--°C
Loading...
Listen to Article
2 min read
80%

কান্দাহাৰ : ভাৰতৰ এগৰাকী প্ৰখ্যাত সাংবাদিকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল আফগানিস্তানত। আফগানিস্তানত চৰকাৰ-তালিবানৰ মাজত চলি থকা সংঘাতৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে প্ৰাণ হেৰুৱায় পুলিৎজাৰ বঁটা বিজয়ী ফটো সাংবাদিক ডানিছ ছিদ্দিকীয়ে। শুকুৰবাৰে আফগানিস্তান-পাকিস্তানৰ সীমান্তৱৰ্তী চহৰ স্পিন বোলডাকত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰয়টাৰ্ছত কৰ্মৰত সাংবাদিকগৰাকীয়ে দীঘলীয়া সময় ধৰি তালিবানী সন্ত্ৰাসত জৰ্জৰিত দেশখনত নিজৰ দায়িত্ব পালন কৰি আছিল। তালিবানৰ গুলীতেই তেওঁৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে যদিও তালিবানে এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে।

তালিবানৰ দখলত পৰা স্পিন বোলডাক অঞ্চলটো পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ আফগান সেনাই চলোৱা অভিযানৰ সময়তে তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। তালিবানে আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘তেওঁৰ কেনেকৈ মৃত্যু হ’ল। কাৰ গুলীয়ে তেওঁৰ প্ৰাণ ল’লে আমি সেইকথা নাজানো। যিকোনো সাংবাদিকেই ৱাৰ জ’নত প্ৰৱেশ কৰিলে আমাক অৱগত কৰা উচিত। আমি তেতিয়া তেওঁৰ উচিত চোৱাচিতাৰ ব্যৱস্থা কৰিব পাৰোঁ।’ তালিবান সন্ত্ৰাসবাদীৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ডানিছ ছিদ্দিকীৰ মৃত্যুত খেদো প্ৰকাশ কৰে। উল্লেখ্য যে, ২০১০ চনৰ পৰা ৰয়টাৰ্ছত ফটো সাংবাদিক হিচাপে কৰ্মৰত ডানিছ ছিদ্দিকীয়ে ইৰাক, হংকং, নেপাল আদিৰ দৰে যুদ্ধজৰ্জৰ অঞ্চলত সাহসিকতাৰে নিজৰ দায়িত্ব পালন কৰি আহিছিল। ২০১৮চনত ৰয়টাৰ্ছৰ হৈ পুলিৎজাৰ লাভ কৰা সাংবাদিকৰ দলটোৰ তেৱোঁ সদস্য আছিল। ৩৮বছৰীয়া ডানিছ ছিদ্দিকীৰ মৃত্যুৱে বিশ্বজুৰি আলোড়ন তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ