--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : দেশত ক’ভিড সংক্ৰমণৰ হাৰ অধিক দ্ৰুত হৈছে। ক্ৰমাগতভাৱে প্ৰতিদিনে বৃদ্ধি পাই আছে সংক্ৰমণ। শেহতীয়াকৈ দৈনিক ডেৰ লক্ষাধিক আক্ৰান্ত চিনাক্ত হৈছে। অক্সিজেনকে ধৰি জৰুৰী চিকিৎসা সামগ্ৰীৰ অভাৱে পৰিস্থিতি কৰি তুলিছে অধিক শোচনীয়। ইয়াৰ মাজতে ভাৰতক সামান্য সকাহ দি সাহায্যৰ বাবে আগুৱাই আহিছে এখন বন্ধু ৰাষ্ট্ৰ। ভাৰতৰ ক’ৰ’নাবিৰোধী যুঁজত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা।

আৰু পঢ়িব পাৰিব: কেৱল কৰ’নাই নহয়, শংকা মাতিছে আন এক মাৰাত্মক ভাইৰাছে

ক’ৰ’নাৰ ভয়ংকৰ আগ্ৰাসন তথা জৰুৰী চিকিৎসা সামগ্ৰীৰ নাটনি হোৱাৰ সময়তে ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ভাৰতীয় নাগৰিককক সকলো ধৰণৰ সহযোগিতা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে। অত্যাৱশ্যকীয় জীৱনৰক্ষাকাৰী চিকিৎসা সামগ্ৰী আৰু আহিলা প্ৰদানেৰে সহায় কৰিব দেশখনে। ‘ভাৰতে যিদৰে আমেৰিকাত কোভিডৰ সংক্ৰমণে অনিয়ন্ত্ৰিত ৰূপ লোৱাৰ সময়ত মাৰ্কিন হাস্পতালবোৰক সহায় কৰিছিল ঠিক সেইদৰে প্ৰয়োজনৰ সময়ত ভাৰতক সহায় কৰিবলৈ আমি বদ্ধপৰিকৰ।’ টুইটযোগে এইকথা সদৰি কৰে ৰাষ্ট্ৰপতি বাইডেনে।

আৰু পঢ়িব পাৰিব: নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা ! গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত

আনহাতে উপৰাষ্ট্ৰপতি কমলা হেৰিছে টুইটযোগে প্ৰকাশ কৰে যে, ‘আমেৰিকাই ভাৰত চৰকাৰৰ সৈতে ঐক্যবদ্ধভাৱে কোভিড-১৯ৰ সৈতে যুঁজ কৰি আছে। দ্ৰুতভাৱে অতিৰিক্ত সহায় তথা প্ৰয়োজনীয় সামগ্ৰীৰ যোগানেৰে ইয়াক অধিক তৰান্বিত কৰি তোলা হৈছে। আমি যিদৰে সহায, সমৰ্থন আগবঢ়াইছোঁ, ঠিক একেদৰে আমি ভাৰতৰ সাহসী চিকিৎসক-চিকিৎসাকৰ্মীকে ধৰি নাগৰিককসকলৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ