--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰতিষেধক উৎপাদনকাৰী সংস্থাই কোভিড প্ৰতিষেধকৰ দাম বৃদ্ধি কৰাৰ পাছতে দেশত প্ৰতিষেধকক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন নীতিক লৈও চলিছে তুমুল সমালোচনা। ১ মে’ৰপৰা আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ টিকাকৰণত ১৮ ঊৰ্ধ্বৰ লোকসকলক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছিল যদিও প্ৰতিষেধক বিনামূলীয়া হ’ব নে নাই তাক লৈও সংশয় আঁতৰা নাই।

আৰু পঢ়িব পাৰিব : অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’লৈ গুৰুত্বপূৰ্ণ স্বীকৃতি

কিন্তু ইয়াৰ মাজতে দেশৰ বাবে প্ৰশংসনী নিদৰ্শন দাঙি ধৰিছে দিল্লী চৰকাৰে। দিল্লীৰ কল্যাণকামী চৰকাৰে ১৮ ঊৰ্ধ্বৰ সকলো লোককে বিনামূলীয়াকৈ প্ৰদান কৰিব কোভিড প্ৰতিষেধক। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এইকথা প্ৰকাশ কৰিছে। শনিবাৰৰ পৰা সকলো বয়সৰ ফালৰ পৰা যোগ্য লোককে প্ৰতিষেধক প্ৰদান কৰা কাম আৰম্ভ কৰা হ’ব।

আৰু পঢ়িব পাৰিব : ক’ভিড ত্ৰাসৰ মাজতো আশা বিলাইছে ভাইজানে

মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘দিল্লী চৰকাৰে ১৮বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমি ১.৩৪লাখ প্ৰতিষেধক ক্ৰয় কৰাত অনুমোদন।’ কেজৰিৱালে লগতে প্ৰতিষেধক উৎপাদন কৰা প্ৰতিষ্ঠানক ইয়াৰ প্ৰতিপালিৰ দাম ১৫০ টকালৈ হ্ৰাস কৰাৰো আবেদন জনাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰো প্ৰয়োজনত প্ৰতিষেধকৰ দাম নিয়ন্ত্ৰন কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণৰ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ