--°C
Loading...
Listen to Article
2 min read
80%

কান্দাহাৰ : ভাৰতৰ এগৰাকী প্ৰখ্যাত সাংবাদিকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল আফগানিস্তানত। আফগানিস্তানত চৰকাৰ-তালিবানৰ মাজত চলি থকা সংঘাতৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে প্ৰাণ হেৰুৱায় পুলিৎজাৰ বঁটা বিজয়ী ফটো সাংবাদিক ডানিছ ছিদ্দিকীয়ে। শুকুৰবাৰে আফগানিস্তান-পাকিস্তানৰ সীমান্তৱৰ্তী চহৰ স্পিন বোলডাকত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰয়টাৰ্ছত কৰ্মৰত সাংবাদিকগৰাকীয়ে দীঘলীয়া সময় ধৰি তালিবানী সন্ত্ৰাসত জৰ্জৰিত দেশখনত নিজৰ দায়িত্ব পালন কৰি আছিল। তালিবানৰ গুলীতেই তেওঁৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে যদিও তালিবানে এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে।

তালিবানৰ দখলত পৰা স্পিন বোলডাক অঞ্চলটো পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ আফগান সেনাই চলোৱা অভিযানৰ সময়তে তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। তালিবানে আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘তেওঁৰ কেনেকৈ মৃত্যু হ’ল। কাৰ গুলীয়ে তেওঁৰ প্ৰাণ ল’লে আমি সেইকথা নাজানো। যিকোনো সাংবাদিকেই ৱাৰ জ’নত প্ৰৱেশ কৰিলে আমাক অৱগত কৰা উচিত। আমি তেতিয়া তেওঁৰ উচিত চোৱাচিতাৰ ব্যৱস্থা কৰিব পাৰোঁ।’ তালিবান সন্ত্ৰাসবাদীৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ডানিছ ছিদ্দিকীৰ মৃত্যুত খেদো প্ৰকাশ কৰে। উল্লেখ্য যে, ২০১০ চনৰ পৰা ৰয়টাৰ্ছত ফটো সাংবাদিক হিচাপে কৰ্মৰত ডানিছ ছিদ্দিকীয়ে ইৰাক, হংকং, নেপাল আদিৰ দৰে যুদ্ধজৰ্জৰ অঞ্চলত সাহসিকতাৰে নিজৰ দায়িত্ব পালন কৰি আহিছিল। ২০১৮চনত ৰয়টাৰ্ছৰ হৈ পুলিৎজাৰ লাভ কৰা সাংবাদিকৰ দলটোৰ তেৱোঁ সদস্য আছিল। ৩৮বছৰীয়া ডানিছ ছিদ্দিকীৰ মৃত্যুৱে বিশ্বজুৰি আলোড়ন তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু