--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰ অ’পেনৰ ফাইনেলত চীনা খেলুৱৈক পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৱে। তিনি ছেট চলি থকা চূড়ান্ত খেলখনত পি ভি সিন্ধুৱে চীনৰ ৱাং জি য়িক ২১-৯, ১১-২১, ২১-১৫ গ’লত পৰাস্ত কৰে। চলিত বৰ্ষত সিন্ধুৰ এয়া চতুৰ্থটো খিতাপ। ইয়াৰ পূৰ্বে তেওঁ চৈয়দ মোদী ইণ্টাৰনেশ্যনেল আৰু ছুইছ অ’পেনত দুটাকৈ ছুপাৰ ৩০০ খিতাপ দখল কৰিছে। ছেমি ফাইনেল খেলখনত সিন্ধুৱে জাপানৰ ছাইনা কাৱাকামিক ২১-১৫, ২১-৭ গ’লত পৰাস্ত কৰে। 

বিশ্বৰ ১১ নম্বৰ খেলুৱৈ ৱাং জি য়িক পৰাস্ত কৰিবলৈ ছাইনাই বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল। অৱশ্যে শেষত তেওঁ বিজয়ীৰ হাঁহি মাৰিবলৈ সক্ষম হয়। এই মেচখনত সিন্ধুৱে এক সুন্দৰ আৰম্ভণি কৰিছিল আৰু প্ৰথমখন খেলত ২১-৯ৰ ব্যৱধানত জয়লাভ কৰিছিল। কিন্তু দ্বিতীয়খন খেলত চীনা খেলুৱৈগৰাকীয়ে কামবেক কৰি দ্বিতীয় ছেটটো ২১-১১ গ’লত জয়লাভ কৰে। এতিয়া মেচখন টাই হৈছিল আৰু তৃতীয় ছেটটোৱেই আছিল নিৰ্ণায়ক কাৰক। তৃতীয় ছেটত দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় আৰু শেষত সিন্ধুৱে ২১-১৫ ব্যৱধানত জয়লাভ কৰে। দুবাৰৰ অলিম্পিক পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধুৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে দেশৰ ক্ৰীড়াপ্ৰেমী।


এই খিতাপ জয়ৰ ফলত ২৮ জুলাইৰ পৰা বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতীয় প্ৰত্যাহ্বানৰ নেতৃত্ব দিব সিন্ধুৰ আত্মবিশ্বাস বৃদ্ধি পাব। উল্লেখ্য যে অলিম্পিকত ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ উপৰি বিশ্ব চেম্পিয়নশ্বিপত এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে সিন্ধুৱে। ইয়াৰ পূৰ্বে সিন্ধুৱে ছেমি ফাইনেলত জাপানৰ ছাইনা কাৱাকামীক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান দখল কৰিছিল। ৩২ মিনিটৰ এখন খেলত সিন্ধুৱে ২১-১৫, ২১-৭ গ’লত জয়লাভ কৰে। জাপানী দলটোৰ বিৰুদ্ধে খেলৰ পূৰ্বে জয়ৰ অভিলেখ গঢ়িছিল সিন্ধুৰ ২-০ আৰু দুয়োৰে মাজত অন্তিমখন খেল ২০১৮ চনৰ চাইনা অ’পেনত অনুষ্ঠিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ