--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : জনপ্ৰিয়তা আৰু বিতৰ্ক দুয়োটাৰে কেন্দ্ৰবিন্দুত থকা তাৰকাসকলৰ ভিতৰত সংগীতশিল্পী হানী সিং অন্যতম। দেশৰ সংগীত জগতত এসময়ত খলকনি তোলা হানী সিঙে বিভিন্ন বিতৰ্কতো সাঙোৰ খাই আহিছে। এইবাৰ তেওঁ পুনৰ বিপদত পৰাৰ আশংকাই দেখা দিছে। এইবাৰ তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছে খোদ পত্নীয়ে। তাৰকা গায়কজনে পত্নীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগেৰে পত্নী শালিনী তলৱাৰে তেওঁৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে।

তেওঁ দিল্লীৰ তিছ হাজাৰী আদালতত 'ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন'ৰ অধীনত গোচৰ ৰুজু কৰিছে। ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ অধীনত তেওঁৰ পত্নী শালিনী তলৱাৰে দাখিল কৰা গোচৰ সন্দৰ্ভত দিল্লীৰ তিছ হাজাৰী আদালতে গায়কগৰাকীলৈ জাননী জাৰি কৰিছে। তিছ হাজাৰী আদালতৰ মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট তানিয়া সিঙে হানী সিঙলৈ জাননী জাৰি কৰিছিল আৰু ২৮ আগষ্টত গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে। উল্লেখ্য যে, হানী সিঙৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে শাৰীৰিক, মানসিক, যৌন, নিৰ্যাতন চলোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ তাৰকাগৰাকীৰ বিৰুদ্ধে আৰ্থিক শোষণৰো অভিযোগ আনিছে।

তেওঁ হানী সিঙৰ পৰা ২০কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিও আদালতত আবেদন জনাইছে। এই অভিযোগৰ আধাৰতে আদালতে এক অন্তৱৰ্তীকালীন আদেশ দিয়ে, য’ত হানী সিং আৰু পত্নীৰ নামত যুটীয়াভাৱে থকা সম্পত্তি বিক্ৰী কৰাত তেওঁক বাধা দিয়া হৈছে। হানী সিঙে শালিনীৰ ওপৰত বিভিন্ন সময়ত নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছে। এই সম্পৰ্কত তাৰকাগৰাকীৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ