--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনকে ধৰি  সমগ্ৰ ইউৰোপকে দহি নিছে  তীব্ৰ তাপ প্ৰবাহে ।এতিয়ালৈকে গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰি লণ্ডনতে কেইবাজনো লোকৰ মৃত্যু ঘটিছে। লণ্ডনবাসীয়ে কেতিয়াও নেদেখা এক পৰিস্থিতিৰ মুখামুখী হৈছে। 

ব্ৰিটেইনৰ লগতে   পৰ্তুগাল, স্পেইন, ফ্ৰান্স, গ্ৰীচ আৰু ক্ৰোৱেছিয়াৰ দৰে দেশতো যেন আকাশৰ পৰা  জুই বৰষিছে। গ্ৰীষ্ম প্ৰবাহৰ ফলত সেই দেশ সমূহত জন-জীৱন ব্যাহত হৈ পৰিছে। ইউৰোপৰ দেশ সমূহত পাৰাস্তম্ভই  প্ৰায় ৪০ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। ভাইৰেল হোৱা কেইখনমান ছবিত পৰিস্থিতিয়ে  কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। 

কিছুমান ছবিত  ৰেলৰ ছিগনেল পৰ্যন্ত গৰমত মমৰ দৰে  গলি যোৱা দেখা গৈছে।অত্যধিক গৰমৰ বাবেই  ৰে’ল চলাচলো ব্যাহত হৈ  পৰিছে। ব্ৰিটেইনৰ নেচনেল ৰে’লৱেই গৰমত ৰে’লৰ ছিগনেল গলি যোৱা  ছবিবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। যাত্ৰীসকলক সতৰ্ক হৈ থাকিবলৈও ৰে’ল বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।ব্ৰিটেইনৰ  ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে কেৱল ছিগনেল গলি যোৱাই নহয়,  নহয়, ৰে'লপথতো জুই লাগি থকা দেখা গৈছে।  

ব্ৰিটেইনত  গৰমৰ ফলত এতিয়ালৈকে  ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰে'লপথৰ লগতে ৰাস্তাৰ পিটচ গলি যোৱাৰ বাবে যান-বাহনৰ চলাচলো ব্যাহত হৈ পৰিছে। ব্ৰিটেইনৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি  অহা ৪৮  ঘণ্টাত তাপমাত্ৰা আৰু বৃদ্ধি পাব।

ব্ৰিটেইনত  প্ৰথমবাৰৰ বাবে তাপমাত্ৰা ৪০ ডিগ্ৰীলৈবৃদ্ধি পাইছে। ৰে’ললাইন আৰু ৰে’লৰ ছিগনেল  গলি যোৱাৰ ছবি ভাইৰেল হৈপৰাৰ পিছতে বিশ্বৰ আন দেশৰ লোকসকল অধিক উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই  এনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি