--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনকে ধৰি  সমগ্ৰ ইউৰোপকে দহি নিছে  তীব্ৰ তাপ প্ৰবাহে ।এতিয়ালৈকে গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰি লণ্ডনতে কেইবাজনো লোকৰ মৃত্যু ঘটিছে। লণ্ডনবাসীয়ে কেতিয়াও নেদেখা এক পৰিস্থিতিৰ মুখামুখী হৈছে। 

ব্ৰিটেইনৰ লগতে   পৰ্তুগাল, স্পেইন, ফ্ৰান্স, গ্ৰীচ আৰু ক্ৰোৱেছিয়াৰ দৰে দেশতো যেন আকাশৰ পৰা  জুই বৰষিছে। গ্ৰীষ্ম প্ৰবাহৰ ফলত সেই দেশ সমূহত জন-জীৱন ব্যাহত হৈ পৰিছে। ইউৰোপৰ দেশ সমূহত পাৰাস্তম্ভই  প্ৰায় ৪০ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। ভাইৰেল হোৱা কেইখনমান ছবিত পৰিস্থিতিয়ে  কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। 

কিছুমান ছবিত  ৰেলৰ ছিগনেল পৰ্যন্ত গৰমত মমৰ দৰে  গলি যোৱা দেখা গৈছে।অত্যধিক গৰমৰ বাবেই  ৰে’ল চলাচলো ব্যাহত হৈ  পৰিছে। ব্ৰিটেইনৰ নেচনেল ৰে’লৱেই গৰমত ৰে’লৰ ছিগনেল গলি যোৱা  ছবিবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। যাত্ৰীসকলক সতৰ্ক হৈ থাকিবলৈও ৰে’ল বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।ব্ৰিটেইনৰ  ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে কেৱল ছিগনেল গলি যোৱাই নহয়,  নহয়, ৰে'লপথতো জুই লাগি থকা দেখা গৈছে।  

ব্ৰিটেইনত  গৰমৰ ফলত এতিয়ালৈকে  ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰে'লপথৰ লগতে ৰাস্তাৰ পিটচ গলি যোৱাৰ বাবে যান-বাহনৰ চলাচলো ব্যাহত হৈ পৰিছে। ব্ৰিটেইনৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি  অহা ৪৮  ঘণ্টাত তাপমাত্ৰা আৰু বৃদ্ধি পাব।

ব্ৰিটেইনত  প্ৰথমবাৰৰ বাবে তাপমাত্ৰা ৪০ ডিগ্ৰীলৈবৃদ্ধি পাইছে। ৰে’ললাইন আৰু ৰে’লৰ ছিগনেল  গলি যোৱাৰ ছবি ভাইৰেল হৈপৰাৰ পিছতে বিশ্বৰ আন দেশৰ লোকসকল অধিক উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই  এনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত