--°C
Loading...
Listen to Article
2 min read
80%

জেনেভা : ক’ভিড -১৯ বিশ্বৰ স্বাস্থ্য খণ্ডৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বানত পৰিণত হৈছে। ইয়াক নিয়ন্ত্ৰণ কৰাৰ কোনো কাৰ্যকৰী উপায় উদ্ভাৱন নোহোৱাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে সংকট। বৃহস্পতিবাৰে হুৰ মুৰব্বীয়ে কৰিছে আন এক উদ্বেগজনক মন্তব্য। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম ঘেব্ৰিয়েছাছে মন্তব্য কৰিছে যে, বিশ্বত এতিয়া কোভিড-১৯ৰ তৃতীয় লহৰৰ প্ৰাথমিক স্তৰ চলি আছে। কোভিডৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে তেওঁ তৃতীয় লহৰৰ আগ্ৰাসন সম্পৰ্কীয় সতৰ্কবাণী দিয়ে।

তেওঁ কয়, দুৰ্ভাগ্যজনকভাৱে আমি এতিয়া কোভিড ১৯ৰ তৃতীয় লহৰৰ প্ৰাথমিক স্তৰত উপনীত হৈছোঁ। কোভিডৰ ডেল্টা সংক্ৰমণৰ তীব্ৰতা তথা ইয়াৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পোৱা সন্দৰ্ভতো তেওঁ উদ্বেগ প্ৰকাশ কৰে। এই পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে টিকাকৰণ যে কাৰ্যকৰী এক উপায় সেই সন্দৰ্ভতো তেওঁ নিজৰ মত ব্যক্ত কৰে। তেওঁ কয়, কোভিডৰ ডেল্টা প্ৰকাৰ ১১১খনতকৈও অধিক দেশত এতিয়া বিয়পি পৰিছে। আৰু ইয়াৰ সংক্ৰমণে অধিক ব্যাপক ৰূপ ধাৰণ কৰাৰ আশংকা থকাৰ কথাও তেওঁ ব্যক্ত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ