলি তাইৰ কাণফুলিৰ লগত মিলি যায়। যদিও হোলমেনক বহুবাৰ ক্ৰছ এক্সাম কৰা হৈছিল, তথাপিও ৰাজহুৱা অভিযুক্তই তেওঁৰ বিৰুদ্ধে কেতিয়াও সঠিক গোচৰ গঢ়ি তুলিব পৰা নাছিল। ২০১৫ চনত কাৰাগাৰত মৃত্যু হয় হোলমেনৰ।

চলিত বৰ্ষৰ জানুৱাৰী মাহত ছেণ্ড্ৰা হেমৰ অধিবক্তাই তেওঁলোকৰ ক্লায়েণ্ট নিৰ্দোষী বুলি দাবী কৰি ১৪৭ পৃষ্ঠাৰ নথি আদালতত দাখিল কৰিছিল। সেই নথি-পত্ৰসমূহ পৰ্যালোচনা কৰি তিনিদিনীয়া শুনানিৰ পিছত শুকুৰবাৰে ন্যায়াধীশ ৰিয়ান হৰ্ছমেনে ছেণ্ড্ৰা নিৰ্দোষী বুলি ৰায় দিয়ে। ৩০ দিনৰ ভিতৰত তেওঁক মুকলি কৰি দিব লাগে। ন্যায়াধীশৰ ভাষাত, "সেই সময়ত তদন্ত যে একপক্ষীয়ভাৱে কৰা হৈছিল সেয়া প্ৰমাণিত হৈছে। যদিও হোলমেনৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ আছিল, তথাপিও তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা হোৱা নাছিল। চেণ্ড্ৰাৰ অসংলগ্ন কথা শুনি আৰক্ষীয়ে ধৰি লৈছিল যে তাইয়েই দোষী।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন