ডিজিটেল ডেস্কঃ বিদেশৰ যিকোনো দেশলৈ যাবলৈ পাছপোৰ্টৰ প্ৰয়োজন। বিশ্বৰ সকলো দেশৰ পাছপোৰ্ট সমানে শক্তিশাৱী নহয়। পাছপোৰ্ট এখনৰ শক্তি নিৰ্ভৰ কৰে সেই পাছপোৰ্টেৰে বিদেশৰ কোনো এখন দেশৰ কিমান ঠাইলৈ কোনো বাধা নোপোৱাকৈ ভ্ৰমণ কৰিব পাৰি।আটাইতকৈ শক্তিশালী পাছপোৰ্ট থকা শীৰ্ষ তিনিখন দেশ হৈছে এছিয়াৰ - জাপান, ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়া। ২০২১ চনত ৯০ স্থানৰ স্থানৰ পৰা তিনিটা স্থান ওপৰলৈ উধাই ভাৰতে তালিকাৰ ৮৭ তম স্থানত আৰোহণ কৰিছে।
লণ্ডনস্থিত ইমিগ্ৰেচন পৰামৰ্শদাতা হেনলী এণ্ড পাৰ্টনাৰ্ছে প্ৰকাশ কৰা এক ত্ৰৈমাসিক প্ৰতিবেদনত জাপানক বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট থকা দেশ হিচাপে অভিহিত কৰিছে।আনকি বিশ্বই কোভিড-১৯ অতিমাৰীৰ পৰা লাহে লাহে মুক্ত হোৱাৰ সময়তো, জাপান আৰু ছিংগাপুৰে (যি দ্বিতীয় স্থানত আছে) হেনলী পাছপোৰ্ট সূচকৰ শক্তিশালী পাছপোৰ্ট থকা দেশৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে।
প্ৰতিবেদন খনৰ মতে জাপানী নাগৰিকসকলে ভিছা অবিহনে বা আগমনৰ পিছত ভিছা প্ৰদান কৰি প্ৰায় ১৯৩ টা গন্তব্যস্থানলৈ ভ্ৰমণ কৰিব পাৰে।
ইফালে, ভাৰতৰ স্থান সামান্য উন্নত হৈছে আৰু বৰ্তমান ২০২২ চনৰ দ্বিতীয় তিনিমাহত ভাৰতে শক্তিশালী পাছপোৰ্টৰ তালিকাত ৮৭ সংখ্যক স্থানত আছে। ২০২১ চনত শক্তিশালী পাছপোৰ্টৰ বিষয়ত ভাৰতৰ স্থান ৯০ সংখ্যক স্থানত আছিল।
প্ৰতিবেদন খন প্ৰস্তুত কৰোতে বিগত ১৭ বছৰৰ তথ্য বিশ্লেষণ কৰা হৈছে কৰা হৈছে। উল্লেখ্য পাছপোৰ্টে সমগ্ৰ বিশ্বৰ নাগৰিকত্বৰ মূল্য নিৰ্ধাৰণ কৰাত সহায় কৰে, যাৰ ওপৰত আধাৰ কৰি পাছপোৰ্টে আন দেশলৈ সহজ ভিছা-মুক্ত বা ভিছা-অন-এৰাইভেল প্ৰৱেশাধিকাৰ প্ৰদান কৰে।এক কথাত উল্লেখ্য পাছপোৰ্ট হৈছে কোনো এখন দেশৰ চৰকাৰৰ দ্বাৰা জাৰি কৰা এক চৰকাৰী নথি৷ এই নথিয়ে ধাৰকৰ পৰিচয় আৰু নাগৰিকত্ব প্ৰমাণ কৰাৰ লগতে তেওঁলোকক নিৰ্দিষ্ট সুৰক্ষাৰ অধীনত বিদেশলৈ অহা-যোৱা কৰিবলৈ অনুমতি প্ৰদান কৰা হয়
কিহে পাছপোৰ্ট শক্তিশালী কৰে?
পাছপোৰ্ট সূচকত সৰ্বোচ্চ স্থান লাভ কৰা এখন দেশৰ বাবে, ই পাছপোৰ্ট ধাৰক এজনক ভিছা অবিহনে, ভিছা-অন-এৰাইভেল বা আগতীয়াকৈ ভিছা লৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়ৈাৰ কথাবোৰ সামৰি লোৱা হয়। পৃথিৱীৰ আটাইতকৈ শক্তিশালী পাছপোৰ্টবোৰ হৈছে সেইবোৰ দেশৰ পাছপোৰ্ট যি বোৰ দেশে মানুহক সৰ্বাধিক ঠাই ভ্ৰমণৰ স্বাধীনতা প্ৰদান কৰে।
পাছপোৰ্ট কিমান ভ্ৰমণ-অনুকূল সেয়া মূল্যাঙ্কন কৰাৰ উপৰি, পাছপোৰ্ট সূচকে বিনিয়োগ সূচক আৰু জীৱনৰ মান ঐআদি বিষয় সমূহো বিবেচনা কৰে।
বিশ্বৰ শীৰ্ষ ১০খন আটাইতকৈ শক্তিশালী পাছপোৰ্ট থকা দেশ হৈছে -
জাপান (এই দেশৰ পাছপোৰ্ট ব্যৱহাৰ কৰি ১৯৩ টা গন্তব্যস্থান ভ্ৰমণ কৰিব পাৰি)
ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়া (১৯২ গন্তব্যস্থান ভ্ৰমণ কৰিব পাৰি )
জাৰ্মানী আৰু স্পেইন (১৯০ টা গন্তব্যস্থান ভ্ৰমণ কৰিব পাৰি)
ফিনলেণ্ড, ইটালী আৰু লাক্সেমবাৰ্গ (১৮৯ টা গন্তব্যস্থান ভ্ৰমণ কৰিব পাৰি)
অষ্ট্ৰিয়া, ডেনমাৰ্ক, নেডাৰলেণ্ড আৰু চুইডেন (১৮৮ গন্তব্যস্থান)
ফ্ৰান্স, আয়াৰলেণ্ড, পৰ্তুগাল আৰু ইউকে (১৮৭ গন্তব্যস্থান)
বেলজিয়াম, নিউজিলেণ্ড, নৰৱে,ছুইজাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ (১৮৬ টা গন্তব্যস্থান)
অষ্ট্ৰেলিয়া, কানাডা, চেক গণৰাজ্য, গ্ৰীচ আৰু মাল্টা (১৮৫ টা গন্তব্যস্থান)
হাংগেৰী (১৮৩ টা গন্তব্যস্থান)
লিথুৱানিয়া, পোলেণ্ড আৰু শ্লোভাকিয়া (১৮২টা গন্তব্যস্থান)
পাছপোৰ্ট সূচকত ভাৰতৰ পাছপোৰ্ট ৮৭ সংখ্যক স্থানত আছে৷ ভাৰতে ২০২১ চনত ৫৮ খন দেশৰ লগতে ভূটান, নেপাল, ইণ্ডোনেছিয়া আৰু মাকাউকে ধৰি আন ৬০ খন দেশলৈ ভিছা-মুক্ত প্ৰৱেশাধিকাৰ প্ৰদান কৰে।
বিগত কিছু বছৰত প্ৰায় ১,৬৩,৩৭০ জন ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে। বেছিভাগ লোকে তেওঁলোকৰ নাগৰিকত্ব আমেৰিকা যুক্তৰাজ্য (৭৮,২৮৪), অষ্ট্ৰেলিয়া (২৩,৫৩৩), কানাডা (২১,৫৬৭) আৰু ব্ৰিটেইনত (১৪,৬৩৭)গ্ৰহণ কৰিছে ।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, এছিয়াৰ দেশবোৰে ২০১৭ চনৰ পৰা শক্তিশালী পাছপোৰ্টৰ শীৰ্ষ ১০ খন তালিকাত কোনোমতে স্থান পাইছে।
পৃথিৱীৰ আটাইতকৈ কম উপযোগী পাছপোৰ্ট
কেইবাখনো দেশ আছে যিয়ে কেৱল ৮০ বা তাতকৈ কম গন্তব্যস্থানত প্ৰৱেশাধিকাৰ প্ৰদান কৰে। এই দেশবোৰক ১০৫ ৰ পৰা ১১২ সংখ্যক স্থানত ৰখা হৈছে।
১০৫ উত্তৰ কোৰিয়া (৪০ টা গন্তব্যস্থান)
১০৬. নেপাল আৰু পেলেষ্টাইন অঞ্চল (৪৮ গন্তব্যস্থান)
১০৭. চোমালিয়া (৩৫ টা গন্তব্যস্থান)
১০৮. য়েমেন (৩৪ টা গন্তব্যস্থান)
১০৯. পাকিস্তান (৩২ টা গন্তব্যস্থান)
১১০ . চিৰিয়া (৩০ টা গন্তব্যস্থান)
১১১. ইৰাক (২৯ টা গন্তব্যস্থান)
১১২. আফগানিস্তান (২৭টা গন্তব্যস্থান)৷