--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰ অ’পেনৰ ফাইনেলত চীনা খেলুৱৈক পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৱে। তিনি ছেট চলি থকা চূড়ান্ত খেলখনত পি ভি সিন্ধুৱে চীনৰ ৱাং জি য়িক ২১-৯, ১১-২১, ২১-১৫ গ’লত পৰাস্ত কৰে। চলিত বৰ্ষত সিন্ধুৰ এয়া চতুৰ্থটো খিতাপ। ইয়াৰ পূৰ্বে তেওঁ চৈয়দ মোদী ইণ্টাৰনেশ্যনেল আৰু ছুইছ অ’পেনত দুটাকৈ ছুপাৰ ৩০০ খিতাপ দখল কৰিছে। ছেমি ফাইনেল খেলখনত সিন্ধুৱে জাপানৰ ছাইনা কাৱাকামিক ২১-১৫, ২১-৭ গ’লত পৰাস্ত কৰে। 

বিশ্বৰ ১১ নম্বৰ খেলুৱৈ ৱাং জি য়িক পৰাস্ত কৰিবলৈ ছাইনাই বহুত সংগ্ৰাম কৰিবলগীয়া হৈছিল। অৱশ্যে শেষত তেওঁ বিজয়ীৰ হাঁহি মাৰিবলৈ সক্ষম হয়। এই মেচখনত সিন্ধুৱে এক সুন্দৰ আৰম্ভণি কৰিছিল আৰু প্ৰথমখন খেলত ২১-৯ৰ ব্যৱধানত জয়লাভ কৰিছিল। কিন্তু দ্বিতীয়খন খেলত চীনা খেলুৱৈগৰাকীয়ে কামবেক কৰি দ্বিতীয় ছেটটো ২১-১১ গ’লত জয়লাভ কৰে। এতিয়া মেচখন টাই হৈছিল আৰু তৃতীয় ছেটটোৱেই আছিল নিৰ্ণায়ক কাৰক। তৃতীয় ছেটত দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় আৰু শেষত সিন্ধুৱে ২১-১৫ ব্যৱধানত জয়লাভ কৰে। দুবাৰৰ অলিম্পিক পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধুৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে দেশৰ ক্ৰীড়াপ্ৰেমী।


এই খিতাপ জয়ৰ ফলত ২৮ জুলাইৰ পৰা বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতীয় প্ৰত্যাহ্বানৰ নেতৃত্ব দিব সিন্ধুৰ আত্মবিশ্বাস বৃদ্ধি পাব। উল্লেখ্য যে অলিম্পিকত ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ উপৰি বিশ্ব চেম্পিয়নশ্বিপত এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে সিন্ধুৱে। ইয়াৰ পূৰ্বে সিন্ধুৱে ছেমি ফাইনেলত জাপানৰ ছাইনা কাৱাকামীক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান দখল কৰিছিল। ৩২ মিনিটৰ এখন খেলত সিন্ধুৱে ২১-১৫, ২১-৭ গ’লত জয়লাভ কৰে। জাপানী দলটোৰ বিৰুদ্ধে খেলৰ পূৰ্বে জয়ৰ অভিলেখ গঢ়িছিল সিন্ধুৰ ২-০ আৰু দুয়োৰে মাজত অন্তিমখন খেল ২০১৮ চনৰ চাইনা অ’পেনত অনুষ্ঠিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু