--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ চলিত ট'কিঅ’ অলিম্পিক-২০২০ত ইজৰাইলে পোনপ্ৰথমবাৰৰ বাবে আৰ্টিষ্টিক জিম্নাষ্টিকছত সোণৰ পদক লাভ কৰাৰ লগে লগে ভাৰতৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত ট্ৰেণ্ডিং টপিক হৈ পৰে বলীউডৰ বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী অনু মালিক।

ইজৰাইলী জিম্নাষ্ট আৰ্টেম ডলগোপ্যাটে আৰ্টিষ্টিক জিম্নাষ্টিকছত সোণৰ পদক অৰ্জন কৰাৰ পাছত মেডেল প্ৰদান অনুষ্ঠানত ৰীতি অনুসৰি ইজৰাইলী ৰাষ্ট্ৰীয় সংগীত বাজি উঠে। ইয়াৰ পাছতেই ভাৰতীয় ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত ট্ৰেণ্ডিং হৈ পৰে অন্য এক বিষয়।

ভাৰতীয় সংগীত পৰিচালক অনু মালিকে সংগীত পৰিচালনা কৰা ১৯৯৬ চনৰ অন্যতম হিট ছবি ‘দিলজলে’ৰ ‘মেৰা মুল্ক; মেৰা দেশ…’ শীৰ্ষক গীতটি আজিও ভাৰতীয়ৰ হৃদয়ত চিৰসেউজ। কিন্তু, শেহতীয়াকৈ এক আমোদজনক কথা পোহৰলৈ আহে যে, অনু মালিকে সেই বিখ্যাত গীতটো ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীত ‘হাটিকৱা’ৰ পৰা নকল কৰা। ইতিমধ্যে বহুসংখ্যক ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰীয়ে ট্ৰ’ল আৰু মিমেৰে ওপচাই পেলাইছে। আনকি, এখন দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ নকল কৰাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে ৰাষ্ট্ৰীয় বঁটা তথা ফিল্মফেয়াৰ বঁটাপ্ৰাপক সংগীত পৰিচালকগৰাকী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ