--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : ক'ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ ত্ৰাসত স্তব্ধপ্ৰায় ভাৰতৰ কাষত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান গুগল। ভাৰতৰ ক্ৰমবৰ্দ্ধমান ক'ভিড-১৯ পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই আৰু মাইক্ৰ’ছফ্টৰ সত্য নাডেলাক| ইউনিচেফৰ জৰিয়তে ভাৰতলৈ ১৩৫ কোটি টকাৰ অৰিহণা আগবঢ়াব বুলি সুন্দৰ পিচায়ে টুইটাৰ যোগে সদৰি কৰিছে| সংস্থাটোৰ জৰিয়তে ভাৰতৰ স্বাস্থ্য আন্তঃগাঠনি সংক্ৰান্তত পাৰ্যমানে সকলো ধৰণৰ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে সংস্থা দুটাই|

আৰু পঢ়িব পাৰিব : অ’এনজিচিৰ কৰ্মচাৰী অপহৰণকাণ্ডত জড়িত ৩ আৰক্ষী জোৱান !


‘ভাৰতৰ ক্ৰমবৰ্দ্ধমান ক'ভিড পৰিস্থিতিয়ে সৃষ্টি কৰা সংকটাপন্ন অৱস্থা দেখি মই মৰ্মাহত’ বুলি সুন্দৰ পিচাইয়ে মন্তব্য কৰিছে|আনহাতে সত্য নাডেলাই লিখিছে 'হৃদয়বিদাৰক!' এই নিদাৰুণ পৰিস্থিতিৰ সময়ত ভাৰতৰ প্ৰযুক্তিগত সকলো সাহায্য আৰু অক্সিজেন চিলিণ্ডাৰ ক্ৰয়ৰ বাবেও ভাৰতক সাহায্যৰ হাত আগবঢ়াব বুলি সত্য নাডেলাই মন্তব্য কৰিছে|

আৰু পঢ়িব পাৰিব : বিনামূলীয়া প্ৰতিষেধক : বাট দেখুৱাইছে দিল্লী চৰকাৰে


উল্লেখ্য যে, সংকটপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপৰাষ্ট্ৰপতি কমলা হেৰিছে ভাৰতলৈ সাহায্য প্ৰেৰণ কৰিছে| সহোযোগিতাৰ বাৰ্তা প্ৰেৰণ কৰিছে ব্ৰিটেইন চৰকাৰেও| ভেন্টিলেটৰকে ধৰি অক্সিজেন চিলিণ্ডাৰ সহিতে একাধিক চিকিৎসাকেন্দ্ৰৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি সদৰি কৰিছে ব্ৰিটেইন চৰকাৰে|


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ