--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ নিৰ্বাপিত হৈ পৰিল ‘মন কী আৱাজ প্ৰতিজ্ঞা’ৰ ঐতিহাসিক যাত্ৰা। খহি পৰিল বলীউডৰ এক উজ্জ্বল নক্ষত্ৰ। বলীউডৰ লগতে চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা অনুপম শ্যামৰ বিয়োগ। শৰীৰৰ বিভিন্ন অংগ বিকল হোৱাত সোমবাৰে পুৱা মৃত্যুক সাবটি লয় জনপ্ৰিয় অভিনেতাগৰাকীয়ে। বিগত কিছুবছৰৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকীয়ে।ক্ৰমাত্‍ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৯৫৭চনত উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে ‘লজ্জা’ ছবিৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।


জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘প্ৰতিজ্ঞা’-ত সজ্জন সিঙৰ চৰিত্ৰত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ অন্তৰ জিনিছিল অভিনেতাগৰাকীয়ে। উল্লেখ্য যে, ধাৰাবাহিকখনত অভিনয় কৰি থকা অৱস্থাত সপ্তাহত ৩বাৰকৈ ডায়লাইছিছ কৰিব লগা হৈছিল। বলীউদৰ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছে। ‘দস্তক’; ‘দুশমন’; ‘সত্যা’; ‘দিল ছে’; ‘নায়ক’; ‘ৱেলডান’; ‘ৱাণ্টেড’; ‘মুন্না মাইকেল’ ইত্যাদিৰ দৰে বহুল সমাদৃত ছবিত অভিনয় কৰিছিল প্ৰবীণ অভিনেতাগৰাকীয়ে।


বৰণ্য অভিনেতাগৰাকীৰ মৃত্যুত বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে একাংশ গুণমুদ্ধই সমবেদনা জ্ঞাপন কৰিছে।৬৩বছৰ বয়সত অভিনেতীগৰাকীয়ে মৃত্যুক সাবটি লয়। কায়িকভাবে তেওঁ আমাৰ মাজত নাথাকিলেও চলচিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব অনুপম শ্যাম ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ